--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ যিটো বয়সত বহু তৰুণ-তৰুণীয়ে সংস্থাপনৰ কথা ভাবি  টোপনি ক্ষতি কৰিছে সেই সময়তে মাত্ৰ ২৭ বছৰ বয়সতে এগৰাকী ভাৰতীয় তৰুণীয়ে ৯,০০০ কোটি টকাৰ গৰাকী হৈছে৷   মাত্ৰ সাতাইশ বছৰ বয়সতে এইগৰাকী তৰুণীয়ে   অসম্ভৱকো সম্ভৱ কৰি তুলিছে। নাম তেওঁৰ  অংকিতি বসু।

তেওঁ মাত্ৰ ২১ লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল। মাত্ৰ চাৰি বছৰত সেয়া  ৯,৮০০ কোটি টকালৈ বৃদ্ধি পাইছে। যদি কোম্পানী এটাৰ ব্যৱসায়ে ১ বিলিয়ন অতিক্ৰম কৰে, তেন্তে কোম্পানীটোৱে ইউনিকৰ্ণ টেগত আহে। অংকিতিৰ ফেশ্বন ই-কমাৰ্চ কোম্পানী জিলিঙ্গোৰ ক্ষেত্ৰতো সেয়াই হৈছে৷ কোম্পানীটোৱে   ইতিমধ্যে  ইউনিকৰ্ণ টেগত লাভ কৰিছে। এনে টেগৰ বাবে নিৰ্বাচিত হোৱা আটাইতকৈ কনিষ্ঠ ভাৰতীয় মহিলা হৈছে অংকিতি৷ অংকিতি  হৈছে ইউনিকৰ্ণ কোম্পানীএটাৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।

অংকিতি বসুৱে  ২০১২ চনত মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত অৰ্থনীতি আৰু গণিত বিষয়ত  অধ্যয়ন কৰে। তাৰ পিছত তেওঁ আমেৰিকান পৰামৰ্শদাতা প্ৰতিষ্ঠান মেকিনচেৰ মুম্বাই শাখাত কাম কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ আন এটা আমেৰিকাৰ কোম্পানী চিকুয়া কেপিটেলছৰ বাংগালোৰৰ কাৰ্যালয়ত যোগদান কৰে। সেই সময়তে  তেওঁ বাংগালুৰুত ২৪ বছৰীয়া ধ্ৰুৱ কাপুৰক লগ পায়। আইআইটি গুৱাহাটীৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত ধ্ৰুৱই গেমিং ষ্টুডিঅ' কিৱি আইএনচিত ছফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰি আছিল।

তেওঁলোক দুয়োৱে চাকৰি এৰি নিজাকৈ কিবা কৰাৰ সপোন দেখিছিল। প্ৰথমতে তেওঁলোকে এটা ই-কমাৰ্চ ছাইট খোলাৰ কথা ভাবিছিল। কিন্তু ভাৰততফ্লিপকাৰ্ট, আমাজনৰ দৰে কোম্পানীবোৰ আছেই। সেয়ে সেই চিন্তা বাদ দিছিল৷ 

বেংকক ভ্ৰমণৰ সময়ত অংকিতিৰ চকু মুকলি হৈছিল। তেওঁ বেংককৰ বজাৰত প্ৰৱেশ কৰিছিল আৰু স্থানীয় ডিজাইনাৰসকলৰ কাপোৰ, জোতা, মোনা আৰু আনুষঙ্গিক সামগ্ৰী আদি মনোযোগ দি চাইছিল৷ ভাষাৰ সমস্যাৰ বাবে তেওঁ অনুভৱ কৰিছিল যে স্থানীয় ব্যৱসায়ীসকলৰ বাবে সেইবোৰ বাহিৰৰ লোকক দিয়াটো সম্ভৱ নহয়। তেতিয়াই নতুন ধাৰণা এটা অংকিতিৰ মনলৈ আহে। ঘৰলৈ উভতি অহাৰ পিছত অংকিতিয়ে ধ্ৰুৱৰ সৈতে এই বিষয়ত আলোচনা কৰে। তেওঁলোকে তেওঁলোকৰ চাকৰি এৰি ২১ লাখ টকাৰ মূলধনেৰে  কাম কৰিবলৈ আৰম্ভ কৰিলে৷ 

কিন্তু পথটো বৰ  সহজ নাছিল। বজাৰ গৱেষণা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক প্ৰায় এবছৰ সময় লাগিছিল। অংকিতিয়ে বেংককৰ বজাৰ পৰিদৰ্শন কৰি আৰু ব্যৱসায়ীসকলৰ মাজত অনলাইন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বিকশিত কৰিবলৈ আৰম্ভ কৰিছিল। বাংগালোৰত বহি ধ্ৰুৱে কাৰিকৰী দিশটো চম্ভালিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে দক্ষিণ এছিয়াৰ বজাৰ দখল কৰিবলৈ আগ্ৰহী আছিল। তেনেকৈয়ে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছিল। যোৱা চাৰি বছৰত জিলিঙ্গোৱে ছিংগাপুৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, টাইৱান, চীন, কোৰিয়া আৰু কম্বোডিয়াৰ বজাৰ দখল কৰাত সফল হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াতো লেনদেন আৰম্ভ হৈছে।

অংকিতিয়ে  জিলিঙ্গোত ২২৬ নিযুত ডলাৰ বিনিয়োগ কৰিছে। বিশাল বিনিয়োগ  ছিংগাপুৰৰ তামছেক হোল্ডিং প্ৰাইভেট লিমিটেডত আছে। অংকিতি এই মুহূৰ্তত জিলিঙ্গোৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ ছিংগাপুৰত থকা কোম্পানীৰ মুখ্য কাৰ্যালয় পৰিচালনা কৰে। ধ্ৰুৱই  বাংগালুৰুত  ১০০ জন শ্ৰমিকক নেতৃত্ব দিয়ে। তেওঁ কোম্পানীটোৰ কাৰিকৰী মুৰব্বী (চিটিঅ')।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু