--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিজিটেল জগতত ব্যাপক অগ্ৰগতি লাভ কৰিছে ভাৰতে৷ অনলাইন ব্যৱসায়েও দ্ৰুত উত্তৰণ কৰিছে ভাৰতত৷ অৱশ্যে আমি নেট দুনীয়াত দেখা সকলো বিষয় বৈধ নহয়। এই ক্ৰমবৰ্ধমান ডিজিটেল আগ্ৰাসনে এনে কেলেংকাৰীকো আশ্ৰয় দিছে, যাৰ সহজ চিকাৰ হৈ পৰিছে সাধাৰণ লোক আৰু বহুক্ষেত্ৰত কৃষকো৷ প্ৰবঞ্চিত হৈছে কৃষক৷ তেওঁলোকক ধনৰ প্ৰতাৰণা কৰা হৈছে।

শেহতীয়াকৈ গুৰুগ্ৰামৰ দুগ্ধপালক এজনে অনলাইনত গৰু কিনি থাকোঁতে আৰ্জিত ধন হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে৷ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই ঘটনাটোৰ ওপৰত আলোকপাত কৰা হৈছিল, য’ত গুৰগাঁৱৰ পাণ্ডলাত বাস কৰা সুখবীৰ নামৰ এজন ৫০ বছৰীয়া দুগ্ধ পালক দুৰ্ভাগ্যজনকভাৱে অনলাইন কেলেংকাৰীৰ বলি হৈছিল। তেওঁৰ পুত্ৰ পাৰবীনে (৩০) অফলাইন ৰেটৰ তুলনাত গৰু ক্ৰয় কৰিবলৈ চেষ্টা কৰি থাকোঁতে দেউতাকে টকা হেৰুওৱা কাণ্ডৰ বৰ্ণনা কৰিছে। 

পাৰবীনে প্ৰকাশ কৰে যে তেওঁৰ পিতৃয়ে নিজৰ ফোন ব্যৱহাৰ কৰি ইউটিউব ভিডিঅ’ চাই থকাৰ সময়তে গুগলৰ এটা ৱেবছাইটত উজুটি খাইছিল, য’ত সাধাৰণ অফলাইন মূল্য প্ৰায় এক লাখ টকাৰ তুলনাত যথেষ্ট কম মূল্যত ৯৫ হাজাৰ টকাত গৰু আগবঢ়াইছিল। বিজ্ঞাপনৰ জৰিয়তে হওক বা নম্বৰৰ জৰিয়তে হওক, দেউতাকে কেনেকৈ ৱেবছাইটটোৰ লিংক পালে সেয়া নিশ্চিত নহ’লেও যেতিয়া তেওঁৰ পিতৃয়ে এই চুক্তিৰ বিষয়ে সোধা-পোছা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া কেলেংকাৰীকাৰীয়ে তেওঁক ৱাটছএপত গৰুৰ ফটো পঠিয়াবলৈ আৰম্ভ কৰিছিল আৰু প্ৰথমতে ৩৫ হাজাৰ টকাৰ মূল্য উল্লেখ কৰিছিল। 

যেতিয়া সুখবীৰে চাৰিটা গৰু কিনাৰ আগ্ৰহ প্ৰকাশ কৰিলে, তেতিয়া গোশালৰ অধীনত গৰু পঞ্জীয়ন হ’ব বুলি ভুৱা প্ৰতিশ্ৰুতিৰে মূল্য ৯৫ হাজাৰ টকালৈ হ্ৰাস কৰা হয়।

বৈধ চুক্তি বুলি বিশ্বাস কৰি প্ৰবীণৰ পিতৃয়ে ১৯ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত মুঠ ২২,৯৯৯ টকাৰ লেনদেন কৰিছিল। কিন্তু সুখবীৰে ধন পৰিশোধ কৰি থকাৰ সময়তে কেলেংকাৰীয়ে অতিৰিক্ত ধন দাবী কৰি মেলে প্ৰবঞ্চনাৰ জাল। পিছত যেতিয়া অনলাইন প্ৰবঞ্চকে অধিক ধন বিচাৰিলে, তেতিয়া সুখবীৰেয়ে উপলব্ধি কৰিলে যে এই অফাৰটো প্ৰৱঞ্চনামূলক আৰু কোনো প্ৰকৃত গৰু ক্ৰয়ৰ বাবে উপলব্ধ নহয়। পাছত ভাৰতীয় দণ্ডবিধিৰ ৪১৯ আৰু ৪২০ ধাৰাত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰে ভুক্তভোগীগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী