--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চন্দ্ৰযান-৩কলৈ বিশ্বজুৰি চলি আছে চৰ্চা। এনে সময়তে ইছৰ’ৰ সৈতে জড়িত থাকি চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম সাজি উলিওৱা বুলি দাবী কৰা এজন ভুৱা বিজ্ঞানী আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য  লেণ্ডাৰ বিক্ৰমে  চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰিছিল। অৱতৰণৰ পিছদিনা পুৱতি নিশা লেণ্ডাৰ বিক্ৰমৰ পৰা ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বিচৰণ কৰিবলৈ লৈছিল। 

প্ৰজ্ঞান ৰভাৰে এতিয়া চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰাৰ কাম কৰি আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সফলতাৰ বাবে দেশবাসী গৌৰৱান্বিত হৈছে। কিন্তু গুজৰাটৰ বাসিন্দা মিটুল ত্ৰিবেদী নামৰ লোকজনে  পৰিস্থিতিৰ সুযোগ লৈ নিজকে ইছৰ’ বিজ্ঞানী বুলি মানুহক আঁভুৱাভাঁৰি আহিছে। চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ পিছত মিটুলে ত্ৰিবেদীয়ে স্থানীয় সংবাদ মাধ্যমত দাবী কৰিছিল যে তেঁৱেই  বিক্ৰম সৃষ্টিৰ আঁৰৰ মানুহজন।


মিটুলে দাবী কৰিছিল যে তেঁৱেই প্ৰথমে বিক্ৰম লেণ্ডাৰ ডিজাইন কৰিছিল। মিতুলে প্ৰমাণ হিচাপে ইছৰ’ৰ নিযুক্তি পত্ৰও দেখুৱাইছিল। বিভিন্ন সাক্ষাৎকাৰত তেওঁ এজন ইছৰ’ বিজ্ঞানী বুলিয়েই পৰিচয় দি আহিছিল।   কিন্তু  বিষয়টো গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল। অনুসন্ধানৰ সময়ত  আৰক্ষীয়ে জানিব পাৰিলে  যে মিটুল ত্ৰিবেদীয়ে  ইছৰ’ৰ ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি লৈছিল। ভাৰতীয় আইন অনুসৰি, মিতুলৰ বিৰুদ্ধে চুৰাটৰ অপৰাধ শাখাই জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰে আৰু  মিটুলক গ্ৰেপ্তাৰ কৰে।


আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত মিতুলে  কেইবাটাও স্থানীয় সংবাদ মাধ্যমৰ আগত নিজকে  এজন ইছৰ’ৰ বিজ্ঞানী হিচাপে পৰিচয় দিছিল। সাক্ষাৎকাৰৰ সময়ত মিতুলে কৈছিল যে তেওঁ  চন্দ্ৰযান- ৩ৰ বাবে বিক্ৰম লেণ্ডাৰৰ ডিজাইন প্ৰস্তুত কৰিছিল। মিতুলক ২৬ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ইছৰ’ৰ প্ৰাচীন বিজ্ঞান এপ্লিকেচন বিভাগৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল বুলি তেওঁ দাবী কৰিছিল।

মিটুলে দাবী কৰিছিল যে তেওঁ মঙ্গল গ্ৰহৰ বিষয়ে  ইছৰ’ই গ্ৰহণ কৰা  পৰৱৰ্তী গৱেষণাৰ সৈতেও জড়িত। আৰক্ষীয়ে জনোৱা অনুসৰি  মিটুলে নিজকে এজন ইছৰ’ৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান কলুষিত কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে প্ৰমাণ পাইছে যে তেওঁ কোনো ধৰণে ইছৰ’ৰ সৈতে জড়িত নহয়। মিতুলে এখন ভুৱা নিযুক্তি পত্ৰ তৈয়াৰ কৰি নিজকে এজন ইছৰ’ বিজ্ঞানী হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস