--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পিন বলিঙৰ বিৰুদ্ধে বিৰাট কোহলীৰ দুৰ্বলতা এতিয়াও কটা নাই। আকৌ এবাৰ তেওঁক আউট কৰিলে যুৱ স্পিনাৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ৪টা ইনিংছ খেলিছিল। চাৰিবাৰেই স্পিনাৰৰ বলি হৈছে তেওঁ। টড মাৰ্ফীয়ে তেওঁক ৩ বাৰকৈ আউট কৰিছিল। এই ছিৰিজত অভিষেক ঘটোৱা বলাৰৰ দ্বাৰা বাৰে বাৰে আউট হৈ আছে কোহলী।

চলিত শৃংখলাত নাগপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত মাৰ্ফীয়ে ১২ ৰানত কোহলীক আউট কৰে। উইকেটৰক্ষক এলেক্স কাৰৰ হাতত কেচ লৈ উভতি আহিছিল। দিল্লীত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত কোহলীক আউট কৰে অভিষেক ঘটোৱা মেথিউ কুনেমেনে। সেয়া আছিল কুনেমেনৰ প্ৰথমটো টেষ্ট উইকেট। কোহলীয়ে ৪৪ ৰান সংগ্ৰহ কৰি আছিল। দ্বিতীয় ইনিংছত কোহলীয়ে ২০ ৰান সংগ্ৰহ কৰি পুনৰ মাৰ্ফিৰ ফান্দত ভৰি দিয়ে। ষ্ট্ৰেইট বলটো মিছ কৰি ষ্টাম্প হৈ যায়।

ইন্দোৰত অনুষ্ঠিত হোৱা তৃতীয় টেষ্টতো সেয়া সলনি নহ’ল। আকৌ এবাৰ কোহলীক আউট কৰিলে মাৰ্ফীয়ে। মাৰ্ফিৰ বলৰ লাইনত ২২ ৰান হেৰুৱাই কোহলীয়ে উইকেট দখল কৰে। অৰ্থাৎ মাত্ৰ তিনিখন টেষ্ট খেলা স্পিনাৰে তিনিওখন টেষ্টতে এবাৰ তেওঁক আউট কৰিছিল।

সীমিত অভাৰৰ ক্ৰিকেটত ফৰ্ম ঘূৰি অহাৰ পিছতো টেষ্টত তেওঁৰ বেয়া সময় এতিয়াও শেষ হোৱা নাই। ২০২২ চনৰ পৰা টেষ্টত ১৪ ইনিংছত মাত্ৰ ২৯৯ ৰানহে কৰিবলৈ সক্ষম হৈছে। কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সৰ্বোচ্চ ৭৯।

এই ১৪ ইনিংছত কোহলি স্পিনাৰৰ বিৰুদ্ধে ৯ বাৰ আউট হৈছে। এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে স্পিনৰ বিৰুদ্ধে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ দুৰ্বলতা এতিয়াও কমি যোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক