--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত বাজিছে নিৰ্বাচনী ৰণশিঙা। বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনৰ বাবে ৰাজ্য খনত দ্বিতীয় খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কিন্তু দলটোৱে এইবাৰ মধ্যপ্ৰদেশত টিকট নিদিলে  জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰা জনক সমৰ্থন জনোৱা বিধায়ক কেদাৰনাথ শুক্লাক । বিজেপিৰ প্ৰবীণ নেতা তথা চাৰিবাৰৰ  বিধায়ক কেদাৰনাথ শুক্লাৰ ঠাইত ছিধি   বিধানসভা সমষ্টিৰ পৰা ৰিতি পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। 

শুক্লাই কেইমাহমান আগতে ছিধিত সংঘটিত এক লজ্জাজনক ঘটনাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। শুক্লাৰ এজন সমৰ্থক প্ৰৱেশ শুক্লাই এজন জনজাতীয় লোকৰ  মুখত প্ৰস্ৰাৱ কৰিছিল। এই ঘটনাৰ ভিডিঅ’  ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল।

ঘটনাটোকলৈ   বিৰোধী কংগ্ৰেছে জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টোত বিজেপিক সমালোচনা কৰিছিল। ঘটনাটোৱে  মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো ক্ষমা খুজিবলৈ বাধ্য কৰিছিল। মধ্য প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সেই ঘটনাৰ ক্ষতি পূৰণ কৰিব বিচাৰিছে। । মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩৯ জন প্ৰাৰ্থীৰ দ্বিতীয়খন  তালিকা ঘোষণা কৰিছে। 

ছিধিত  পাঠকক শুক্লাৰ ঠাইত বিজেপিয়ে প্ৰক্ষেপ কৰিছে।  শুক্লাক টিকট নিদি বিজেপিয়ে  অঞ্চলটোৰ জনজাতীয় লোকসকলৰ মনত  থকা অসন্তুষ্টি হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলি বহুতে আলোচনা কৰিছে।

মুখ্যমন্ত্ৰী চৌহানে জনজাতীয় লোক জনক  ভূপালত থকা তেওঁৰ বাসগৃহলৈ মাতিছিল আৰু তেওঁৰ ভৰি ধুৱাই দি ক্ষমা বিচাৰিছিল।। জেপি কৰ্মীৰ অমানৱীয় কাৰ্যৰ বাবে তেওঁৰ ওচৰত ভৰি ধুৱাই ক্ষমা বিচাৰি বিজেপিয়ে জনজাতীয় লোকসকলৰ ক্ষোভৰ জুই নিৰ্বাপিত কৰিব বিচাৰিছিল।। জনজাতীয় লোক জনৰ মুখত মূত্ৰ ত্যাগ কৰা লোক জনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত গোচৰ ৰুজু কৰা হৈছিল ।এই ঘটনাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত  এজন জনজাতীয় যুৱকক দোকান এখনৰ ওচৰত  বহি থকা দেখা গৈছিল। সেই সময়ত অভিযুক্ত প্ৰবেশ শুক্লা নামৰ লোকজনে তেওঁৰ সন্মুখত থিয় হৈছিল আৰু জনজাতীয় যুৱকজনৰ মুখতে  প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছিল।  

ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়।তাৰ পিছতে  লোকজনে গ্ৰেপ্তাৰ এৰাই চলিবলৈ পলাতক হৈ আছিল। অৱশেষত পুলিচে তেওঁক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে অনুসূচীত জাতি/অনুসূচীত জনজাতি আইন আৰু অন্যান্য  ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল। সেই লোকজনৰ কামক বিধায়ক শুক্লাই মুকলিকৈয়ে সমৰ্থন জনাইছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'