--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্ষা বন্ধন  উৎসৱক লৈ সমগ্ৰ দেশতে আনন্দৰ বন্যা বৈ গৈছে। এনে সময়তে  সমগ্ৰ দেশতে  এটা ৰাখীকলৈ বেছ  চৰ্চা  হৈছে।  মধ্য প্ৰদেশৰ ভিন্দ ত সাজি উলিওৱা হৈছে এটা বিশাল আকৃতিৰ ৰাখী।   পৃথিৱীৰ সৰ্ববৃহৎ ৰাখী হিচাবে পৰিচিত হৈ পৰা এই ৰাখীটোৱে এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাখী হিচাবে গীনিজ বুকত নাম অন্তৰ্ভুক্ত  কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

সমাজকৰ্মী আৰু বিজেপি নেতা অশোক ভৰদ্বাজে নিৰ্মাণ কৰি উলিয়াইছে এই বিশাল আকৃতিৰ ৰাখীটো। এই ৰাখীটোৰ নাম গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব বুলি ভৰদ্বাজে প্ৰকাশ কৰিছে।তেওঁ কয় যে ৰাখীটো প্ৰস্তুত কৰিবলৈ বাহিৰৰ পৰা ১২ জনৰো অধিক শিল্পীক  অনা হৈছে। 

 বিজেপি কৰ্মীসকলেও  ৰাখী নিৰ্মাণত সহযোগিতা কৰি আছে।   এই ৰাখীটো  ২০ ফুট দীঘল হ’ব । এই ৰাখী সৃষ্টিৰ পিছত ই বিশ্বৰ সৰ্ববৃহৎ ৰাখী হ'ব বুলি ভৰদ্বাজে প্ৰকাশ কৰে। ইতিমধ্যে গীনিজ বুক কৰ্তৃপক্ষই তেওঁৰ সৈতে যোগাযোগ কৰা বুলিও ভৰদ্বাজে প্ৰকাশ কৰে। 

ৰাখীটো   কাৰ্ডবোৰ্ড, কাঠ আৰু কাপোৰেৰে তৈয়াৰ কৰা হৈছে। আকৰ্ষণীয় ডিজাইন আৰু ৰঙত প্ৰস্তুত কৰা  এই ৰাখীৰ ব্যাস ২৫  ফুট হ'ব।  

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা৷ পূৰ্ণিমা তিথি ৩০ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই পূৰ্ণিমাতে ৰক্ষা বন্ধন  বা ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হ'ব। পূৰ্ণিমা তিথি ৩০ আগষ্টৰ পুৱা ১০.৪৮ বজাত আৰম্ভ হ'ব আৰু ৩১ আগষ্টৰ পুৱা ৭.০৬ বজালৈকে চলিব। পঞ্জিকা  অনুসৰি ৰাখী বান্ধিবলৈ শুভ সময় হৈছে ৩০  আগষ্টৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ। ৩১ আগষ্টৰ সূৰ্যোদয়ৰ পৰা পুৱা ০৭.০৫ বজালৈ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস