--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অকলশৰে জীৱন কটোৱাটো বৰ কষ্টকৰ। সকলোৱে নিজ জীৱনত এগৰাকী ভাল জীৱনসংগী বিচাৰে। আমাৰ সমাজত মহিলাৰ দ্বিতীয় বিবাহ এতিয়াও সহজ হৈ উঠা নাই। তাৰমাজতো আজিকালি বহু মহিলাই দ্বিতীয় বিবাহৰ বাবে সাহস দেখুৱাইছে। এগৰাকী কন্যাই মাতৃৰ একাকীত্ব দূৰ কৰিবলৈ পুনৰ বিয়া পাতি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। alpha1fe নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা এগৰাকী কন্যাই মাতৃৰ বিয়াৰ ফটো শ্বেয়াৰ কৰে। ইয়াৰ লগে লগে এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে। বহু লোকেই কন্যাৰ এই সাহসিকতাৰ শলাগ লৈছে। বহু লোকেই ছোৱালীজনীৰ নতুন চিন্তাধাৰাৰ প্ৰশংসা কৰিছে। কন্যাই তেওঁৰ মাতৃৰ মেহেন্দি ৰচমৰ লগতে বিয়াৰ ভিডিঅ' আৰু ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল মোৰ মায়ে পুনৰ পোন্ধৰ বছৰৰ পাছত বিবাহপাশত আৱদ্ধ হৈছে। মাতৃৰ ৰিং চেৰেমনীৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছিল কন্যাই। ছোৱালীজনীয়ে মাতৃৰ কাহিনী ভাগ বতৰা কৰি লিখিছিল যে তেওঁৰ মাতৃৰ ১৭ বছৰ বয়সতে বিয়া হৈছিল। কন্যা সন্তানটি জন্ম পোৱাৰ দুবছৰৰ পাছত পিতৃয়ে মাতৃ-কন্যা দুয়োকে ত্যাগ কৰে। কন্যাই কৈছিল যে ''মোৰ মা বিয়াৰ বন্ধন প্ৰৱঞ্চনাৰে ভৰা আছিল। তেওঁ জীৱনত মৰম-প্ৰেম-ভালপোৱা আদি চিনিয়েই নাপালে। মোৰ মাৰ জীৱনত এজন ভাল মানুহ লগত থকাটো সদায়ে বিচাৰো। মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ। মাৰ দ্বিতীয় বিবাহত মই বহুত সুখী। আশা কৰিছো মোৰ মাৰ ৰংহীন জীৱনটো ৰঙেৰে পৰিপূৰ্ণ হৈ উঠিব। আপোনালোকে কওকচোন মোৰ মাক কইনাৰ সাজত ধুনীয়া লাগিছে নে নাই।'' সকলোৱে ছোৱালীজনীৰ মাতৃৰ নতুন বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে আৰু ছোৱালীজনীৰ সাহসিকতাক প্ৰশংসা কৰিছে। আৰু পঢ়কঃ পুত্ৰ হওক বা কন্যা, বিবাহিত হওক বা অবিবাহিত, ভেদভাৱ কৰিব নোৱাৰিঃ উচ্চ ন্যায়ালয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?