--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ যিটো বয়সত বহু তৰুণ-তৰুণীয়ে সংস্থাপনৰ কথা ভাবি  টোপনি ক্ষতি কৰিছে সেই সময়তে মাত্ৰ ২৭ বছৰ বয়সতে এগৰাকী ভাৰতীয় তৰুণীয়ে ৯,০০০ কোটি টকাৰ গৰাকী হৈছে৷   মাত্ৰ সাতাইশ বছৰ বয়সতে এইগৰাকী তৰুণীয়ে   অসম্ভৱকো সম্ভৱ কৰি তুলিছে। নাম তেওঁৰ  অংকিতি বসু।

তেওঁ মাত্ৰ ২১ লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল। মাত্ৰ চাৰি বছৰত সেয়া  ৯,৮০০ কোটি টকালৈ বৃদ্ধি পাইছে। যদি কোম্পানী এটাৰ ব্যৱসায়ে ১ বিলিয়ন অতিক্ৰম কৰে, তেন্তে কোম্পানীটোৱে ইউনিকৰ্ণ টেগত আহে। অংকিতিৰ ফেশ্বন ই-কমাৰ্চ কোম্পানী জিলিঙ্গোৰ ক্ষেত্ৰতো সেয়াই হৈছে৷ কোম্পানীটোৱে   ইতিমধ্যে  ইউনিকৰ্ণ টেগত লাভ কৰিছে। এনে টেগৰ বাবে নিৰ্বাচিত হোৱা আটাইতকৈ কনিষ্ঠ ভাৰতীয় মহিলা হৈছে অংকিতি৷ অংকিতি  হৈছে ইউনিকৰ্ণ কোম্পানীএটাৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।

অংকিতি বসুৱে  ২০১২ চনত মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত অৰ্থনীতি আৰু গণিত বিষয়ত  অধ্যয়ন কৰে। তাৰ পিছত তেওঁ আমেৰিকান পৰামৰ্শদাতা প্ৰতিষ্ঠান মেকিনচেৰ মুম্বাই শাখাত কাম কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ আন এটা আমেৰিকাৰ কোম্পানী চিকুয়া কেপিটেলছৰ বাংগালোৰৰ কাৰ্যালয়ত যোগদান কৰে। সেই সময়তে  তেওঁ বাংগালুৰুত ২৪ বছৰীয়া ধ্ৰুৱ কাপুৰক লগ পায়। আইআইটি গুৱাহাটীৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত ধ্ৰুৱই গেমিং ষ্টুডিঅ' কিৱি আইএনচিত ছফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰি আছিল।

তেওঁলোক দুয়োৱে চাকৰি এৰি নিজাকৈ কিবা কৰাৰ সপোন দেখিছিল। প্ৰথমতে তেওঁলোকে এটা ই-কমাৰ্চ ছাইট খোলাৰ কথা ভাবিছিল। কিন্তু ভাৰততফ্লিপকাৰ্ট, আমাজনৰ দৰে কোম্পানীবোৰ আছেই। সেয়ে সেই চিন্তা বাদ দিছিল৷ 

বেংকক ভ্ৰমণৰ সময়ত অংকিতিৰ চকু মুকলি হৈছিল। তেওঁ বেংককৰ বজাৰত প্ৰৱেশ কৰিছিল আৰু স্থানীয় ডিজাইনাৰসকলৰ কাপোৰ, জোতা, মোনা আৰু আনুষঙ্গিক সামগ্ৰী আদি মনোযোগ দি চাইছিল৷ ভাষাৰ সমস্যাৰ বাবে তেওঁ অনুভৱ কৰিছিল যে স্থানীয় ব্যৱসায়ীসকলৰ বাবে সেইবোৰ বাহিৰৰ লোকক দিয়াটো সম্ভৱ নহয়। তেতিয়াই নতুন ধাৰণা এটা অংকিতিৰ মনলৈ আহে। ঘৰলৈ উভতি অহাৰ পিছত অংকিতিয়ে ধ্ৰুৱৰ সৈতে এই বিষয়ত আলোচনা কৰে। তেওঁলোকে তেওঁলোকৰ চাকৰি এৰি ২১ লাখ টকাৰ মূলধনেৰে  কাম কৰিবলৈ আৰম্ভ কৰিলে৷ 

কিন্তু পথটো বৰ  সহজ নাছিল। বজাৰ গৱেষণা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক প্ৰায় এবছৰ সময় লাগিছিল। অংকিতিয়ে বেংককৰ বজাৰ পৰিদৰ্শন কৰি আৰু ব্যৱসায়ীসকলৰ মাজত অনলাইন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বিকশিত কৰিবলৈ আৰম্ভ কৰিছিল। বাংগালোৰত বহি ধ্ৰুৱে কাৰিকৰী দিশটো চম্ভালিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে দক্ষিণ এছিয়াৰ বজাৰ দখল কৰিবলৈ আগ্ৰহী আছিল। তেনেকৈয়ে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছিল। যোৱা চাৰি বছৰত জিলিঙ্গোৱে ছিংগাপুৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, টাইৱান, চীন, কোৰিয়া আৰু কম্বোডিয়াৰ বজাৰ দখল কৰাত সফল হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াতো লেনদেন আৰম্ভ হৈছে।

অংকিতিয়ে  জিলিঙ্গোত ২২৬ নিযুত ডলাৰ বিনিয়োগ কৰিছে। বিশাল বিনিয়োগ  ছিংগাপুৰৰ তামছেক হোল্ডিং প্ৰাইভেট লিমিটেডত আছে। অংকিতি এই মুহূৰ্তত জিলিঙ্গোৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ ছিংগাপুৰত থকা কোম্পানীৰ মুখ্য কাৰ্যালয় পৰিচালনা কৰে। ধ্ৰুৱই  বাংগালুৰুত  ১০০ জন শ্ৰমিকক নেতৃত্ব দিয়ে। তেওঁ কোম্পানীটোৰ কাৰিকৰী মুৰব্বী (চিটিঅ')।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক