--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাংশ জীৱিত শ্ৰমিক! ইয়াৰে কিছুমান শ্ৰমিকে বৰ্তমানেও কৰি আছে কাম। কিন্তু ৰাজ্যৰ চৰকাৰী প্ৰকল্পত শ্ৰমিকসকল "মৃত"! কেৱল সেয়াই নহয়, আকস্মিক মৃত্যুৰ বাবে একাংশই চৰকাৰী ক্ষতিপূৰণো আত্মসাৎ কৰাৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে। সম্প্ৰতি এনডিটিভিত প্ৰচাৰিত এটা অনুষ্ঠানত মধ্য প্ৰদেশৰ এই ‘দুৰ্নীতি’ৰ বিষয়ে কিছু নথি প্ৰকাশ পাইছে।

‘মধ্য প্ৰদেশ ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ ব’ৰ্ড’ত মৃতকৰ নামক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ব’ৰ্ডৰ এখন আঁচনিত কোৱা হৈছে যে যদি কোনো শ্ৰমিকৰ কোনো কৰ্মক্ষেত্ৰত বা দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁলোকৰ পৰিয়ালক দুই লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয়। লগতে যদি কোনো শ্ৰমিক দুৰ্ঘটনাৰ বাবে শাৰীৰিকভাৱে অক্ষম হয় তেন্তে সেই শ্ৰমিকেও ক্ষতিপূৰণ লাভ কৰিব।

যিসকলক এই ক্ষতিপূৰণ দিয়া হৈছে তেওঁলোকৰ নামৰ তালিকা ব’ৰ্ডত আছে। সেই তালিকাত নাম উল্লেখ কৰা একাংশ শ্ৰমিকক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। দাবী কৰা হৈছে যে ৰাজ্যৰ ৰাজধানী ভূপালত এতিয়াও কৰ্মৰত বহু শ্ৰমিক আছে, যিসকলক কাগজে-পত্ৰই ‘মৃত’ বুলি ঘোষণা কৰা হৈছে। অভিযোগ অনুসৰি, একাংশ চৰকাৰী বিষয়াই নিজকে যোগ্য বুলি দাবী কৰা সেই শ্ৰমিকসকলৰ নামত ভুৱা একাউণ্ট খুলি ক্ষতিপূৰণৰ ধন আত্মসাৎ কৰিছিল।

সংবাদ মাধ্যমত প্ৰকাশিত নথি অনুসৰি মৃত বুলি তালিকাভুক্ত কৰা অনুসৰি এতিয়াও কমেও ১১ জন লোক জীয়াই আছে। তাৰ ভিতৰত উৰ্মিলা ৰাইকৱাৰ নামৰ এগৰাকী মহিলাও আছে। তালিকাত নিজৰ নাম দেখি উৰ্মলা স্তম্ভিত হৈ পৰে।তালিকাত উল্লেখ আছিল যে ২০২৩ চনৰ জুন মাহত উৰ্মিলাৰ মৃত্যু হৈছিল। আনকি তেওঁৰ পৰিয়ালেও দুই লাখ টকাৰ ক্ষতিপূৰণ পালে। অৱশ্যে উৰ্মিলাই দাবী কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালে কোনো ধৰণৰ ধন লাভ কৰা নাছিল।

চাঁদবাদৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত বাস কৰা মহম্মদ কামাৰৰ অৱস্থা উৰ্মিলাৰ দৰেই একেই। ২০২৩ চনৰ জুন মাহত তেওঁৰ মৃত্যু বুলি উল্লেখ কৰা হৈছে। শ্ৰমিক কল্যাণ ব’ৰ্ডে শ্ৰমিক কন্যাক বিয়াৰ বাবে ৫১ হাজাৰ টকাৰে সহায় কৰে। মহম্মদৰ মতে "কেইবছৰমান আগতে মই মোৰ ছোৱালীৰ বিয়াৰ বাবে এই ধনৰ বাবে আবেদন কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এপইচাও নাপালোঁ।"

ইতিমধ্যে চৰকাৰে বিষয়টোৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিক কয় যে, “যদি ক’তো এনে জালিয়াতি হৈছে, তেন্তে ইয়াৰ তদন্ত হ’ব লাগিব। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমাৰ চৰকাৰে এনে কাৰ্য কেতিয়াও সহ্য নকৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু