--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আশ্ৰয় হ’ব মাতৃ ছোনিয়া গান্ধীৰ আৱাস। সাংসদ পদ খাৰিজ হোৱাৰ পাছত ৰাহুল গান্ধীক তেওঁৰ টোঘলক লেনৰ ১২নং বাংলো খালী কৰাৰ জাননী প্ৰদান কৰা হৈছিল। 

ৰাহুলেও তেওঁৰ সাংসদ বাংলো খালী কৰি দিব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰিছিল। এই প্ৰতিশ্ৰুতি অনুসৰিয়েই এতিয়া ৰাহুল গান্ধীয়ে ১০ জনপথত থকা তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ বাসগৃহলৈ স্থানান্তৰিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 

ইতিমধ্যে ৰাহুলৰ ঘৰৰ আচবাব-পত্ৰ মাতৃ ছোনিয়াৰ আৱাসলৈ লৈ যোৱা হৈছে। ছোনিয়া গান্ধীৰ আৱাসত ৰাহুলৰ বাবে কাৰ্যালয়ৰ ব্যৱস্থাও কৰি থকা হৈছে। উল্লেখ্য যে ৰাহুল গান্ধীয়ে এনেদৰে নিজৰ আৱাস খালী কৰি তেওঁৰ নিজৰ পক্ষত ব্যাপক জন-সহানুভূতিৰ সৃষ্টি কৰিছে। 

কেইবাগৰাকী কংগ্ৰেছ নেতাই আনকি তেওঁলোকৰ আৱাস আগবঢ়াই দিছে ৰাহুলৰ বাবে। আনকি সাধাৰণ কংগ্ৰেছ কৰ্মীয়েও তেওঁলোকৰ মৰমৰ নেতাগৰাকীলৈ বাবে নিজৰ আৱাস আগবঢ়াই দিছে। কিন্তু কংগ্ৰেছ নেতাগৰাকীয়ে শেষত নিজৰ মাতৃৰ লগতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সম্প্ৰতি ছোনিয়া গান্ধীৰ শৰীৰো যথেষ্ট উন্নত নহয়। মাতৃৰ লগত থাকি তেওঁৰ যত্ন লোৱাৰ কথাও ভাবিছে ৰাহুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল