--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযেন কাহিনীৰ ওৰেই নপৰিব৷ বংগৰ অপসাৰিত শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ বান্ধৱী অৰ্পিতা মুখাৰ্জীৰ কেইবাটাও ঘৰৰ পৰা ইডিয়ে ৫০ কোটিতকৈও অধিক নগদ ধনৰ  লগতে কেইবা লাখ টকা মূল্যৰ সোণৰ আ-অংকাৰ উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য ৷ শেহতীয়াকৈ ফাদিল হোৱা তথ্য অনুসৰি অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে মডেলগৰাকীৰ ঘৰৰ পৰা উধাও হৈছিল চাৰিখনকৈ বিলাসী গাড়ী৷ সন্দেহ কৰা অনুসৰি সেই গাড়ী কেই খনতে অৰ্পিতাৰ ঘনিষ্ঠ কোনো লোকে কমেও ১০০ কোটি টকা আঁতৰাই নিছিল৷ ইডিৰ চকুত ধূলি মাৰি সংগোপনে কৰা হৈছিল এই কাম৷

 আজি ইডিৰ সূত্ৰই প্ৰকাশ কৰা মতে অৰ্পিতা গ্ৰেপ্তাৰ হোৱাৰ পিছতে অডি, মাৰ্চিডিজকে ধৰি চাৰিখন বিলাসী গাড়ী তেওঁৰ ঘৰৰ পৰাই নাইকিয়া হয়৷ ফলত  ৰহস্য অধিক বৃদ্ধি পাইছে৷ ইডিয়ে তালাচী চলাব বুলি নিশ্চিত হোৱাৰ পিছতে অৰ্পিতাই কোনো ঘনিষ্ঠ লোকৰ জৰিয়তে চাৰি খন গাড়ীৰে বিশাল পৰিমাণৰ ধন সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছিল নেকি তাকে লৈ এতিয়া ইডিৰ বিষয়াসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে৷

অৰ্পিতা মুখাৰ্জীক শনিবাৰে দক্ষিণ কলকাতাৰ বাসগৃহৰ পৰা  ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত অৰ্পিতাৰ ফ্লেটৰ পৰা নগদ প্ৰায় ২২ কোটি টকা উদ্ধাৰ কৰা হৈছিল। বৰ্তমানৰ তেওঁ ইডিৰ  জিম্মাতে আছে আৰু ইডিৰ বিষয়াসকলে তেওঁক জেৰা চলাই  আছে। এনে সময়তে গাড়ী উধাও হোৱাৰ   চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে ইৰ্পিতাৰ ঘৰৰ  পৰা চাৰিখন বিলাসী গাড়ী নাইকিয়া হোৱাটো নিশ্চিত। অৰ্পিতাৰ ঘৰত মুঠ ৫ খন গাড়ী আছিল। 

বৰ্তমান তেওঁৰ ঘৰত  এখনহে গাড়ী আছে, বাকী চাৰি খন ক’লৈ গ’ল? ইডিৰ সূত্ৰৰ মতে চাৰিখন বাহনৰ ভিতৰত এখন হৈছে অডি এ৪, দ্বিতীয়খন হণ্ডা চিটি, তৃতীয়খন হণ্ডা চিআৰভি আৰু আনখন হৈছে মাৰ্চিডিজ বেঞ্জ। সূত্ৰ অনুসৰি  অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাতিটোৰ ভিতৰতে গাড়ী  কেইখন বাসগৃহৰ পৰা আঁতৰাই নিয়া হয়।  

ইডিৰ বিষয়াসকলে সন্দেহ কৰিছে যে গাড়ী কেইখনত বিশাল পৰিমাণৰ টকাও থাকিব পাৰে।  বিষয়াসকলে গাড়ী কেইখন কোনে লৈ গৈছিল সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে। ইতিমধ্যে অৰ্পিতাৰ বাসগৃহৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। অনুসন্ধানকাৰীসকলে সুৰক্ষা বাহিনীৰ সৈতেও কথা পাতি আছে।  উল্লেখ্য  অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ দিনাই তেওঁৰ এখন বগা ৰঙৰ মাৰ্চিডিজ জব্দ কৰা হৈছিল। বাকী গাড়ীবোৰ হঠাতে তেওঁৰ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। 

বিষয়াসকলে জানিব পাৰিছে যে চাৰিখন গাড়ীৰ দুখন অৰ্পিতাই নিজে ব্যৱহাৰ কৰিছিল, আনহাতে বাকীবোৰ কোম্পানীএটাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গাড়ীবোৰৰ চালকসকলকো চিনাক্ত কৰাৰ বাবে ইডিয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে৷ চালক কেইজনক ধৰিব পাৰিলেই গাড়ী কেইখন অন্তৰ্ধান হোৱাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান