--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছালখন জিলিকি থকাৰ এটা উত্তম উপায় হ’ল ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰা। বলীউডৰ প্ৰায় সকলো শীৰ্ষ অভিনেত্ৰীয়ে সুস্বাস্থ্য বজাই ৰাখিবলৈ ঘৰুৱা উপায় ব্যৱহাৰ কৰে। ঐশ্বৰ্য ৰায় বচ্চন, প্ৰিয়ংকা চোপ্ৰা বা অনুষ্কা শৰ্মা; বলীউডৰ সকলো শীৰ্ষ অভিনেত্ৰীয়ে নিজৰ ছালখন সুন্দৰ কৰি ৰাখিবলৈ এই ঘৰুৱা উপায়সমূহ ব্যৱহাৰ কৰে। সাধাৰণতে বজাৰত পোৱা বিখ্যাত প্ৰসাধন সামগ্ৰীতকৈ ঘৰুৱা ঔষধে ছালখন বহুত উজ্জ্বল আৰু স্বাস্থ্যকৰ কৰি তোলে। কিন্তু শেহতীয়াকৈ অনুষ্কা শৰ্মাই এখন জনপ্ৰিয় সৌন্দৰ্য্য আৰু ফেশ্বন আলোচনীত ছালৰ যত্নৰ সকলো গোপন ৰহস্য প্ৰকাশ কৰিছে। অনুষ্কা শৰ্মাই গ্ল’য়িং, ব্লেমিচ ফ্ৰী আৰু টোনড ছালৰ বাবে কি ব্যৱহাৰ কৰে জানো আহক।

 বিউটি এণ্ড ফেশ্বন মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুষ্কা শৰ্মাই কয় যে ছালৰ যত্নৰ বাবে তেওঁ কল ব্যৱহাৰ কৰে। কলৰ ফেচপেক বনাব আৰু সেই ফেচপেকটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওক।

 পকা কলে ছালৰ বলিৰেখা কমোৱা, ছাল উজ্জ্বল কৰা, চকুৰ তলৰ ফুলি উঠা কমোৱা, ব্ৰণৰ দাগ কমোৱা, ছালৰ শুকানতা আঁতৰোৱা, ছালৰ আৰ্দ্ৰতা প্ৰদান কৰা, ছালখন হাইড্ৰেট কৰা আৰু ছালখনক ৰ’দৰ UV ৰশ্মিৰ পৰা ৰক্ষা কৰাত বিশেষ ভূমিকা পালন কৰে। সকলোৰে ছালৰ ধৰণ বেলেগ বেলেগ। কিছুমানৰ তেলীয়া, কিছুমানৰ কম্বিনেচন বা কিছুমানৰ ছাল শুকান। সেয়ে প্ৰতিটো প্ৰকাৰৰ ছালৰ বাবে ফেচপেক বেলেগ বেলেগ ধৰণৰ হয়।

 * তেলীয়া ছালৰ বাবেঃ-তেলীয়া ছালৰ বাবে এটা বাটিত পকা কল এটা লৈ তাত আধা চামুচ নেমুৰ ৰস মিহলাই এই দুয়োটা উপাদান ভালদৰে মিহলাই ফেচপেক বনাব লাগে। এতিয়া মুখখন ভালদৰে পৰিষ্কাৰ কৰি ফেচপেকটো মুখ আৰু ডিঙিত লগাই ১০ মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। এই ফেচপেকটো সপ্তাহত এবাৰ তেলীয়া ছালত ব্যৱহাৰ কৰিলে ছালখন কোমল আৰু গ্লোয়িং হ’ব।

 * মিশ্ৰিত ছালৰ বাবেঃ-মিশ্ৰিত ছালৰ ক্ষেত্ৰত এচামুচ এলোভেৰা জেল, ২-৩ টোপাল চাহ গছৰ তেল আৰু ১টা পকা কল এটা পাত্ৰত মিহলাই ফেচপেক বনাব লাগে। এই ফেচপেকটো সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলেই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ব্ৰণৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।

 * শুকান ছালৰ বাবেঃ-শুকান ছালৰ বাবে এটা বাটিত পকা কল এটা গুড়ি কৰি ২ চামুচ দৈৰ লগত উপাদান দুটা মিহলাই পেষ্ট বনাব লাগে। এই ফেচপেকে ছালখনক হাইড্ৰেট আৰু কোমল কৰাৰ লগতে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন সক্ৰিয় আৰু ডাঠ কৰি তোলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা