--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আশ্ৰয় হ’ব মাতৃ ছোনিয়া গান্ধীৰ আৱাস। সাংসদ পদ খাৰিজ হোৱাৰ পাছত ৰাহুল গান্ধীক তেওঁৰ টোঘলক লেনৰ ১২নং বাংলো খালী কৰাৰ জাননী প্ৰদান কৰা হৈছিল। 

ৰাহুলেও তেওঁৰ সাংসদ বাংলো খালী কৰি দিব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰিছিল। এই প্ৰতিশ্ৰুতি অনুসৰিয়েই এতিয়া ৰাহুল গান্ধীয়ে ১০ জনপথত থকা তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ বাসগৃহলৈ স্থানান্তৰিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 

ইতিমধ্যে ৰাহুলৰ ঘৰৰ আচবাব-পত্ৰ মাতৃ ছোনিয়াৰ আৱাসলৈ লৈ যোৱা হৈছে। ছোনিয়া গান্ধীৰ আৱাসত ৰাহুলৰ বাবে কাৰ্যালয়ৰ ব্যৱস্থাও কৰি থকা হৈছে। উল্লেখ্য যে ৰাহুল গান্ধীয়ে এনেদৰে নিজৰ আৱাস খালী কৰি তেওঁৰ নিজৰ পক্ষত ব্যাপক জন-সহানুভূতিৰ সৃষ্টি কৰিছে। 

কেইবাগৰাকী কংগ্ৰেছ নেতাই আনকি তেওঁলোকৰ আৱাস আগবঢ়াই দিছে ৰাহুলৰ বাবে। আনকি সাধাৰণ কংগ্ৰেছ কৰ্মীয়েও তেওঁলোকৰ মৰমৰ নেতাগৰাকীলৈ বাবে নিজৰ আৱাস আগবঢ়াই দিছে। কিন্তু কংগ্ৰেছ নেতাগৰাকীয়ে শেষত নিজৰ মাতৃৰ লগতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সম্প্ৰতি ছোনিয়া গান্ধীৰ শৰীৰো যথেষ্ট উন্নত নহয়। মাতৃৰ লগত থাকি তেওঁৰ যত্ন লোৱাৰ কথাও ভাবিছে ৰাহুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ