--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্চনা দেৱী, ভাৰতৰ ১৯ বছৰ অনুৰ্ধ স্পিন বলাৰ আৰু ভাৰতৰ হৈ মহিলাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত খেলিছে অৰ্চনাই। তেওঁ ফাইনেল মেচতো তেওঁ ২টা উইকেট দখল কৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব যে এই বিশ্বকাপৰ খেলখনত আন বহুত খেলুৱৈয়ে খেলিছে, তেন্তে অৰ্চনাক লৈ ইমান আলোচনা কিয়? আচলতে ইয়াৰ আঁৰত তেওঁৰ কাহিনী আছে। 

এসময়ত উন্নাওত এখন প্ৰীতি মেচত ফিল্ডিং কৰি থকা অৱস্থাত এগৰাকী ছোৱালী অচেতন হৈ পৰিল। খৰখেদাকৈ ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ’ল যুৱতীগৰাকীক। ডাক্তৰে পৰীক্ষা কৰি ক’লে যে ছোৱালীজনীয়ে মেচৰ আগতে একো খোৱা নাই। এসময়ত তেওঁৰ ঘৰত খাবলৈ একো নাছিল সেই অৰ্চনাই আজি ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বকাপত অংশগ্ৰহণ কৰিছে।

অৰ্চনাৰ মাতৃয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, স্বামী আৰু পুত্ৰৰ মৃত্যুৰ পিছত মানুহে তেওঁক ‘ডাইনী’ বুলি কয়। ছোৱালীজনীক ক্ৰিকেটলৈ পঠিয়ালে মানুহে কৈছিল যে "ছোৱালীজনীক বিক্ৰী কৰিছে, ছোৱালীজনীক ভুল পথত পঠিয়াই দিয়া হৈছে, এই সকলোবোৰ কথা মোৰ মুখত কোৱা হৈছিল।"

আচলতে অৰ্চনাই কম বয়সতে দেউতাকক হেৰুৱাইছিল। সাপে কামোৰাত কনিষ্ঠ ভাতৃৰ মৃত্যু। পৰিয়ালটোৰ উপাৰ্জন কৰিবলৈ মাত্ৰ এজন সদস্য বাকী আছিল – তেওঁলোকৰ মাক।

ক্ৰিকেটৰ দৰে ব্যয়বহুল খেল খেলাৰ সপোনও এই পৰিয়ালটোৰ বাবে সম্ভৱ নাছিল। পৰিয়ালটোৱে কেৱল এইটোৱেই চিন্তিত হৈ পৰিছিল যে সেয়া কেনেকৈ সম্ভৱ হ'ব।  তেতিয়াহে অৰ্চনা দেৱীৰ জীৱনৰ দুজন ব্যক্তিয়ে ভগৱান ৰূপে তেওঁৰ ভাগ্য সলনি কৰিলে।

অৰ্চনাক সহায়ৰ হাত আগবঢ়াইছিল অৰ্চনাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী পুনম গুপ্তা। ভাৰতৰ হৈ খেলাটোও তেওঁৰো সপোন আছিল।  তেওঁ লক্ষ্য কৰিলে যে অৰ্চনা স্বাভাৱিকতে এথলেটিক। তেওঁৰ সম্ভাৱনা উপলব্ধি কৰাৰ পাছত পুনমে তেওঁক নিজৰ প্ৰশিক্ষক কপিল দেৱ পাণ্ডেৰ ওচৰলৈ লৈ যায়। কপিল দেৱ পাণ্ডে ভাৰতীয় ক্ৰিকেটাৰ কুলদীপ যাদৱৰ প্ৰশিক্ষক হিচাপেও কাম কৰি আহিছে।

একাডেমীৰ মাচুল দিবলৈ, বা কিট কিনিবলৈ টকা নথকাৰ বাবে অৰ্চনাৰ সপোনবোৰ ঠিক তেনেকৈয়ে ম্লান হ’বলৈ নিদিয়াটো প্ৰশিক্ষক আৰু শিক্ষকগৰাকীৰ দায়িত্ব আছিল।

ইয়াৰ পৰবৰ্তী সময়ত অৰ্চনাই কঠোৰ পৰিশ্ৰমৰ ভিত্তিত উত্তৰ প্ৰদেশৰ মহিলা দলত নিজকে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পাছত  ২০২২ চনৰ নৱেম্বৰ মাহত নিউজিলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল অৰ্চনাই।

তেওঁ তিনিটা উইকেট দখল কৰি ভাৰতৰ আটাইতকৈ ফলপ্ৰসূ বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী ভ্ৰমণৰ বাবে দলটো নিৰ্বাচিত হয়। ইয়াতো অৰ্চনাই প্ৰথমখন মেচত ৩টা উইকেট দখল কৰে। এতিয়া অৰ্চনাই ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক