--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত তেওঁ ৰান খেদি দলটোক জয় কৰোৱাইছিল। দেওবাৰে দ্বিতীয়খন মেচত প্ৰথম বেটিং কৰি দলটোক সন্মানজনক স্ক’ৰলৈ আগবঢ়াই লৈ যায়। শেষত বেটিং কৰিবলৈ নামি প্ৰায় প্ৰতিখন মেচতে অৰিহণা যোগোৱাৰ বাবে বিখ্যাত হৈ পৰিছে ৰিংকু। খেলখনৰ শেষত  প্ৰশংসা লাভ কৰে ৰবি শাস্ত্ৰী আৰু সঞ্জয় মঞ্জৰেকাৰৰ পৰাও। কিন্তু কি ৰহস্য আছে ৰিংকুৰ বেটিঙত?

মেচখনৰ শেষলৈকে কেনেকৈ নিজৰ মনটো শীতল কৰি ৰাখিলে বুলি সোধাত ৰিংকুৱে উত্তৰ দিলে, “মই এই পজিচনত বেটিং কৰো। বহুদিনৰ পৰা এই কাম কৰি আহিছো। গতিকে মাথাটো শীতল কৰি ৰখাটো এটা অভ্যাসত পৰিণত হৈছে। এতিয়া আৰু সমস্যা নহয়।”

সাধাৰণতে ডেথ অভাৰত বলাৰসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰান কৰিবলৈ অসুবিধা নাপায় নেকি ৰিংকুৱে? ৰিংকুৰ উত্তৰ, “মই খেলপথাৰত বল ক’ত পৰিছে সেইটো বুজি পোৱাৰ পিছতহে শ্বট খেলো। শ্ল’ বল নে ফাষ্ট বল চাই খেলো।’’

আয়াৰলেণ্ড শৃংখলা, এছিয়ান গেমছৰ পিছত অষ্ট্ৰেলিয়া শৃংখলা। সূৰ্যকুমাৰ যাদৱৰ অধীনত খেলি কেনে অনুভৱ হৈছে? ৰিংকুৱে উত্তৰ দিয়ে, “মই সকলোৰে সংগ উপভোগ কৰি আছো। তেওঁলোকৰ লগত থাকিবলৈ পাই বৰ ভাল লাগিছে"

ৰিংকুৱে কয় যে দলটোত তেওঁৰ ভূমিকাও স্পষ্টকৈ উল্লেখ কৰা হৈছে। তেওঁৰ ভাষাত, “মোৰ কাম শেষত। খুব বেছি ৫-৬ অভাৰ পাওঁ। কেতিয়াবা ২ অভাৰো পাব পাৰে। সেইটো ব্যৱহাৰ কৰা উচিত।"

ইয়াৰ বাবে তেওঁ কেনেদৰে প্ৰস্তুতি চলায় সেই বিষয়ে বুজাই দি ৰিংকুৱে কয়, ‘বিশেষভাৱে অনুশীলন কৰো। মনত ৰাখো যে মই শেষৰ পাঁচজন বেটছমেনৰ ভিতৰত এজন। ভিভিএছ (লক্ষ্মণ) ছাৰেও মোক প্ৰেকটিছৰ সময়ত সেই কথা কৈছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?