--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পিন বলিঙৰ বিৰুদ্ধে বিৰাট কোহলীৰ দুৰ্বলতা এতিয়াও কটা নাই। আকৌ এবাৰ তেওঁক আউট কৰিলে যুৱ স্পিনাৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ৪টা ইনিংছ খেলিছিল। চাৰিবাৰেই স্পিনাৰৰ বলি হৈছে তেওঁ। টড মাৰ্ফীয়ে তেওঁক ৩ বাৰকৈ আউট কৰিছিল। এই ছিৰিজত অভিষেক ঘটোৱা বলাৰৰ দ্বাৰা বাৰে বাৰে আউট হৈ আছে কোহলী।

চলিত শৃংখলাত নাগপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত মাৰ্ফীয়ে ১২ ৰানত কোহলীক আউট কৰে। উইকেটৰক্ষক এলেক্স কাৰৰ হাতত কেচ লৈ উভতি আহিছিল। দিল্লীত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত কোহলীক আউট কৰে অভিষেক ঘটোৱা মেথিউ কুনেমেনে। সেয়া আছিল কুনেমেনৰ প্ৰথমটো টেষ্ট উইকেট। কোহলীয়ে ৪৪ ৰান সংগ্ৰহ কৰি আছিল। দ্বিতীয় ইনিংছত কোহলীয়ে ২০ ৰান সংগ্ৰহ কৰি পুনৰ মাৰ্ফিৰ ফান্দত ভৰি দিয়ে। ষ্ট্ৰেইট বলটো মিছ কৰি ষ্টাম্প হৈ যায়।

ইন্দোৰত অনুষ্ঠিত হোৱা তৃতীয় টেষ্টতো সেয়া সলনি নহ’ল। আকৌ এবাৰ কোহলীক আউট কৰিলে মাৰ্ফীয়ে। মাৰ্ফিৰ বলৰ লাইনত ২২ ৰান হেৰুৱাই কোহলীয়ে উইকেট দখল কৰে। অৰ্থাৎ মাত্ৰ তিনিখন টেষ্ট খেলা স্পিনাৰে তিনিওখন টেষ্টতে এবাৰ তেওঁক আউট কৰিছিল।

সীমিত অভাৰৰ ক্ৰিকেটত ফৰ্ম ঘূৰি অহাৰ পিছতো টেষ্টত তেওঁৰ বেয়া সময় এতিয়াও শেষ হোৱা নাই। ২০২২ চনৰ পৰা টেষ্টত ১৪ ইনিংছত মাত্ৰ ২৯৯ ৰানহে কৰিবলৈ সক্ষম হৈছে। কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সৰ্বোচ্চ ৭৯।

এই ১৪ ইনিংছত কোহলি স্পিনাৰৰ বিৰুদ্ধে ৯ বাৰ আউট হৈছে। এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে স্পিনৰ বিৰুদ্ধে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ দুৰ্বলতা এতিয়াও কমি যোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল