--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশত কংগ্ৰেছে পুনৰ বিজেপিত আঘাত হানিছে। ৰাজ্যখনৰ আগশাৰীৰ বিজেপি নেতা বৈজনাথ সিঙে কংগ্ৰেছলৈ উভতি আহিছে। ‘ঘৰলৈ ওভোতা’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বৈজনাথে ৪০০ বাহনৰ কনভয় লৈ ছাইৰেন বজাই আহে। শিৱপুৰীৰ পৰা ভূপাললৈকে বৈজনাথ সিঙে ৩০০ কিলোমিটাৰ পথ উজাই আহি  কংগ্ৰেছত যোগদান কৰে।

উল্লেখ্য যে ২০২১ চনত জ্যোতিৰাদত্য সিন্ধেৰ সৈতে বিজেপিত যোগদান কৰিছিল শিবপুৰী সমষ্টিৰ নেতাগৰাকীয়ে। তাৰ পিছতে ৰাজ্যখনত কমলনাথ চৰকাৰৰ পতন ঘটে। বিজেপিৰ শিৱৰাজ সিং চৌহান পুনৰ ক্ষমতালৈ আহে। এইবাৰ পুনৰ 'ঘৰলৈ ওভটি’ আহে তেওঁ।

সূত্ৰসমূহৰ মতে, এই বছৰ আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হ’বলৈ তৎপৰ হৈ পৰিছিল। কিন্তু বিজেপিৰ টিকট নাপাব বুলি নিশ্চিত হৈয়ে বৈজনাথে পুনৰ কংগ্ৰেছলৈ উভতি যাবলৈ উদ্যোগ আৰম্ভ কৰে।


বৃহস্পতিবাৰে পুৱা বৈজনাথে ৪০০ খন গাড়ীৰ কনভয় লৈ ভূপালৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ আহে। তেওঁক কংগ্ৰেছৰ পতাকাখন হাতত তুলি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে। কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা দিগ্বীজয় সিং তেওঁৰ কাষত থিয় হৈ আছিল।

ৰাজ্যিক কংগ্ৰেছে দাবী কৰিছে যে কেৱল বৈজনাথেই নহয়, তেওঁৰ শতাধিক ‘বন্ধু’ৱেও কংগ্ৰেছত যোগদান কৰি আৰু বিজেপিৰ জংঘলৰাজ শেষ কৰাৰ পণ লৈছে। কংগ্ৰেছৰ সূত্ৰই জানিব দিয়া মতে, জিলাখনৰ পোন্ধৰজনতকৈও অধিক নেতাই বৈজনাথৰ সৈতে দলটোত যোগদান কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস