--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু সময়ত এনে খবৰ পোহৰলৈ আহিছে যে ৰেলৰ খুন্দাত কোনোবা জন্তুৰ মৃত্যু হৈছে। এনে খবৰ শুনি নিশ্চয় দুখ লাগে, কিন্তু আমি কি কৰিম। এতিয়া জন্তুটোক কেনেকৈ বুজাব যে ৰেলৰ সন্মুখলৈ যোৱা মানে মৃত্যু।  জন্তুটোৱে প্ৰযুক্তিৰ এই পৃথিৱীৰ  বাহিৰেও নিজৰ প্ৰাকৃতিক জগতখনত বাস কৰে। এনে প্ৰতিটো খবৰে আমাক দুখ দিয়ে, কিন্তু জীৱ-জন্তুৰ মৃত্যুৰ সৈতে জড়িত কেগৰ পৰিসংখ্যাই আপোনাক স্তম্ভিত কৰি তুলিব। কেগৰ তথ্য অনুসৰি ৰে’লৰ ট্ৰেকত মৃত্যু হৈছে হাজাৰ হাজাৰ জীৱ-জন্তুৰ।

CAGৰ তথ্য অনুসৰি ২০১৭-১৮ চনৰ পৰা ২০২০-২১ চনৰ ভিতৰত ভাৰতত ৩টা এছিয়াটিক সিংহ আৰু ৭৩টা হাতীকে ধৰি ৬৩ হাজাৰৰো অধিক প্ৰাণীৰ মৃত্যু হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ লগতে কেগেও এনেধৰণৰ ঘটনা ৰোধৰ বাবে ৰে’লৱে গ্ৰহণ কৰা পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে। আচলতে কেগ এজন নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক, আৰু তেওঁ যোৱা মাহত সংসদত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। কেগে কৈছে যে জীৱ-জন্তুৰ মৃত্যু ৰোধৰ বাবে পৰিৱেশ আৰু বন মন্ত্ৰালয় আৰু ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা ৰেলৱেৰ দ্বাৰা কঠোৰভাৱে পালন কৰিলে হৈছে বুলি ৰে’লৱে নিশ্চিত কৰিব লাগে। এনে ঘটনা ৰোধ কৰিবলৈ দিয়া পৰামৰ্শইহে এই সংখ্যা হ্ৰাস কৰিব পাৰে।

৩ বছৰৰ প্ৰতিবেদনত কি পোৱা গৈছিল?
এই ৩ বছৰত ৰেলপথত ৭৩টা হাতী আৰু চাৰিটা সিংহকে ধৰি ৬৩,৩৪৫টা জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছে। কেগে আৰু উল্লেখ কৰে যে দুয়োটা মন্ত্ৰালয়ে যৌথভাৱে ২০১০ চনত ৰে’লৱেৰ বাবে এটা সাধাৰণ পৰামৰ্শ জাৰি কৰিছিল যাতে হাতী জড়িত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। এতিয়া আমি পৰামৰ্শৰ কথা ইমানেই কৈছো, পৰামৰ্শৰ ভিতৰত ৰেলপথ আদিৰ কাষত থকা গছ-গছনি পৰিষ্কাৰ কৰা আছিল অন্যতম পৰামৰ্শ। যাতে জীৱ-জন্তু চৰিবলৈ ট্ৰেকৰ ওচৰলৈ নাহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক