--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছালখন জিলিকি থকাৰ এটা উত্তম উপায় হ’ল ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰা। বলীউডৰ প্ৰায় সকলো শীৰ্ষ অভিনেত্ৰীয়ে সুস্বাস্থ্য বজাই ৰাখিবলৈ ঘৰুৱা উপায় ব্যৱহাৰ কৰে। ঐশ্বৰ্য ৰায় বচ্চন, প্ৰিয়ংকা চোপ্ৰা বা অনুষ্কা শৰ্মা; বলীউডৰ সকলো শীৰ্ষ অভিনেত্ৰীয়ে নিজৰ ছালখন সুন্দৰ কৰি ৰাখিবলৈ এই ঘৰুৱা উপায়সমূহ ব্যৱহাৰ কৰে। সাধাৰণতে বজাৰত পোৱা বিখ্যাত প্ৰসাধন সামগ্ৰীতকৈ ঘৰুৱা ঔষধে ছালখন বহুত উজ্জ্বল আৰু স্বাস্থ্যকৰ কৰি তোলে। কিন্তু শেহতীয়াকৈ অনুষ্কা শৰ্মাই এখন জনপ্ৰিয় সৌন্দৰ্য্য আৰু ফেশ্বন আলোচনীত ছালৰ যত্নৰ সকলো গোপন ৰহস্য প্ৰকাশ কৰিছে। অনুষ্কা শৰ্মাই গ্ল’য়িং, ব্লেমিচ ফ্ৰী আৰু টোনড ছালৰ বাবে কি ব্যৱহাৰ কৰে জানো আহক।

 বিউটি এণ্ড ফেশ্বন মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুষ্কা শৰ্মাই কয় যে ছালৰ যত্নৰ বাবে তেওঁ কল ব্যৱহাৰ কৰে। কলৰ ফেচপেক বনাব আৰু সেই ফেচপেকটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওক।

 পকা কলে ছালৰ বলিৰেখা কমোৱা, ছাল উজ্জ্বল কৰা, চকুৰ তলৰ ফুলি উঠা কমোৱা, ব্ৰণৰ দাগ কমোৱা, ছালৰ শুকানতা আঁতৰোৱা, ছালৰ আৰ্দ্ৰতা প্ৰদান কৰা, ছালখন হাইড্ৰেট কৰা আৰু ছালখনক ৰ’দৰ UV ৰশ্মিৰ পৰা ৰক্ষা কৰাত বিশেষ ভূমিকা পালন কৰে। সকলোৰে ছালৰ ধৰণ বেলেগ বেলেগ। কিছুমানৰ তেলীয়া, কিছুমানৰ কম্বিনেচন বা কিছুমানৰ ছাল শুকান। সেয়ে প্ৰতিটো প্ৰকাৰৰ ছালৰ বাবে ফেচপেক বেলেগ বেলেগ ধৰণৰ হয়।

 * তেলীয়া ছালৰ বাবেঃ-তেলীয়া ছালৰ বাবে এটা বাটিত পকা কল এটা লৈ তাত আধা চামুচ নেমুৰ ৰস মিহলাই এই দুয়োটা উপাদান ভালদৰে মিহলাই ফেচপেক বনাব লাগে। এতিয়া মুখখন ভালদৰে পৰিষ্কাৰ কৰি ফেচপেকটো মুখ আৰু ডিঙিত লগাই ১০ মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। এই ফেচপেকটো সপ্তাহত এবাৰ তেলীয়া ছালত ব্যৱহাৰ কৰিলে ছালখন কোমল আৰু গ্লোয়িং হ’ব।

 * মিশ্ৰিত ছালৰ বাবেঃ-মিশ্ৰিত ছালৰ ক্ষেত্ৰত এচামুচ এলোভেৰা জেল, ২-৩ টোপাল চাহ গছৰ তেল আৰু ১টা পকা কল এটা পাত্ৰত মিহলাই ফেচপেক বনাব লাগে। এই ফেচপেকটো সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলেই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ব্ৰণৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।

 * শুকান ছালৰ বাবেঃ-শুকান ছালৰ বাবে এটা বাটিত পকা কল এটা গুড়ি কৰি ২ চামুচ দৈৰ লগত উপাদান দুটা মিহলাই পেষ্ট বনাব লাগে। এই ফেচপেকে ছালখনক হাইড্ৰেট আৰু কোমল কৰাৰ লগতে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন সক্ৰিয় আৰু ডাঠ কৰি তোলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক