--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় জন্ম,মৃত্যু, বিবাহ ওপৰৱালাই নিৰ্দিষ্ট কৰি ৰাখে। এই তিনিওটাত আমাৰ হাত একেবাৰে নাই।  উত্তৰ প্ৰদেশৰ(Uttar Pradesh) আগ্ৰা জিলাৰ বাহত এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দৰাৰ বয়স ৮০ আৰু কইনাৰ বয়স ৭০। দৰাৰ নাম মাতা প্ৰসাদ সান্থিয়া আৰু কইনাৰ নাম ভৱেশ্বৰী। মাত্ৰ ৫ মিনিটৰ বাবে লগ পায়েই দুয়ো জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে। মাতা প্ৰসাদ সান্থিয়া আৰু ভৱেশ্বৰীয়ে বিয়া পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি একেলগে থকাৰ সিদ্ধান্ত লয়। 

খাদ্য সুৰক্ষা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা মাতা প্ৰসাদ সান্থিয়াই আঠ মাহ আগতে ফেচবুকত মধ্য প্ৰদেশত জনসেৱাৰ কাম কৰাৰ ইচ্ছাৰ কথা পোষ্ট কৰিছিল। এই ফেচবুক পোষ্টটো আন্ধেৰী মুম্বাইৰ বাসিন্দা প্ৰাক্তন অধ্যক্ষ ভৱেশ্বৰীয়ে পছন্দ কৰিছিল আৰু কামত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পাছতেই ভৱেশ্বৰী উজ্জয়িনীলৈ আহিছিল। তাৰপাছত তাত পাঁচ মিনিটৰ সভাত দুয়ো দুয়োকে লগ পাইছিল আৰু ইয়াৰ পাছতেই তেওঁলোক দুয়ো একেলগে থকাৰ সিদ্ধান্ত লৈছিল।
 

মাতা প্ৰসাদ সান্থিয়া আৰু ভৱেশ্বৰীয়ে তেওঁলোকৰ পৰিয়ালৰ সন্মতি গ্ৰহণ কৰিছিল আৰু ২২ এপ্ৰিলত মুম্বাইৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া দুয়ো ফাৰাইৰা গাঁৱত এক বৃদ্ধাশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তেওঁলোকে কৈছিল যে এই বৃদ্ধাশ্ৰমত নিৰাশ্ৰয়ীসকলে সুন্দৰকৈ আশ্ৰয় লাভ কৰিব। এই নৱ দম্পতীয়ে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সমাজ সেৱা কৰি যাব বুলি সিদ্ধান্ত লৈছে।  প্ৰাক্তন উপায়ুক্ত মাতা প্ৰসাদে কৈছিল যে অৱসৰ গ্ৰহণ কৰা আৰু তেওঁৰ পত্নীক হেৰুওৱাটোৱে তেওঁৰ জীৱনত এক শূন্যতাৰ সৃষ্টি কৰিছিল। তেওঁ সেই শূন্যতা আঁতৰাবলৈ সামাজিক সেৱা কৰি আছিল। 

এতিয়া ভৱেশ্বৰীৰ সৈতে এই সেৱাৰ কামৰ সংকল্প আৰু অধিক শক্তিশালী হ'ল বুলি মন্তব্য কৰিছে মাতা প্ৰসাদে। তেওঁৰ তিনিজন পুত্ৰ আছে আৰু তিনি পুত্ৰ বিদেশত থাকে। আনহাতে ভৱেশ্বৰীৰো স্বামী আৰু কন্যাৰ মৃত্যু ঘটাত অকলশৰীয়া জীৱন-যাপন কৰিছিল। বাকী থকা জীৱনৰ কালছোৱা সুন্দৰকৈ একেলগে কটাব বিচাৰে মাতা প্ৰসাদ আৰু ভৱেশ্বৰীয়ে।




 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস