--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গুজৰাট উচ্চ ন্যায়ালয়ে মৰবি দলঙৰ পৰিচালনা আৰু তত্বাৱধানৰ বাবে দায়বদ্ধ কোম্পানী অৰেভা গ্ৰুপক দলং দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালৰ যোগ্য ব্যক্তিক   আজীৱন পেঞ্চন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সুনীল আগৰৱালা আৰু ন্যায়াধীশ অনিৰুদ্ধ মায়ীৰ খণ্ড বিচাৰপীঠে ২০২২ চনৰ ৩০ অক্টোবৰত ব্ৰিটিছ যুগৰ  দলংখন  খহি পৰাৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হোৱা ঘটনাটো সন্দৰ্ভত  এখন  ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ  শুনানি গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে।

 চৰকাৰৰ মতে উক্ত দলং দুৰ্ঘটনাত  দহগৰাকী মহিলা বিধৱা হৈছিল আৰু সাতটা শিশু অনাথ হৈছিল।আদালতে আজি নিৰ্দেশমাত কয় " বিধৱাসকলক চাকৰি দিয়ক, বা যদি তেওঁলোকে কাম কৰিব নিবিচাৰে তেন্তে পেঞ্চন দিয়ক।  তেওঁলোকক আজীৱন পেঞ্চন দিব লাগিব। তেওঁলোক কাম কৰিব পৰা অৱস্থাত নাথাকিব পাৰে। এনে কিছুমান মহিলা আছে যিয়ে কেতিয়াও কাম কৰা নাই আৰু কেতিয়াও ঘৰৰ বাহিৰলৈ যোৱা নাই।  কেনেকৈ আশা কৰিব পৰা যাব যে তেওঁলোকে  ঘৰৰ পৰা ওলাই আহি কৰবাত কামলৈ যাব?" মুখ্য ন্যায়াধীশ আগৰৱালাই  প্ৰতিষ্ঠানটোক শীঘ্ৰে নিৰ্দেশ পালন কৰিবলৈ কয়।

 ইপিনে  কোম্পানীটোৱে দাবী কৰিছে  যে তেওঁলোকে অনাথ আৰু বিধৱাসকলৰ যত্ন লৈ আছে। অৱশ্যে পুত্ৰক হেৰুওৱা বৃদ্ধসকলৰ ক্ষেত্ৰত কেনে সকাহমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ত কোম্পানীটোৱে আদালতক একো জনাব নোৱাৰিলে।উল্লেখ্য মৰবিত দলং খহি পৰাত ১৩৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত আহত সকলক চিকিৎসা প্ৰদান কৰি থকা তথা নিহত সকলৰ মৃতদেহ ৰখা চিকিৎসালয় খনলৈ গৈছিল। মোদীৰ ভ্ৰমণৰ বাবেই  চিকিৎসালয় খন নতুনকৈ ৰং কৰা হৈছিল।কিন্তু পূৰ্বে অৱহেলিত হৈ থকা চিকিৎসালয় খনত মোদীৰ আগমণৰ বাবেই  ৰং কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বিৰোধীয়ে মৰবিৰ চিকিৎসালয়ত ৰং কৰাৰ কথাটোকলৈ মোদীৰ চৰকাৰক উভতি ধৰিছিল। বিৰোধীয়ে কৈছিল যে  প্ৰধানমন্ত্ৰী চিকিৎসালয়লৈ আহিব বাবেই চিকিৎসালয়ৰ  দেৱালবোৰ ৰাতিটোৰ ভিতৰতে ৰং কৰা হৈছে ,যাতে সমগ্ৰ দেশৰ দুৰ্বল অৱস্থাটো উন্মোচিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা