--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্চনা দেৱী, ভাৰতৰ ১৯ বছৰ অনুৰ্ধ স্পিন বলাৰ আৰু ভাৰতৰ হৈ মহিলাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত খেলিছে অৰ্চনাই। তেওঁ ফাইনেল মেচতো তেওঁ ২টা উইকেট দখল কৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব যে এই বিশ্বকাপৰ খেলখনত আন বহুত খেলুৱৈয়ে খেলিছে, তেন্তে অৰ্চনাক লৈ ইমান আলোচনা কিয়? আচলতে ইয়াৰ আঁৰত তেওঁৰ কাহিনী আছে। 

এসময়ত উন্নাওত এখন প্ৰীতি মেচত ফিল্ডিং কৰি থকা অৱস্থাত এগৰাকী ছোৱালী অচেতন হৈ পৰিল। খৰখেদাকৈ ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ’ল যুৱতীগৰাকীক। ডাক্তৰে পৰীক্ষা কৰি ক’লে যে ছোৱালীজনীয়ে মেচৰ আগতে একো খোৱা নাই। এসময়ত তেওঁৰ ঘৰত খাবলৈ একো নাছিল সেই অৰ্চনাই আজি ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বকাপত অংশগ্ৰহণ কৰিছে।

অৰ্চনাৰ মাতৃয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, স্বামী আৰু পুত্ৰৰ মৃত্যুৰ পিছত মানুহে তেওঁক ‘ডাইনী’ বুলি কয়। ছোৱালীজনীক ক্ৰিকেটলৈ পঠিয়ালে মানুহে কৈছিল যে "ছোৱালীজনীক বিক্ৰী কৰিছে, ছোৱালীজনীক ভুল পথত পঠিয়াই দিয়া হৈছে, এই সকলোবোৰ কথা মোৰ মুখত কোৱা হৈছিল।"

আচলতে অৰ্চনাই কম বয়সতে দেউতাকক হেৰুৱাইছিল। সাপে কামোৰাত কনিষ্ঠ ভাতৃৰ মৃত্যু। পৰিয়ালটোৰ উপাৰ্জন কৰিবলৈ মাত্ৰ এজন সদস্য বাকী আছিল – তেওঁলোকৰ মাক।

ক্ৰিকেটৰ দৰে ব্যয়বহুল খেল খেলাৰ সপোনও এই পৰিয়ালটোৰ বাবে সম্ভৱ নাছিল। পৰিয়ালটোৱে কেৱল এইটোৱেই চিন্তিত হৈ পৰিছিল যে সেয়া কেনেকৈ সম্ভৱ হ'ব।  তেতিয়াহে অৰ্চনা দেৱীৰ জীৱনৰ দুজন ব্যক্তিয়ে ভগৱান ৰূপে তেওঁৰ ভাগ্য সলনি কৰিলে।

অৰ্চনাক সহায়ৰ হাত আগবঢ়াইছিল অৰ্চনাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী পুনম গুপ্তা। ভাৰতৰ হৈ খেলাটোও তেওঁৰো সপোন আছিল।  তেওঁ লক্ষ্য কৰিলে যে অৰ্চনা স্বাভাৱিকতে এথলেটিক। তেওঁৰ সম্ভাৱনা উপলব্ধি কৰাৰ পাছত পুনমে তেওঁক নিজৰ প্ৰশিক্ষক কপিল দেৱ পাণ্ডেৰ ওচৰলৈ লৈ যায়। কপিল দেৱ পাণ্ডে ভাৰতীয় ক্ৰিকেটাৰ কুলদীপ যাদৱৰ প্ৰশিক্ষক হিচাপেও কাম কৰি আহিছে।

একাডেমীৰ মাচুল দিবলৈ, বা কিট কিনিবলৈ টকা নথকাৰ বাবে অৰ্চনাৰ সপোনবোৰ ঠিক তেনেকৈয়ে ম্লান হ’বলৈ নিদিয়াটো প্ৰশিক্ষক আৰু শিক্ষকগৰাকীৰ দায়িত্ব আছিল।

ইয়াৰ পৰবৰ্তী সময়ত অৰ্চনাই কঠোৰ পৰিশ্ৰমৰ ভিত্তিত উত্তৰ প্ৰদেশৰ মহিলা দলত নিজকে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পাছত  ২০২২ চনৰ নৱেম্বৰ মাহত নিউজিলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল অৰ্চনাই।

তেওঁ তিনিটা উইকেট দখল কৰি ভাৰতৰ আটাইতকৈ ফলপ্ৰসূ বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী ভ্ৰমণৰ বাবে দলটো নিৰ্বাচিত হয়। ইয়াতো অৰ্চনাই প্ৰথমখন মেচত ৩টা উইকেট দখল কৰে। এতিয়া অৰ্চনাই ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু