ডিজিটেল ডেস্কঃ দিল্লীৰ মেট্ৰ’ত এহাল দম্পতীয়ে ইজনে সিজনক সাৱটি ধৰা, চুমা খোৱা আৰু ধৰি ৰখাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
শেহতীয়াকৈ দিল্লীৰ মেট্ৰ’ৰ পৰা কেইবাটাও ভিডিঅ’ই শিৰোনাম দখল কৰিছে- ৰিদম চানানাৰ পৰা আৰম্ভ কৰি যাৰ সাজ-পোছাকৰ বাছনিয়ে সমালোচনা আৰু প্ৰতিসমালোচনাৰ সন্মুখীন হৈছিল,তদুপৰি তৰ্ক বৃদ্ধি পোৱাৰ পিছত এগৰাকী মহিলাই সহযাত্ৰীৰ ওপৰত জলকীয়া স্প্ৰে’ কৰা এটা পুৰণি কাণ্ডও পোহৰলৈ আহিছে।
মেট্ৰ’ত চুমা খোৱাৰ ভিডিঅ’টোক একাংশই টুইটাৰযোগে সমালোচনা কৰে। তেওঁলোকৰ সন্মতি অবিহনে দম্পতীহালৰ ভিডিঅ’টো চিত্ৰগ্ৰহণ কৰি প্ৰচাৰ কৰাৰ বাবে বহুতে টুইটাৰত এই ঘটনাক ব্যক্তি স্বাধীনতাত মোক্ষম আঘাত বুলি কয়৷