--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত লাভ সিং উগোকে(Labh Singh Ugoke) নামৰ যুৱ নেতাজন চৰ্চালৈ আহিছিল। লাভ সিঙে (৩৫) ভাদাউৰ আসনৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছিল। তেওঁৰ নাম সোমবাৰে আকৌ এবাৰ চৰ্চালৈ আহিল। ২২ বছৰৰ পিছত নিজৰ বিদ্যালয়ত উপস্থিত হৈছিল লাভ সিং উগোকে। এই বিদ্যালয়ৰ এক উদ্বোধনী অনুষ্ঠানত তেওঁক ফিটা কাটিবলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল। 

সেয়া এক অতি আৱেগিক মুহূৰ্ত আছিল কিয়নো লাভ সিং উগোকেৰ মাতৃ বলদেৱ কৌৰ সেইখন বিদ্যালয়ৰে এগৰাকী চাফাই কৰ্মী।বিদ্যালয়ত কাৰ্যসূচী চলি আছিল। পুত্ৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু মাতৃয়ে বিদ্যালয়খন পৰিষ্কাৰ কৰাত ব্যস্ত আছিল। তেওঁ আনকি তেওঁৰ পুত্ৰক যঁচা সন্মান চাবলৈও যোৱা নাছিল। অনুষ্ঠানটো শেষ হোৱাৰ পাছতহে লাভ সিং উগোকেই নিজেই মাতৃৰ ওচৰলৈ গৈ ফটো তুলিছিল। 


মাতৃৰ সন্দৰ্ভত বিধায়ক লাভ সিঙে কয় "মোৰ মাৰ উপাৰ্জনে পৰিয়ালটোক সহায় কৰিছিল। মই সৰু থাকোতে মোৰ মাৰ উপাৰ্জন পৰিয়ালটোৰ বাবে উপাৰ্জনৰ এটা ডাঙৰ উৎস আছিল। তেওঁৰ সামান্য উপাৰ্জনে ঘৰখন চলাবলৈ যথেষ্ট সহায় কৰিছিল। এতিয়া মোৰ মাৰ সিমান আৰ্থিক দায়িত্ব নাই, এগৰাকী এমএলএ হিচাপে মই দৰমহা পাম আৰু মোৰ পত্নীয়ে কাপোৰ চিলাই কৰি উপাৰ্জন কৰে কিন্তু মোৰ মায়ে নিজৰ কাম এৰিব নিবিচাৰে। 

লাভ সিঙৰ মাতৃয়ে কয় "আমি দুয়ো নিজৰ কামক লৈ সুখী। মোৰ পুত্ৰ বিধায়ক হোৱা স্বত্বেও মই চুইপাৰ হিচাপে কাম কৰাত কোনো সমস্যা পোৱা নাই। তেওঁ তেওঁৰ কাম কৰিব আৰু মই মোৰ কাম কৰিম।" এনে বিশাল চিন্তাধাৰাৰ বাবে সকলোৱে মাতৃ-পুত্ৰক প্ৰশংসাৰে উপচাই দিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ