--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গুজৰাট উচ্চ ন্যায়ালয়ে মৰবি দলঙৰ পৰিচালনা আৰু তত্বাৱধানৰ বাবে দায়বদ্ধ কোম্পানী অৰেভা গ্ৰুপক দলং দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালৰ যোগ্য ব্যক্তিক   আজীৱন পেঞ্চন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সুনীল আগৰৱালা আৰু ন্যায়াধীশ অনিৰুদ্ধ মায়ীৰ খণ্ড বিচাৰপীঠে ২০২২ চনৰ ৩০ অক্টোবৰত ব্ৰিটিছ যুগৰ  দলংখন  খহি পৰাৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হোৱা ঘটনাটো সন্দৰ্ভত  এখন  ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ  শুনানি গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে।

 চৰকাৰৰ মতে উক্ত দলং দুৰ্ঘটনাত  দহগৰাকী মহিলা বিধৱা হৈছিল আৰু সাতটা শিশু অনাথ হৈছিল।আদালতে আজি নিৰ্দেশমাত কয় " বিধৱাসকলক চাকৰি দিয়ক, বা যদি তেওঁলোকে কাম কৰিব নিবিচাৰে তেন্তে পেঞ্চন দিয়ক।  তেওঁলোকক আজীৱন পেঞ্চন দিব লাগিব। তেওঁলোক কাম কৰিব পৰা অৱস্থাত নাথাকিব পাৰে। এনে কিছুমান মহিলা আছে যিয়ে কেতিয়াও কাম কৰা নাই আৰু কেতিয়াও ঘৰৰ বাহিৰলৈ যোৱা নাই।  কেনেকৈ আশা কৰিব পৰা যাব যে তেওঁলোকে  ঘৰৰ পৰা ওলাই আহি কৰবাত কামলৈ যাব?" মুখ্য ন্যায়াধীশ আগৰৱালাই  প্ৰতিষ্ঠানটোক শীঘ্ৰে নিৰ্দেশ পালন কৰিবলৈ কয়।

 ইপিনে  কোম্পানীটোৱে দাবী কৰিছে  যে তেওঁলোকে অনাথ আৰু বিধৱাসকলৰ যত্ন লৈ আছে। অৱশ্যে পুত্ৰক হেৰুওৱা বৃদ্ধসকলৰ ক্ষেত্ৰত কেনে সকাহমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ত কোম্পানীটোৱে আদালতক একো জনাব নোৱাৰিলে।উল্লেখ্য মৰবিত দলং খহি পৰাত ১৩৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত আহত সকলক চিকিৎসা প্ৰদান কৰি থকা তথা নিহত সকলৰ মৃতদেহ ৰখা চিকিৎসালয় খনলৈ গৈছিল। মোদীৰ ভ্ৰমণৰ বাবেই  চিকিৎসালয় খন নতুনকৈ ৰং কৰা হৈছিল।কিন্তু পূৰ্বে অৱহেলিত হৈ থকা চিকিৎসালয় খনত মোদীৰ আগমণৰ বাবেই  ৰং কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বিৰোধীয়ে মৰবিৰ চিকিৎসালয়ত ৰং কৰাৰ কথাটোকলৈ মোদীৰ চৰকাৰক উভতি ধৰিছিল। বিৰোধীয়ে কৈছিল যে  প্ৰধানমন্ত্ৰী চিকিৎসালয়লৈ আহিব বাবেই চিকিৎসালয়ৰ  দেৱালবোৰ ৰাতিটোৰ ভিতৰতে ৰং কৰা হৈছে ,যাতে সমগ্ৰ দেশৰ দুৰ্বল অৱস্থাটো উন্মোচিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক