--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মাতৃৰ কাণ্ডই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত পুত্ৰৰ মৃতদেহ বেগত কঢ়িয়াই নিয়াৰ সময়ত গ্ৰেপ্তাৰ হয় মাইণ্ডফুল এ আই লেবৰ চিইঅ’ সুচনা ছেঠ। উত্তৰ গোৱাৰ কেণ্ডোলিমৰ হোটেলৰ কোঠাত ৪ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এই ঘটনা সংঘটিত হয়।


আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ে বিচ্ছেদিত স্বামীয়ে তেওঁলোকৰ সন্তানক লগ পোৱাত বাধা দিবলৈ এই জঘন্য কাণ্ড সংঘটিত কৰে। ২০১০ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালৰ  ২০১৯ চনত তেওঁলোকৰ পুত্ৰৰ জন্ম হয়।কিন্তু বিবাদৰ বাবে তেওঁলোকে ২০২০ চনত বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰে।আদালতে পিতৃক দেওবাৰে সন্তানক লগ কৰাৰ অনুমতি প্ৰদান কৰা বুলি গোৱাৰ ডিজিপি যশপাল সিঙে নিশ্চিত কৰে৷

চাপত পৰি আৰু প্ৰাক্তন স্বামীক তেওঁলোকৰ পুত্ৰক দেখাত বাধা দিয়াৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ অভিযুক্তই নিজৰ সন্তানৰ সৈতে গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰে। অভিযুক্ত মহিলাগৰাকীক জেৰা কৰাৰ পাছত উত্তৰ গোৱাৰ এছ পি নিধিন ভালছানে লক্ষ্য কৰে যে ইয়াৰ উদ্দেশ্য এতিয়াও নিশ্চিত হোৱা নাই।স্বামীৰ বিষয়ে সোধাত আৰক্ষীয়ে কয় যে তেওঁ ভৰৰতৰ বাহিৰত আছে, আৰু আৰক্ষীয়ে তেওঁক ভাৰতলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে।


উল্লেখ্য যে মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে চেক ইন কৰিছিল যদিও অকলে গুচি যোৱাৰ বাবে হোটেলৰ কৰ্মচাৰীসকলে সন্দেহ প্ৰকাশ কৰাৰ লগে লগে এই অপৰাধ পোহৰলৈ আহে। হোটেলৰ কৰ্মচাৰীয়ে সতৰ্ক কৰি দিয়াৰ পাছত স্থানীয় আৰক্ষীক মাতি অনা হয় আৰু এজন টেক্সি চালকে নিশ্চিত কৰে যে মহিলাগৰাকীয়ে অকলে যাত্ৰা কৰি আছে।ইপিনে আৰক্ষীয়ে সোধাত শিশুটি বন্ধুৰ ঘৰত থাকিছিল বুলি মহিলাগৰাকীয়ে আৰক্ষীক জনায়। অৱশ্যে মহিলাগৰাকীয়ে দিয়া ঠিকনাটো ভুৱা বুলি আৰক্ষীয়ে উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু