--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ জোনাকী ৰাতি নিয়ৰৰ ফুল বিছাৰি মন উৰি গুচি যায় পাপনৰ গীত শুনি। ভাৰতীয় সংগীত জগতত এক চিনাকী নাম পাপন। পাপন এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ পাপনৰ বেণ্ডটোৱে ইতিমধ্যে বিশ্বৰ চুকে-কোণে শ্ৰোতা-দৰ্শকক নিজৰ সংগীতেৰে মোহাচ্ছন্ন কৰি আহিছে। অংগৰাগ পাপন মহন্ত এইবাৰ ওলাইছে এটা বেলেগ ৰূপত। পাপন এতিয়া ব্লগাৰ, বাইক চলাই ঘূৰি ফুৰিছে প্ৰকৃতিৰ মাজত। পোহৰ-পাৰিজাত-পত্নীক লৈ শ্বিলঙৰ নৈসৰ্গিক পৰিবেশত সময় কটাইছে পাপনে।

জোনাকী ৰাতি নিয়ৰৰ ফুল বিছাৰি মন উৰি গুচি যায় ...

অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা, বিহু সম্ৰাটখ্যাত প্ৰয়াত খগেন মহন্তৰ পৰিচয় নতুনকৈ দিয়াৰ প্ৰয়োজন নাই৷ সাংস্কৃতিক ক্ষেত্ৰখনত বৰেণ্য শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ একমাত্ৰ পুত্ৰ অংগৰাগ পাপন মহন্তইয়ো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনবদ্য পৰিচয়েৰে প্ৰতিষ্ঠা ইতিমধ্যেই লাভ কৰিছে৷ অসমৰ সংগীত জগতত এক স্বকীয় ভূমিকা অটুট ৰখাত সদায় ব্যতিক্ৰমী পাপন৷ ‘প্ৰাগ নিউজ’ত সম্প্ৰচাৰিত শ্যামকানু মহন্তৰ বিশেষ অনুষ্ঠান ‘যোগাত্মক দৃষ্টিৰে’ত সংগীত জগতত পিতৃৰ অনবদ্য অৱদানৰ কথা সুঁৱৰিলে পাপনে৷ বৰ্তমান গুৰুজনাৰ অপূৰ্ব সৃষ্টি 'বৰগীত’ৰ ওপৰতো পুংখানুপুংখ অধ্যয়নেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অন্যতম হাবিয়াস পূৰণৰ চেষ্টা চলাই আহিছে পাপনে৷

পোহৰ-পাৰিজাত-পত্নীৰ সৈতে পাপন

অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত পাপনে কয়, 'জুবিন গাৰ্গৰ কণ্ঠ প্ৰাকৃতিক, ঈশ্বৰপ্ৰদত্ত'। অসমৰ লোকসংগীতৰ ফিউজন ঘটাই এমটিভি ক'ক ষ্টুডিঅ'ৰ মজিয়ালৈ লৈ যোৱা পাপনে ইয়াক এক অন্য মাত্ৰা প্ৰদান কৰিছে। পাপনৰ আহিব লগা এটি অসমীয়া গানৰ এলবাম শীঘ্ৰেই মুকলিৰ পথত থকাৰ লগতে এটি হিন্দী গীতৰো এলবামৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে৷ সম্পূৰ্ণ সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা অংগৰাগ পাপন মহন্তই নিয়াৰিকৈ চলাই গৈছে নিজৰ চাৰিজনীয়া সংসাৰো৷ পত্নী, এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানৰ সৈতে সুখী জীৱন-যাপন কৰিছে পাপনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ