--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ মৰবিৰ দলং দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌযাওঁতেই আৰক্ষীয়ে আদালতত দিয়া ভাষ্যই সৃষ্টি কৰিছে নতুন বিতৰ্কৰ৷ মৰবিৰ দলং দুৰ্ঘটনা ঈশ্বৰৰ ইচ্ছাতহে সংঘটিত হৈছিল বুলি আদালতত ভাষ্য প্ৰদান কৰিছে আৰক্ষীয়ে৷

আৰক্ষীয়ে আদালতক মামৰ খোৱা তাঁৰ কেতিয়াও মেৰামতি কৰা হোৱা নাই বুলিও ভাষ্য প্ৰদান কৰিছে৷ দেওবাৰে গুজৰাটৰ মৰবিত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ১৩০টাতকৈও অধিক পৰিয়াল বিধ্বস্ত হয়। যাৰ পাছত বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থাপিত হয়৷ যাৰ শুনানি আদালতে ১৪ নৱেম্বৰত অনুষ্ঠিত কৰিব৷ একে সময়তে মৰবি আৰক্ষীয়ে দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় আদালতত তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰে। য’ত এটা অদ্ভুত বিবৃতি দিয়া হৈছে।

মৰবিৰ উপ-আৰক্ষী অধীক্ষক পি এ জালাই মঙলবাৰে আদালতক কৈছিল যে দুলি থকা দলংখনৰ তাঁৰবোৰ মামৰে খাইছিল আৰু সেইবোৰ মেৰামতি কৰা হ'লে দুৰ্ঘটনাটো নহ'লহেঁতেন। আনহাতে, দলংখনৰ তত্বাৱধানৰ বাবে দায়বদ্ধ আৰু গ্ৰেপ্তাৰ হোৱা নজন লোকৰ ভিতৰত এজন অৰেভা কোম্পানীৰ মেনেজাৰ দীপক পাৰেখে কয় যে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাটো ঈশ্বৰৰ ইচ্ছা৷

মৰবি কেবল ব্ৰীজ দুৰ্ঘটনাত এতিয়ালৈকে ১৩৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, এতিয়াও সাহায্যৰ কাম চলি আছে। এক প্ৰতিবেদন অনুসৰি ডিএছপি জালাই গ্ৰেপ্তাৰ কৰা নজন ব্যক্তিৰ ভিতৰত চাৰিজনৰ ১০ দিনৰ জিম্মাত বিচাৰিছে। একে সময়তে তেওঁ আদালত কক্ষত কয় যে গান্ধীনগৰৰ এটা দলৰ ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি দলংখনত কিমান জন লোক উপস্থিত থাকিব লাগে আৰু চৰকাৰৰ অনুমোদন অবিহনে তাৰ ক্ষমতা নিৰ্ধাৰণ নকৰাকৈ ২৬ অক্টোবৰত দলংখন মুকলি কৰা হৈছিল। ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ অংশ হিচাপে কোনো জীৱন ৰক্ষাকাৰী সঁজুলি বা লাইফগাৰ্ড মোতায়েন কৰা হোৱা নাছিল। 

জালাই কৈছিল যে দলংখন তাঁৰত ওলমি আছিল আৰু সেইবোৰত কোনো তেল বা গ্ৰীজ কৰা নাছিল। য'ৰ পৰা তাঁৰবোৰ ভাঙি পেলোৱা হৈছিল৷ তেওঁ কয়, যদি তাঁৰবোৰ মেৰামতি কৰা হ’লহেঁতেন দুৰ্ঘটনাটো নহ'লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement