--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ আকাশত মুখামুখী দুখন যাত্ৰীবাহী বিমান। কেইছেকেণ্ডমানৰ ব্যৱধানত কথমপি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমান দুখন। অৱশ্যে, পাইলটৰ অহোপুৰুষাৰ্থত অন্তিম মুহূৰ্তত মুখামুখী সংঘৰ্ষৰ পৰা ৰক্ষা পৰে বিমান দুখন। বিমান দুখনত প্ৰায় ৪০০ জন যাত্ৰী আছিল বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। এই ঘটনাটোৰ বাবে বাংগালুৰুৰ বিমানবন্দৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ বিৰুদ্ধে অৱহেলা অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এক সূত্ৰই সদৰী কৰে যে, ‘বিষয়টো বাংগালুৰু বিমানবন্দৰৰ লগবুকত লিপিবদ্ধ কৰা হোৱা নাই যদিও অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিষয়টোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।’ অৱশ্যে, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই দুয়োখন বিমান আকাশমাৰ্গত মুখামুখী হোৱাৰ বিষয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। ডিজিচিএৰ মুৰব্বী অৰূণ কুমাৰে কয়, ‘ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ’ ডিজিচিএ-ৰ এক সূত্ৰৰ মতে, বিমান দুখন ইণ্ডিগ’ এয়াৰলাইনছৰ আছিল। প্ৰথমখন বাংগালুৰু-কলকাতা ৬-ই৪৫৫, দ্বিতীয়খন বাংগালুৰু-ভুৱনেশ্বৰ ৬-ই২৪৬। দুয়োখন বিমানে ৫মিনিটৰ ব্যৱধানত বাংগালুৰু বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। এটিচি-ৰ ভুল নিৰ্দেশনাৰ বাবেই বিমান দুখন একে উচ্চতালৈ আহিছিল। আজিৰ পৰা ৪বছৰ পূৰ্বেও ইণ্ডিগ'ৰ দুখন বিমানে কলকাতা বিমানবন্দৰৰ আকাশত মুখামুখী সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?