--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (১৫ জুন) গুজৰাটৰ আহমেদাবাদত অৱতৰণ কৰাৰ সময়ত ইণ্ডিগোৰ এখন বিমান আঘাতৰ সন্মুখীন হয়। বেংগালুৰুৰ পৰা আহমেদাবাদলৈ যোৱা এই বিমানখন (বেংগালুৰু আহমেদাবাদ বিমান) নিৰাপদে অৱতৰণ কৰি গ্ৰাউণ্ডেড ঘোষণা কৰা হৈছে। বিমানখনত থকা সকলো যাত্ৰী সুৰক্ষিত। ইণ্ডিগোৱে ইতিমধ্যে বিষয়টোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিছে।

ইণ্ডিগোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে বাংগালুৰুৰ পৰা আহমেদাবাদলৈ যোৱা ইণ্ডিগোৰ 6E6595 বিমানখন আহমেদাবাদত অৱতৰণ কৰাৰ সময়ত টেইল ষ্ট্ৰাইকৰ বলি হয়। প্ৰয়োজনীয় মূল্যায়ন আৰু মেৰামতিৰ বাবে আহমেদাবাদ বিমানবন্দৰত বিমানখন গ্ৰাউণ্ডেড ঘোষণা কৰা হয়। সংশ্লিষ্ট কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে বিমান সংস্থাটোৱে।

শেহতীয়াকৈ ইণ্ডিগোৰ এখন বিমানৰ সৈতে এনেধৰণৰ আন এক ঘটনা সংঘটিত হৈছে। ইণ্ডিগো বিমানখনৰ পিছফালৰ অংশই যোৱা ১১ জুনত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত মাটিত খুন্দা মাৰে। ইয়াৰ পিছতে বিমান সুৰক্ষা নিয়ন্ত্ৰক ডিজিচিএই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, ডিজিচিএৰ নিৰ্দেশত বিমান সংস্থাটোৱে ক্ৰু সদস্যসকলকো বিমান চলোৱাত বাধা আৰোপ কৰিছে।


ইণ্ডিগোৰ এগৰাকী বিষয়াই জনাইছিল যে ১১ জুনত ইণ্ডিগো বিমান এ৩২১ নিঅ’ই কলকাতাৰ পৰা দিল্লীলৈ ৬ই-৬১৮৩ নম্বৰৰ বিমান চলাই আছিল আৰু দিল্লীত অৱতৰণ কৰাৰ সময়ত ইয়াৰ চকাৰ ফাল মাটিত খুন্দা মাৰিছিল। ডিজিচিএৰ বিষয়াগৰাকীয়ে কয় যে দিল্লীত অৱতৰণলৈকে বিমানখন স্বাভাৱিক আছিল আৰু ইয়াৰ ২৭ নং ৰাণৱেৰ কাষ চাপি অহাৰ সময়তে ক্ৰুৱে উপলব্ধি কৰিছিল যে তেওঁলোকে সাধাৰণতকৈ বেছি সময় লৈছে। তাৰপাছত ফালদৰে চালতহে বিমানখনৰ পিছফালৰ অংশ মাটিত খুন্দা মৰাৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁলোকে গম পাই৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ