--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২৪ ছেপ্তেম্বৰত উদয়পুৰত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ ৰাজকীয় বিবাহ সম্পন্ন হয়। এই বিবাহ অনুষ্ঠানৰ বহু ছবি আৰু ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে তেওঁলোকৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত পৰিবেশন হ’বলগীয়া খাদ্যৰ মেনুও প্ৰকাশ পাইছে।

আচলতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ আছে। য’ত বিয়া এখনত সজোৱা ব্ৰেকফাষ্ট বুফে দেখা গৈছে। এই ভিডিঅ'টোত ডিম ছাম, কেক আৰু কুলফিৰ দৰে সুস্বাদু বস্তুৰ পৰা পুৰণি দিল্লীৰ বিখ্যাত কাবাবলৈকে দেখা গৈছে। ইয়াৰ উপৰিও বিয়াত অতিথিসকলক হেজেলনাট গেটৱে, ডাৰ্ক ট্ৰাফেল পেষ্ট্ৰি, ফালাফল উইথ ৰেড বিট্ৰুট হামাছ, মিনি বাৰ্গাৰ, শসা মিনি চেণ্ডউইচ, আলু ৱেজ, মিল্ক কেক, আলু পিঁয়াজৰ কাচোৰী আদি খাদ্যও পৰিবেশন কৰা হয়।

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Instant Bollywood (@instantbollywood)

উল্লেখ্য যে ২৪ ছেপ্তেম্বৰত ৰাজস্থানৰ উদয়পুৰৰ দ্য লীলা পেলেচ হোটেলত ৰাঘৱ আৰু পৰিনীতি চোপ্ৰাৰ বিবাহ সম্পন্ন হৈছিল। দুয়োৰে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহপাশত উপস্থিত আছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ বহু ভিডিঅ’ আৰু ছবি। য’ত পৰিনীতিয়ে দৰা ৰাঘৱক মৰমেৰে ওপচাই দেখা গৈছে। বিয়াত পৰিনীতিয়ে পৰিধান কৰিছিল বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ লেহেংগা। 


স্মৰ্তব্য যে বিয়াৰ পাছত দম্পতীহাল কালি অৰ্থাৎ ২৫ ছেপ্তেম্বৰত দিল্লীত উপস্থিত হয়। য'ত পৰিনীতিক শহুৰেকৰ ঘৰত উষ্ম আদৰণি জনোৱা হয়। এই সময়ত পৰিনীতিক পৰম্পৰাগত ৰূপত দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু