--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেছোৱাৰৰ মছজিদৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সন্দেহযুক্ত এজন সন্ত্ৰাসবাদীৰ এটা কটা মূৰ। কেৱল কটা মূৰটোৰ বাদে মৃতদেহটোৰ আন কোনো অংশ উদ্ধাৰ হোৱা নাই বুলি পেছোৱাৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

পেছোৱাৰ আৰক্ষী বিষয়া মহম্মদ আয়াজে জিঅ’ টিভিক জনোৱা মতে, মছজিদ বিস্ফোৰণস্থলীৰ পৰা এটা কটা মূৰ উদ্ধাৰ কৰা হৈছে। এই কটা মূৰটো আত্মঘাতী বোমাৰুগৰাকীৰ বুলি সন্দেহ কৰা হৈছে। তেওঁৰ ভাষাত, "বিস্ফোৰণৰ পূৰ্বে উগ্ৰপন্থীজনে পুলিচৰ মাজত কৰিছিল।" কেৱল সেয়াই নহয়, চৰকাৰী বিষয়াৰ গাড়ী ব্যৱহাৰ কৰি উগ্ৰপন্থীজনে মছজিদত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে কেনেধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২.৩০ বজাত মছজিদত আত্মঘাতী বিস্ফোৰণটো সংঘটিত হয়। নামাজৰ সময়ত হোৱা এই বিস্ফোৰণত নিহত হয় ৯০ জন লোক। আহত হৈছে ৫০ জন লোক। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে মছজিদৰ এটা অংশ ভাঙি যায়।

আৰক্ষীৰ মতে, বিস্ফোৰণৰ ফলত হোৱা মৃত্যুৰ উপৰিও মছজিদটোৰ এটা অংশ ভাঙি পৰাত কেইবাজনো লোকৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে আশংকা কৰিছে যে এতিয়াও একাংশ লোক ধ্বংসাৱশেষৰ তলত পোত খাই আছে।

তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) উগ্ৰপন্থী সংগঠনে কিছু সময়ৰ পিছতে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি লৈছিল। যোৱা বছৰ টিটিপিৰ অধিনায়ক খুৰাছানীক পাক সেনাই গুলীয়াই হত্যা কৰিছিল। মচজিদত বোমা বিস্ফোৰণেৰে এই হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱা হৈছে বুলি হুংকাৰ দিছে টিটিপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ