--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত তেওঁ ৰান খেদি দলটোক জয় কৰোৱাইছিল। দেওবাৰে দ্বিতীয়খন মেচত প্ৰথম বেটিং কৰি দলটোক সন্মানজনক স্ক’ৰলৈ আগবঢ়াই লৈ যায়। শেষত বেটিং কৰিবলৈ নামি প্ৰায় প্ৰতিখন মেচতে অৰিহণা যোগোৱাৰ বাবে বিখ্যাত হৈ পৰিছে ৰিংকু। খেলখনৰ শেষত  প্ৰশংসা লাভ কৰে ৰবি শাস্ত্ৰী আৰু সঞ্জয় মঞ্জৰেকাৰৰ পৰাও। কিন্তু কি ৰহস্য আছে ৰিংকুৰ বেটিঙত?

মেচখনৰ শেষলৈকে কেনেকৈ নিজৰ মনটো শীতল কৰি ৰাখিলে বুলি সোধাত ৰিংকুৱে উত্তৰ দিলে, “মই এই পজিচনত বেটিং কৰো। বহুদিনৰ পৰা এই কাম কৰি আহিছো। গতিকে মাথাটো শীতল কৰি ৰখাটো এটা অভ্যাসত পৰিণত হৈছে। এতিয়া আৰু সমস্যা নহয়।”

সাধাৰণতে ডেথ অভাৰত বলাৰসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰান কৰিবলৈ অসুবিধা নাপায় নেকি ৰিংকুৱে? ৰিংকুৰ উত্তৰ, “মই খেলপথাৰত বল ক’ত পৰিছে সেইটো বুজি পোৱাৰ পিছতহে শ্বট খেলো। শ্ল’ বল নে ফাষ্ট বল চাই খেলো।’’

আয়াৰলেণ্ড শৃংখলা, এছিয়ান গেমছৰ পিছত অষ্ট্ৰেলিয়া শৃংখলা। সূৰ্যকুমাৰ যাদৱৰ অধীনত খেলি কেনে অনুভৱ হৈছে? ৰিংকুৱে উত্তৰ দিয়ে, “মই সকলোৰে সংগ উপভোগ কৰি আছো। তেওঁলোকৰ লগত থাকিবলৈ পাই বৰ ভাল লাগিছে"

ৰিংকুৱে কয় যে দলটোত তেওঁৰ ভূমিকাও স্পষ্টকৈ উল্লেখ কৰা হৈছে। তেওঁৰ ভাষাত, “মোৰ কাম শেষত। খুব বেছি ৫-৬ অভাৰ পাওঁ। কেতিয়াবা ২ অভাৰো পাব পাৰে। সেইটো ব্যৱহাৰ কৰা উচিত।"

ইয়াৰ বাবে তেওঁ কেনেদৰে প্ৰস্তুতি চলায় সেই বিষয়ে বুজাই দি ৰিংকুৱে কয়, ‘বিশেষভাৱে অনুশীলন কৰো। মনত ৰাখো যে মই শেষৰ পাঁচজন বেটছমেনৰ ভিতৰত এজন। ভিভিএছ (লক্ষ্মণ) ছাৰেও মোক প্ৰেকটিছৰ সময়ত সেই কথা কৈছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক