--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চন্দ্ৰযান-৩কলৈ বিশ্বজুৰি চলি আছে চৰ্চা। এনে সময়তে ইছৰ’ৰ সৈতে জড়িত থাকি চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম সাজি উলিওৱা বুলি দাবী কৰা এজন ভুৱা বিজ্ঞানী আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য  লেণ্ডাৰ বিক্ৰমে  চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰিছিল। অৱতৰণৰ পিছদিনা পুৱতি নিশা লেণ্ডাৰ বিক্ৰমৰ পৰা ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বিচৰণ কৰিবলৈ লৈছিল। 

প্ৰজ্ঞান ৰভাৰে এতিয়া চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰাৰ কাম কৰি আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সফলতাৰ বাবে দেশবাসী গৌৰৱান্বিত হৈছে। কিন্তু গুজৰাটৰ বাসিন্দা মিটুল ত্ৰিবেদী নামৰ লোকজনে  পৰিস্থিতিৰ সুযোগ লৈ নিজকে ইছৰ’ বিজ্ঞানী বুলি মানুহক আঁভুৱাভাঁৰি আহিছে। চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ পিছত মিটুলে ত্ৰিবেদীয়ে স্থানীয় সংবাদ মাধ্যমত দাবী কৰিছিল যে তেঁৱেই  বিক্ৰম সৃষ্টিৰ আঁৰৰ মানুহজন।


মিটুলে দাবী কৰিছিল যে তেঁৱেই প্ৰথমে বিক্ৰম লেণ্ডাৰ ডিজাইন কৰিছিল। মিতুলে প্ৰমাণ হিচাপে ইছৰ’ৰ নিযুক্তি পত্ৰও দেখুৱাইছিল। বিভিন্ন সাক্ষাৎকাৰত তেওঁ এজন ইছৰ’ বিজ্ঞানী বুলিয়েই পৰিচয় দি আহিছিল।   কিন্তু  বিষয়টো গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল। অনুসন্ধানৰ সময়ত  আৰক্ষীয়ে জানিব পাৰিলে  যে মিটুল ত্ৰিবেদীয়ে  ইছৰ’ৰ ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি লৈছিল। ভাৰতীয় আইন অনুসৰি, মিতুলৰ বিৰুদ্ধে চুৰাটৰ অপৰাধ শাখাই জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰে আৰু  মিটুলক গ্ৰেপ্তাৰ কৰে।


আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত মিতুলে  কেইবাটাও স্থানীয় সংবাদ মাধ্যমৰ আগত নিজকে  এজন ইছৰ’ৰ বিজ্ঞানী হিচাপে পৰিচয় দিছিল। সাক্ষাৎকাৰৰ সময়ত মিতুলে কৈছিল যে তেওঁ  চন্দ্ৰযান- ৩ৰ বাবে বিক্ৰম লেণ্ডাৰৰ ডিজাইন প্ৰস্তুত কৰিছিল। মিতুলক ২৬ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ইছৰ’ৰ প্ৰাচীন বিজ্ঞান এপ্লিকেচন বিভাগৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল বুলি তেওঁ দাবী কৰিছিল।

মিটুলে দাবী কৰিছিল যে তেওঁ মঙ্গল গ্ৰহৰ বিষয়ে  ইছৰ’ই গ্ৰহণ কৰা  পৰৱৰ্তী গৱেষণাৰ সৈতেও জড়িত। আৰক্ষীয়ে জনোৱা অনুসৰি  মিটুলে নিজকে এজন ইছৰ’ৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান কলুষিত কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে প্ৰমাণ পাইছে যে তেওঁ কোনো ধৰণে ইছৰ’ৰ সৈতে জড়িত নহয়। মিতুলে এখন ভুৱা নিযুক্তি পত্ৰ তৈয়াৰ কৰি নিজকে এজন ইছৰ’ বিজ্ঞানী হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল