--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 8135035771 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগোলাই বাঁহবাৰী অঞ্চলৰ এগৰাকী বোৱাৰী ২৬ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বৰগোলাইৰ বাঁহবাৰী অঞ্চলৰ সঞ্জীৱ ছেত্ৰীৰ পত্নী অনিতা ছেত্ৰী নামৰ মহিলাগৰাকী ২৬ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাত দিকবিদিক হেৰুৱাইছে পৰিয়ালৰ লোকে।


২৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত পানকাৰ্ড আনিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে অনিতা ছেত্ৰী । মহিলাগৰাকীয়ে নিজৰ যাবতীয় ডকুমেণ্টসহ নগদ চল্লিশ হাজাৰ টকা লৈ যায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।


মহিলাগৰাকীয়ে নিজৰ দুবছৰীয়া এগৰাকী কন্যা সন্তান এৰি যায়। কণমানি সন্তানটিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰিছে।


পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে বিচাৰি সন্ধান নোপোৱাত নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে বোৱাৰীগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ সন্ধান লাভ কৰা নাই।


পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 8135035771 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন