--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা ফাৰ্ম হাউচৰ পিছফালে থকা পুৰণি আচবাবৰ জাবৰৰ মাজত পৰিত্যক্তভাৱে পৰি আছিল এখন ছৱি। ছৱিখনৰ এটা অংশ চৰাইৰ বিষ্ঠাৰে ঢাক খাই আছিল। এই ছবিখনৰ বজাৰ মূল্য এতিয়া ২৪ কোটি টকা!

বৰ্তমান এই ছবিখন ৰটাৰডেমৰ ব’জমেন্স ভান বেউনিংগেন সংগ্ৰহালয়ত ৰখা হৈছে। চিএনএনৰ মতে এই ছবিখন ১৬১৫ চনৰ পৰা ১৬১৮ চনৰ মাজভাগৰ ভিতৰত অংকন কৰা হৈছিল।

চিএনএনৰ তথ্য অনুসৰি বেলজিয়ামৰ বিখ্যাত শিল্পী এণ্টনি ভ্যান ডাইকে এই ছবিখন অংকন কৰিছিল।এজন উলংগ বুঢ়া মানুহক এই ছবিখনত ৰঙীনভাৱে বন্দী কৰা হৈছে।

এন্থনীৰ হাতেৰে অংকন কৰা তৈল চিত্ৰখনৰ নাম হৈছে - ‘চেণ্ট জেৰম’। ছৱিখন আঁকিবলৈ ডাইকে এজন জীৱন্ত বৃদ্ধ মডেল ব্যৱহাৰ কৰিছিল। ডাইকৰ আন বহু ছৱিত বৃদ্ধজনক দেখা যায়।

এলবাৰ্ট বি ৰবাৰ্টছ নামৰ এজন ব্যক্তিয়ে ডাইকৰ এই ছবিখন অতি কম দামত ফাৰ্ম হাউচটোৰ পৰা কিনিছিল। ডাইকে অংকন কৰা এই ছবিখন এলবাৰ্টে মাত্ৰ ৬০০ ডলাৰ বা ভাৰতীয় মুদ্ৰাত ৪৯ হাজাৰ টকাত কিনিছিল।

চুজান জে বাৰ্নছ নামৰ এগৰাকী ইতিহাসবিদে এই ছবিখন চিনাক্ত কৰিছিল। চুজেনে কয় যে ডাইকৰ ছবিখনত চৰাইৰ মল থাকিলেও ভালদৰে সংৰক্ষিত হৈ আছে।

২৬ জানুৱাৰীত ডাইকৰ এই ছবিখন নিলামত বিক্ৰী হৈছিল ২৪ কোটি টকাত। নিলাম সংস্থাটোৰ মতে, ডাইকৰ অংকনত মানুহৰ শৰীৰৰ গঠন স্পষ্টকৈ দেখা যায়। চিত্ৰকলাৰ অধ্যয়নৰ বাবেও ডাইকৰ সৃষ্টি অনন্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী