--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা ফাৰ্ম হাউচৰ পিছফালে থকা পুৰণি আচবাবৰ জাবৰৰ মাজত পৰিত্যক্তভাৱে পৰি আছিল এখন ছৱি। ছৱিখনৰ এটা অংশ চৰাইৰ বিষ্ঠাৰে ঢাক খাই আছিল। এই ছবিখনৰ বজাৰ মূল্য এতিয়া ২৪ কোটি টকা!

বৰ্তমান এই ছবিখন ৰটাৰডেমৰ ব’জমেন্স ভান বেউনিংগেন সংগ্ৰহালয়ত ৰখা হৈছে। চিএনএনৰ মতে এই ছবিখন ১৬১৫ চনৰ পৰা ১৬১৮ চনৰ মাজভাগৰ ভিতৰত অংকন কৰা হৈছিল।

চিএনএনৰ তথ্য অনুসৰি বেলজিয়ামৰ বিখ্যাত শিল্পী এণ্টনি ভ্যান ডাইকে এই ছবিখন অংকন কৰিছিল।এজন উলংগ বুঢ়া মানুহক এই ছবিখনত ৰঙীনভাৱে বন্দী কৰা হৈছে।

এন্থনীৰ হাতেৰে অংকন কৰা তৈল চিত্ৰখনৰ নাম হৈছে - ‘চেণ্ট জেৰম’। ছৱিখন আঁকিবলৈ ডাইকে এজন জীৱন্ত বৃদ্ধ মডেল ব্যৱহাৰ কৰিছিল। ডাইকৰ আন বহু ছৱিত বৃদ্ধজনক দেখা যায়।

এলবাৰ্ট বি ৰবাৰ্টছ নামৰ এজন ব্যক্তিয়ে ডাইকৰ এই ছবিখন অতি কম দামত ফাৰ্ম হাউচটোৰ পৰা কিনিছিল। ডাইকে অংকন কৰা এই ছবিখন এলবাৰ্টে মাত্ৰ ৬০০ ডলাৰ বা ভাৰতীয় মুদ্ৰাত ৪৯ হাজাৰ টকাত কিনিছিল।

চুজান জে বাৰ্নছ নামৰ এগৰাকী ইতিহাসবিদে এই ছবিখন চিনাক্ত কৰিছিল। চুজেনে কয় যে ডাইকৰ ছবিখনত চৰাইৰ মল থাকিলেও ভালদৰে সংৰক্ষিত হৈ আছে।

২৬ জানুৱাৰীত ডাইকৰ এই ছবিখন নিলামত বিক্ৰী হৈছিল ২৪ কোটি টকাত। নিলাম সংস্থাটোৰ মতে, ডাইকৰ অংকনত মানুহৰ শৰীৰৰ গঠন স্পষ্টকৈ দেখা যায়। চিত্ৰকলাৰ অধ্যয়নৰ বাবেও ডাইকৰ সৃষ্টি অনন্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ