--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু সময়ত এনে খবৰ পোহৰলৈ আহিছে যে ৰেলৰ খুন্দাত কোনোবা জন্তুৰ মৃত্যু হৈছে। এনে খবৰ শুনি নিশ্চয় দুখ লাগে, কিন্তু আমি কি কৰিম। এতিয়া জন্তুটোক কেনেকৈ বুজাব যে ৰেলৰ সন্মুখলৈ যোৱা মানে মৃত্যু।  জন্তুটোৱে প্ৰযুক্তিৰ এই পৃথিৱীৰ  বাহিৰেও নিজৰ প্ৰাকৃতিক জগতখনত বাস কৰে। এনে প্ৰতিটো খবৰে আমাক দুখ দিয়ে, কিন্তু জীৱ-জন্তুৰ মৃত্যুৰ সৈতে জড়িত কেগৰ পৰিসংখ্যাই আপোনাক স্তম্ভিত কৰি তুলিব। কেগৰ তথ্য অনুসৰি ৰে’লৰ ট্ৰেকত মৃত্যু হৈছে হাজাৰ হাজাৰ জীৱ-জন্তুৰ।

CAGৰ তথ্য অনুসৰি ২০১৭-১৮ চনৰ পৰা ২০২০-২১ চনৰ ভিতৰত ভাৰতত ৩টা এছিয়াটিক সিংহ আৰু ৭৩টা হাতীকে ধৰি ৬৩ হাজাৰৰো অধিক প্ৰাণীৰ মৃত্যু হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ লগতে কেগেও এনেধৰণৰ ঘটনা ৰোধৰ বাবে ৰে’লৱে গ্ৰহণ কৰা পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে। আচলতে কেগ এজন নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক, আৰু তেওঁ যোৱা মাহত সংসদত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। কেগে কৈছে যে জীৱ-জন্তুৰ মৃত্যু ৰোধৰ বাবে পৰিৱেশ আৰু বন মন্ত্ৰালয় আৰু ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা ৰেলৱেৰ দ্বাৰা কঠোৰভাৱে পালন কৰিলে হৈছে বুলি ৰে’লৱে নিশ্চিত কৰিব লাগে। এনে ঘটনা ৰোধ কৰিবলৈ দিয়া পৰামৰ্শইহে এই সংখ্যা হ্ৰাস কৰিব পাৰে।

৩ বছৰৰ প্ৰতিবেদনত কি পোৱা গৈছিল?
এই ৩ বছৰত ৰেলপথত ৭৩টা হাতী আৰু চাৰিটা সিংহকে ধৰি ৬৩,৩৪৫টা জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছে। কেগে আৰু উল্লেখ কৰে যে দুয়োটা মন্ত্ৰালয়ে যৌথভাৱে ২০১০ চনত ৰে’লৱেৰ বাবে এটা সাধাৰণ পৰামৰ্শ জাৰি কৰিছিল যাতে হাতী জড়িত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। এতিয়া আমি পৰামৰ্শৰ কথা ইমানেই কৈছো, পৰামৰ্শৰ ভিতৰত ৰেলপথ আদিৰ কাষত থকা গছ-গছনি পৰিষ্কাৰ কৰা আছিল অন্যতম পৰামৰ্শ। যাতে জীৱ-জন্তু চৰিবলৈ ট্ৰেকৰ ওচৰলৈ নাহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু