--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত লাভ সিং উগোকে(Labh Singh Ugoke) নামৰ যুৱ নেতাজন চৰ্চালৈ আহিছিল। লাভ সিঙে (৩৫) ভাদাউৰ আসনৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছিল। তেওঁৰ নাম সোমবাৰে আকৌ এবাৰ চৰ্চালৈ আহিল। ২২ বছৰৰ পিছত নিজৰ বিদ্যালয়ত উপস্থিত হৈছিল লাভ সিং উগোকে। এই বিদ্যালয়ৰ এক উদ্বোধনী অনুষ্ঠানত তেওঁক ফিটা কাটিবলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল। 

সেয়া এক অতি আৱেগিক মুহূৰ্ত আছিল কিয়নো লাভ সিং উগোকেৰ মাতৃ বলদেৱ কৌৰ সেইখন বিদ্যালয়ৰে এগৰাকী চাফাই কৰ্মী।বিদ্যালয়ত কাৰ্যসূচী চলি আছিল। পুত্ৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু মাতৃয়ে বিদ্যালয়খন পৰিষ্কাৰ কৰাত ব্যস্ত আছিল। তেওঁ আনকি তেওঁৰ পুত্ৰক যঁচা সন্মান চাবলৈও যোৱা নাছিল। অনুষ্ঠানটো শেষ হোৱাৰ পাছতহে লাভ সিং উগোকেই নিজেই মাতৃৰ ওচৰলৈ গৈ ফটো তুলিছিল। 


মাতৃৰ সন্দৰ্ভত বিধায়ক লাভ সিঙে কয় "মোৰ মাৰ উপাৰ্জনে পৰিয়ালটোক সহায় কৰিছিল। মই সৰু থাকোতে মোৰ মাৰ উপাৰ্জন পৰিয়ালটোৰ বাবে উপাৰ্জনৰ এটা ডাঙৰ উৎস আছিল। তেওঁৰ সামান্য উপাৰ্জনে ঘৰখন চলাবলৈ যথেষ্ট সহায় কৰিছিল। এতিয়া মোৰ মাৰ সিমান আৰ্থিক দায়িত্ব নাই, এগৰাকী এমএলএ হিচাপে মই দৰমহা পাম আৰু মোৰ পত্নীয়ে কাপোৰ চিলাই কৰি উপাৰ্জন কৰে কিন্তু মোৰ মায়ে নিজৰ কাম এৰিব নিবিচাৰে। 

লাভ সিঙৰ মাতৃয়ে কয় "আমি দুয়ো নিজৰ কামক লৈ সুখী। মোৰ পুত্ৰ বিধায়ক হোৱা স্বত্বেও মই চুইপাৰ হিচাপে কাম কৰাত কোনো সমস্যা পোৱা নাই। তেওঁ তেওঁৰ কাম কৰিব আৰু মই মোৰ কাম কৰিম।" এনে বিশাল চিন্তাধাৰাৰ বাবে সকলোৱে মাতৃ-পুত্ৰক প্ৰশংসাৰে উপচাই দিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন