--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ জোনাকী ৰাতি নিয়ৰৰ ফুল বিছাৰি মন উৰি গুচি যায় পাপনৰ গীত শুনি। ভাৰতীয় সংগীত জগতত এক চিনাকী নাম পাপন। পাপন এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ পাপনৰ বেণ্ডটোৱে ইতিমধ্যে বিশ্বৰ চুকে-কোণে শ্ৰোতা-দৰ্শকক নিজৰ সংগীতেৰে মোহাচ্ছন্ন কৰি আহিছে। অংগৰাগ পাপন মহন্ত এইবাৰ ওলাইছে এটা বেলেগ ৰূপত। পাপন এতিয়া ব্লগাৰ, বাইক চলাই ঘূৰি ফুৰিছে প্ৰকৃতিৰ মাজত। পোহৰ-পাৰিজাত-পত্নীক লৈ শ্বিলঙৰ নৈসৰ্গিক পৰিবেশত সময় কটাইছে পাপনে।

জোনাকী ৰাতি নিয়ৰৰ ফুল বিছাৰি মন উৰি গুচি যায় ...

অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা, বিহু সম্ৰাটখ্যাত প্ৰয়াত খগেন মহন্তৰ পৰিচয় নতুনকৈ দিয়াৰ প্ৰয়োজন নাই৷ সাংস্কৃতিক ক্ষেত্ৰখনত বৰেণ্য শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ একমাত্ৰ পুত্ৰ অংগৰাগ পাপন মহন্তইয়ো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনবদ্য পৰিচয়েৰে প্ৰতিষ্ঠা ইতিমধ্যেই লাভ কৰিছে৷ অসমৰ সংগীত জগতত এক স্বকীয় ভূমিকা অটুট ৰখাত সদায় ব্যতিক্ৰমী পাপন৷ ‘প্ৰাগ নিউজ’ত সম্প্ৰচাৰিত শ্যামকানু মহন্তৰ বিশেষ অনুষ্ঠান ‘যোগাত্মক দৃষ্টিৰে’ত সংগীত জগতত পিতৃৰ অনবদ্য অৱদানৰ কথা সুঁৱৰিলে পাপনে৷ বৰ্তমান গুৰুজনাৰ অপূৰ্ব সৃষ্টি 'বৰগীত’ৰ ওপৰতো পুংখানুপুংখ অধ্যয়নেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অন্যতম হাবিয়াস পূৰণৰ চেষ্টা চলাই আহিছে পাপনে৷

পোহৰ-পাৰিজাত-পত্নীৰ সৈতে পাপন

অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত পাপনে কয়, 'জুবিন গাৰ্গৰ কণ্ঠ প্ৰাকৃতিক, ঈশ্বৰপ্ৰদত্ত'। অসমৰ লোকসংগীতৰ ফিউজন ঘটাই এমটিভি ক'ক ষ্টুডিঅ'ৰ মজিয়ালৈ লৈ যোৱা পাপনে ইয়াক এক অন্য মাত্ৰা প্ৰদান কৰিছে। পাপনৰ আহিব লগা এটি অসমীয়া গানৰ এলবাম শীঘ্ৰেই মুকলিৰ পথত থকাৰ লগতে এটি হিন্দী গীতৰো এলবামৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে৷ সম্পূৰ্ণ সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা অংগৰাগ পাপন মহন্তই নিয়াৰিকৈ চলাই গৈছে নিজৰ চাৰিজনীয়া সংসাৰো৷ পত্নী, এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানৰ সৈতে সুখী জীৱন-যাপন কৰিছে পাপনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু