--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় জন্ম,মৃত্যু, বিবাহ ওপৰৱালাই নিৰ্দিষ্ট কৰি ৰাখে। এই তিনিওটাত আমাৰ হাত একেবাৰে নাই।  উত্তৰ প্ৰদেশৰ(Uttar Pradesh) আগ্ৰা জিলাৰ বাহত এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দৰাৰ বয়স ৮০ আৰু কইনাৰ বয়স ৭০। দৰাৰ নাম মাতা প্ৰসাদ সান্থিয়া আৰু কইনাৰ নাম ভৱেশ্বৰী। মাত্ৰ ৫ মিনিটৰ বাবে লগ পায়েই দুয়ো জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে। মাতা প্ৰসাদ সান্থিয়া আৰু ভৱেশ্বৰীয়ে বিয়া পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি একেলগে থকাৰ সিদ্ধান্ত লয়। 

খাদ্য সুৰক্ষা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা মাতা প্ৰসাদ সান্থিয়াই আঠ মাহ আগতে ফেচবুকত মধ্য প্ৰদেশত জনসেৱাৰ কাম কৰাৰ ইচ্ছাৰ কথা পোষ্ট কৰিছিল। এই ফেচবুক পোষ্টটো আন্ধেৰী মুম্বাইৰ বাসিন্দা প্ৰাক্তন অধ্যক্ষ ভৱেশ্বৰীয়ে পছন্দ কৰিছিল আৰু কামত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পাছতেই ভৱেশ্বৰী উজ্জয়িনীলৈ আহিছিল। তাৰপাছত তাত পাঁচ মিনিটৰ সভাত দুয়ো দুয়োকে লগ পাইছিল আৰু ইয়াৰ পাছতেই তেওঁলোক দুয়ো একেলগে থকাৰ সিদ্ধান্ত লৈছিল।
 

মাতা প্ৰসাদ সান্থিয়া আৰু ভৱেশ্বৰীয়ে তেওঁলোকৰ পৰিয়ালৰ সন্মতি গ্ৰহণ কৰিছিল আৰু ২২ এপ্ৰিলত মুম্বাইৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া দুয়ো ফাৰাইৰা গাঁৱত এক বৃদ্ধাশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তেওঁলোকে কৈছিল যে এই বৃদ্ধাশ্ৰমত নিৰাশ্ৰয়ীসকলে সুন্দৰকৈ আশ্ৰয় লাভ কৰিব। এই নৱ দম্পতীয়ে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সমাজ সেৱা কৰি যাব বুলি সিদ্ধান্ত লৈছে।  প্ৰাক্তন উপায়ুক্ত মাতা প্ৰসাদে কৈছিল যে অৱসৰ গ্ৰহণ কৰা আৰু তেওঁৰ পত্নীক হেৰুওৱাটোৱে তেওঁৰ জীৱনত এক শূন্যতাৰ সৃষ্টি কৰিছিল। তেওঁ সেই শূন্যতা আঁতৰাবলৈ সামাজিক সেৱা কৰি আছিল। 

এতিয়া ভৱেশ্বৰীৰ সৈতে এই সেৱাৰ কামৰ সংকল্প আৰু অধিক শক্তিশালী হ'ল বুলি মন্তব্য কৰিছে মাতা প্ৰসাদে। তেওঁৰ তিনিজন পুত্ৰ আছে আৰু তিনি পুত্ৰ বিদেশত থাকে। আনহাতে ভৱেশ্বৰীৰো স্বামী আৰু কন্যাৰ মৃত্যু ঘটাত অকলশৰীয়া জীৱন-যাপন কৰিছিল। বাকী থকা জীৱনৰ কালছোৱা সুন্দৰকৈ একেলগে কটাব বিচাৰে মাতা প্ৰসাদ আৰু ভৱেশ্বৰীয়ে।




 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা