--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ আকাশত মুখামুখী দুখন যাত্ৰীবাহী বিমান। কেইছেকেণ্ডমানৰ ব্যৱধানত কথমপি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমান দুখন। অৱশ্যে, পাইলটৰ অহোপুৰুষাৰ্থত অন্তিম মুহূৰ্তত মুখামুখী সংঘৰ্ষৰ পৰা ৰক্ষা পৰে বিমান দুখন। বিমান দুখনত প্ৰায় ৪০০ জন যাত্ৰী আছিল বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। এই ঘটনাটোৰ বাবে বাংগালুৰুৰ বিমানবন্দৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ বিৰুদ্ধে অৱহেলা অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এক সূত্ৰই সদৰী কৰে যে, ‘বিষয়টো বাংগালুৰু বিমানবন্দৰৰ লগবুকত লিপিবদ্ধ কৰা হোৱা নাই যদিও অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিষয়টোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।’ অৱশ্যে, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই দুয়োখন বিমান আকাশমাৰ্গত মুখামুখী হোৱাৰ বিষয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। ডিজিচিএৰ মুৰব্বী অৰূণ কুমাৰে কয়, ‘ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ’ ডিজিচিএ-ৰ এক সূত্ৰৰ মতে, বিমান দুখন ইণ্ডিগ’ এয়াৰলাইনছৰ আছিল। প্ৰথমখন বাংগালুৰু-কলকাতা ৬-ই৪৫৫, দ্বিতীয়খন বাংগালুৰু-ভুৱনেশ্বৰ ৬-ই২৪৬। দুয়োখন বিমানে ৫মিনিটৰ ব্যৱধানত বাংগালুৰু বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। এটিচি-ৰ ভুল নিৰ্দেশনাৰ বাবেই বিমান দুখন একে উচ্চতালৈ আহিছিল। আজিৰ পৰা ৪বছৰ পূৰ্বেও ইণ্ডিগ'ৰ দুখন বিমানে কলকাতা বিমানবন্দৰৰ আকাশত মুখামুখী সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক