--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মাতৃৰ কাণ্ডই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত পুত্ৰৰ মৃতদেহ বেগত কঢ়িয়াই নিয়াৰ সময়ত গ্ৰেপ্তাৰ হয় মাইণ্ডফুল এ আই লেবৰ চিইঅ’ সুচনা ছেঠ। উত্তৰ গোৱাৰ কেণ্ডোলিমৰ হোটেলৰ কোঠাত ৪ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এই ঘটনা সংঘটিত হয়।


আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ে বিচ্ছেদিত স্বামীয়ে তেওঁলোকৰ সন্তানক লগ পোৱাত বাধা দিবলৈ এই জঘন্য কাণ্ড সংঘটিত কৰে। ২০১০ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালৰ  ২০১৯ চনত তেওঁলোকৰ পুত্ৰৰ জন্ম হয়।কিন্তু বিবাদৰ বাবে তেওঁলোকে ২০২০ চনত বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰে।আদালতে পিতৃক দেওবাৰে সন্তানক লগ কৰাৰ অনুমতি প্ৰদান কৰা বুলি গোৱাৰ ডিজিপি যশপাল সিঙে নিশ্চিত কৰে৷

চাপত পৰি আৰু প্ৰাক্তন স্বামীক তেওঁলোকৰ পুত্ৰক দেখাত বাধা দিয়াৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ অভিযুক্তই নিজৰ সন্তানৰ সৈতে গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰে। অভিযুক্ত মহিলাগৰাকীক জেৰা কৰাৰ পাছত উত্তৰ গোৱাৰ এছ পি নিধিন ভালছানে লক্ষ্য কৰে যে ইয়াৰ উদ্দেশ্য এতিয়াও নিশ্চিত হোৱা নাই।স্বামীৰ বিষয়ে সোধাত আৰক্ষীয়ে কয় যে তেওঁ ভৰৰতৰ বাহিৰত আছে, আৰু আৰক্ষীয়ে তেওঁক ভাৰতলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে।


উল্লেখ্য যে মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে চেক ইন কৰিছিল যদিও অকলে গুচি যোৱাৰ বাবে হোটেলৰ কৰ্মচাৰীসকলে সন্দেহ প্ৰকাশ কৰাৰ লগে লগে এই অপৰাধ পোহৰলৈ আহে। হোটেলৰ কৰ্মচাৰীয়ে সতৰ্ক কৰি দিয়াৰ পাছত স্থানীয় আৰক্ষীক মাতি অনা হয় আৰু এজন টেক্সি চালকে নিশ্চিত কৰে যে মহিলাগৰাকীয়ে অকলে যাত্ৰা কৰি আছে।ইপিনে আৰক্ষীয়ে সোধাত শিশুটি বন্ধুৰ ঘৰত থাকিছিল বুলি মহিলাগৰাকীয়ে আৰক্ষীক জনায়। অৱশ্যে মহিলাগৰাকীয়ে দিয়া ঠিকনাটো ভুৱা বুলি আৰক্ষীয়ে উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক