--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অকলশৰে জীৱন কটোৱাটো বৰ কষ্টকৰ। সকলোৱে নিজ জীৱনত এগৰাকী ভাল জীৱনসংগী বিচাৰে। আমাৰ সমাজত মহিলাৰ দ্বিতীয় বিবাহ এতিয়াও সহজ হৈ উঠা নাই। তাৰমাজতো আজিকালি বহু মহিলাই দ্বিতীয় বিবাহৰ বাবে সাহস দেখুৱাইছে। এগৰাকী কন্যাই মাতৃৰ একাকীত্ব দূৰ কৰিবলৈ পুনৰ বিয়া পাতি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। alpha1fe নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা এগৰাকী কন্যাই মাতৃৰ বিয়াৰ ফটো শ্বেয়াৰ কৰে। ইয়াৰ লগে লগে এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে। বহু লোকেই কন্যাৰ এই সাহসিকতাৰ শলাগ লৈছে। বহু লোকেই ছোৱালীজনীৰ নতুন চিন্তাধাৰাৰ প্ৰশংসা কৰিছে। কন্যাই তেওঁৰ মাতৃৰ মেহেন্দি ৰচমৰ লগতে বিয়াৰ ভিডিঅ' আৰু ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল মোৰ মায়ে পুনৰ পোন্ধৰ বছৰৰ পাছত বিবাহপাশত আৱদ্ধ হৈছে। মাতৃৰ ৰিং চেৰেমনীৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছিল কন্যাই। ছোৱালীজনীয়ে মাতৃৰ কাহিনী ভাগ বতৰা কৰি লিখিছিল যে তেওঁৰ মাতৃৰ ১৭ বছৰ বয়সতে বিয়া হৈছিল। কন্যা সন্তানটি জন্ম পোৱাৰ দুবছৰৰ পাছত পিতৃয়ে মাতৃ-কন্যা দুয়োকে ত্যাগ কৰে। কন্যাই কৈছিল যে ''মোৰ মা বিয়াৰ বন্ধন প্ৰৱঞ্চনাৰে ভৰা আছিল। তেওঁ জীৱনত মৰম-প্ৰেম-ভালপোৱা আদি চিনিয়েই নাপালে। মোৰ মাৰ জীৱনত এজন ভাল মানুহ লগত থকাটো সদায়ে বিচাৰো। মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ। মাৰ দ্বিতীয় বিবাহত মই বহুত সুখী। আশা কৰিছো মোৰ মাৰ ৰংহীন জীৱনটো ৰঙেৰে পৰিপূৰ্ণ হৈ উঠিব। আপোনালোকে কওকচোন মোৰ মাক কইনাৰ সাজত ধুনীয়া লাগিছে নে নাই।'' সকলোৱে ছোৱালীজনীৰ মাতৃৰ নতুন বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে আৰু ছোৱালীজনীৰ সাহসিকতাক প্ৰশংসা কৰিছে। আৰু পঢ়কঃ পুত্ৰ হওক বা কন্যা, বিবাহিত হওক বা অবিবাহিত, ভেদভাৱ কৰিব নোৱাৰিঃ উচ্চ ন্যায়ালয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক