--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেছোৱাৰৰ মছজিদৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সন্দেহযুক্ত এজন সন্ত্ৰাসবাদীৰ এটা কটা মূৰ। কেৱল কটা মূৰটোৰ বাদে মৃতদেহটোৰ আন কোনো অংশ উদ্ধাৰ হোৱা নাই বুলি পেছোৱাৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

পেছোৱাৰ আৰক্ষী বিষয়া মহম্মদ আয়াজে জিঅ’ টিভিক জনোৱা মতে, মছজিদ বিস্ফোৰণস্থলীৰ পৰা এটা কটা মূৰ উদ্ধাৰ কৰা হৈছে। এই কটা মূৰটো আত্মঘাতী বোমাৰুগৰাকীৰ বুলি সন্দেহ কৰা হৈছে। তেওঁৰ ভাষাত, "বিস্ফোৰণৰ পূৰ্বে উগ্ৰপন্থীজনে পুলিচৰ মাজত কৰিছিল।" কেৱল সেয়াই নহয়, চৰকাৰী বিষয়াৰ গাড়ী ব্যৱহাৰ কৰি উগ্ৰপন্থীজনে মছজিদত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে কেনেধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২.৩০ বজাত মছজিদত আত্মঘাতী বিস্ফোৰণটো সংঘটিত হয়। নামাজৰ সময়ত হোৱা এই বিস্ফোৰণত নিহত হয় ৯০ জন লোক। আহত হৈছে ৫০ জন লোক। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে মছজিদৰ এটা অংশ ভাঙি যায়।

আৰক্ষীৰ মতে, বিস্ফোৰণৰ ফলত হোৱা মৃত্যুৰ উপৰিও মছজিদটোৰ এটা অংশ ভাঙি পৰাত কেইবাজনো লোকৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে আশংকা কৰিছে যে এতিয়াও একাংশ লোক ধ্বংসাৱশেষৰ তলত পোত খাই আছে।

তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) উগ্ৰপন্থী সংগঠনে কিছু সময়ৰ পিছতে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি লৈছিল। যোৱা বছৰ টিটিপিৰ অধিনায়ক খুৰাছানীক পাক সেনাই গুলীয়াই হত্যা কৰিছিল। মচজিদত বোমা বিস্ফোৰণেৰে এই হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱা হৈছে বুলি হুংকাৰ দিছে টিটিপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী