--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাংশ জীৱিত শ্ৰমিক! ইয়াৰে কিছুমান শ্ৰমিকে বৰ্তমানেও কৰি আছে কাম। কিন্তু ৰাজ্যৰ চৰকাৰী প্ৰকল্পত শ্ৰমিকসকল "মৃত"! কেৱল সেয়াই নহয়, আকস্মিক মৃত্যুৰ বাবে একাংশই চৰকাৰী ক্ষতিপূৰণো আত্মসাৎ কৰাৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে। সম্প্ৰতি এনডিটিভিত প্ৰচাৰিত এটা অনুষ্ঠানত মধ্য প্ৰদেশৰ এই ‘দুৰ্নীতি’ৰ বিষয়ে কিছু নথি প্ৰকাশ পাইছে।

‘মধ্য প্ৰদেশ ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ ব’ৰ্ড’ত মৃতকৰ নামক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ব’ৰ্ডৰ এখন আঁচনিত কোৱা হৈছে যে যদি কোনো শ্ৰমিকৰ কোনো কৰ্মক্ষেত্ৰত বা দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁলোকৰ পৰিয়ালক দুই লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয়। লগতে যদি কোনো শ্ৰমিক দুৰ্ঘটনাৰ বাবে শাৰীৰিকভাৱে অক্ষম হয় তেন্তে সেই শ্ৰমিকেও ক্ষতিপূৰণ লাভ কৰিব।

যিসকলক এই ক্ষতিপূৰণ দিয়া হৈছে তেওঁলোকৰ নামৰ তালিকা ব’ৰ্ডত আছে। সেই তালিকাত নাম উল্লেখ কৰা একাংশ শ্ৰমিকক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। দাবী কৰা হৈছে যে ৰাজ্যৰ ৰাজধানী ভূপালত এতিয়াও কৰ্মৰত বহু শ্ৰমিক আছে, যিসকলক কাগজে-পত্ৰই ‘মৃত’ বুলি ঘোষণা কৰা হৈছে। অভিযোগ অনুসৰি, একাংশ চৰকাৰী বিষয়াই নিজকে যোগ্য বুলি দাবী কৰা সেই শ্ৰমিকসকলৰ নামত ভুৱা একাউণ্ট খুলি ক্ষতিপূৰণৰ ধন আত্মসাৎ কৰিছিল।

সংবাদ মাধ্যমত প্ৰকাশিত নথি অনুসৰি মৃত বুলি তালিকাভুক্ত কৰা অনুসৰি এতিয়াও কমেও ১১ জন লোক জীয়াই আছে। তাৰ ভিতৰত উৰ্মিলা ৰাইকৱাৰ নামৰ এগৰাকী মহিলাও আছে। তালিকাত নিজৰ নাম দেখি উৰ্মলা স্তম্ভিত হৈ পৰে।তালিকাত উল্লেখ আছিল যে ২০২৩ চনৰ জুন মাহত উৰ্মিলাৰ মৃত্যু হৈছিল। আনকি তেওঁৰ পৰিয়ালেও দুই লাখ টকাৰ ক্ষতিপূৰণ পালে। অৱশ্যে উৰ্মিলাই দাবী কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালে কোনো ধৰণৰ ধন লাভ কৰা নাছিল।

চাঁদবাদৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত বাস কৰা মহম্মদ কামাৰৰ অৱস্থা উৰ্মিলাৰ দৰেই একেই। ২০২৩ চনৰ জুন মাহত তেওঁৰ মৃত্যু বুলি উল্লেখ কৰা হৈছে। শ্ৰমিক কল্যাণ ব’ৰ্ডে শ্ৰমিক কন্যাক বিয়াৰ বাবে ৫১ হাজাৰ টকাৰে সহায় কৰে। মহম্মদৰ মতে "কেইবছৰমান আগতে মই মোৰ ছোৱালীৰ বিয়াৰ বাবে এই ধনৰ বাবে আবেদন কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এপইচাও নাপালোঁ।"

ইতিমধ্যে চৰকাৰে বিষয়টোৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিক কয় যে, “যদি ক’তো এনে জালিয়াতি হৈছে, তেন্তে ইয়াৰ তদন্ত হ’ব লাগিব। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমাৰ চৰকাৰে এনে কাৰ্য কেতিয়াও সহ্য নকৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী