ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগোলাই বাঁহবাৰী অঞ্চলৰ এগৰাকী বোৱাৰী ২৬ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বৰগোলাইৰ বাঁহবাৰী অঞ্চলৰ সঞ্জীৱ ছেত্ৰীৰ পত্নী অনিতা ছেত্ৰী নামৰ মহিলাগৰাকী ২৬ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাত দিকবিদিক হেৰুৱাইছে পৰিয়ালৰ লোকে।
২৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত পানকাৰ্ড আনিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে অনিতা ছেত্ৰী । মহিলাগৰাকীয়ে নিজৰ যাবতীয় ডকুমেণ্টসহ নগদ চল্লিশ হাজাৰ টকা লৈ যায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
মহিলাগৰাকীয়ে নিজৰ দুবছৰীয়া এগৰাকী কন্যা সন্তান এৰি যায়। কণমানি সন্তানটিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰিছে।
পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে বিচাৰি সন্ধান নোপোৱাত নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে বোৱাৰীগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ সন্ধান লাভ কৰা নাই।
পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 8135035771 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।