--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অত্যধিক মদ্যপানে কেৱল যকৃতৰ বাবেই নহয়, হৃদযন্ত্ৰৰ বাবেও এই বিপদ বৃদ্ধি কৰে। অত্যধিক মদ্যপান কৰিলে চিৰ’ছিছৰ দৰে এক মাৰাত্মক ৰোগ হয়। অত্যধিক মদ্যপানে ৰক্তচাপ যথেষ্ট বৃদ্ধি কৰে, ইয়াৰ ফলত হৃদযন্ত্ৰৰ বিকলতা আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পায়। বহুতে ইয়াৰ প্ৰতি আসক্ত হৈ পৰে আৰু এৰাই চলিবলৈ বহুতৰ ক্ষেত্ৰত বৰ কষ্টকৰ হৈ পৰে। চেষ্টা কৰিও বিফল হয় বহু লোক। কিন্তু, এতিয়া নতুন ঔষধৰ পৰীক্ষাত দাবী কৰা হৈছে যে এবিধ ঔষধে মদ্যপানৰ আসক্তিত আক্ৰান্ত লোকক নতুন জীৱন দিব পাৰে। এই ঔষধে মদ্যপান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে বুলি দাবী কৰা হৈছে।

এক প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকান জাৰ্নেল অৱ চাইকিয়াট্ৰিত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে মদ্যপানৰ হেঁপাহৰ আগতে নালট্ৰেক্সন ঔষধ গ্ৰহণ কৰিলে মদ্যপানৰ ইচ্ছা শেষ হয়। এই ঔষধৰ পৰীক্ষা সফল হোৱা বুলি প্ৰতিবেদনত বিশ্বাস কৰা হৈছে। পৰীক্ষাত অংশগ্ৰহণ কৰা আধা সংখ্যকক নালট্ৰেক্সন আৰু বাকীসকলক প্লেচেব’ ঔষধ দিয়া হৈছিল। ১২ সপ্তাহৰ পৰীক্ষাৰ অন্তত দেখা গ’ল যে যিসকলে মদ্যপানৰ লোভৰ আগতে নালট্ৰেক্সন ঔষধ খাইছিল, তেওঁলোকে মদ্যপান কৰা নাছিল আৰু যদিহে মদ্যপান কৰে তেন্তে অতি কম পৰিমাণে সেৱন কৰিছিল। একে সময়তে প্লেচেব’ গ্ৰহণ কৰাসকলৰ মাজত কোনো পাৰ্থক্য দেখা নগ’ল।

নালট্ৰেক্সন নামৰ ঔষধে খাদ্য খোৱাৰ লগে লগে মগজুত এণ্ড’ৰ্ফিন সক্ৰিয় হোৱা বন্ধ কৰি দিছিল। এতিয়া হয়তো বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে এণ্ড’ৰ্ফিন কি? আচলতে কোনোবাই মদ্যপানৰ প্ৰতি আসক্ত হ’লে মগজুত এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ এটা সক্ৰিয় হৈ মদ্যপান কৰে, ইয়াৰ বাবেই ব্যক্তিজনৰ মাজত মদ্যপানৰ প্ৰতি উৎসাহ জাগ্ৰত হয়। কিন্তু, নালট্ৰেক্সন ঔষধে এণ্ড’ৰ্ফিনৰ প্ৰভাৱ বন্ধ কৰি দিছিল, যাৰ ফলত ব্যক্তিজনৰ মদ্যপানৰ প্ৰতি থকা উৎসাহৰ অন্ত পৰিছিল।

মদ্যপানৰ অভ্যাস এৰিবলৈ বহুতো ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে যেনে-

নিজকে ব্যস্ত কৰি ৰাখক: যেতিয়া আপোনাৰ একো কাম নাথাকে বা হতাশাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া আপুনি অধিক মদ্যপান কৰাৰ প্ৰৱণতা থাকিব পাৰে। যদি আপুনি এনেকুৱা এটা কামত যোগদান কৰে যিয়ে আপোনাক ব্যস্ত কৰি ৰাখিব পাৰে, তেন্তে আপুনি মদ্যপান বন্ধ কৰিব পাৰে। গতিকে পেইন্টিং আৰু ক্ৰীড়াৰ দৰে কামত নিজকে ব্যস্ত ৰাখক। লগতে সুখী মানুহৰ কাষত থাকিবলৈ চেষ্টা কৰক।

ফলৰ ৰস: সতেজ ৰসে মদৰ প্ৰতি কম হাহাকাৰ কৰাত সহায় কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে যদি আপুনি প্ৰায় ১০ দিন সতেজ ৰস খায় তেন্তে লাহে লাহে মদ্যপানৰ আসক্তি নোহোৱা হৈ যাব।

খাদ্যত খেজুৰ যোগ কৰক: খেজুৰ মদ্যপানৰ অন্যতম পুৰণি আৰু জনপ্ৰিয় ঔষধ। খাদ্যত যোগ কৰক আৰু এমাহৰ ভিতৰত ইয়াৰ প্ৰভাৱ চাওক।

যোগাভ্যাস আৰম্ভ কৰক: বেছিভাগ মানুহেই হতাশাৰ মাজেৰে পাৰ হ’লে মদৰ প্ৰতি আসক্ত হৈ পৰে। যোগে আপোনাৰ মন আৰু শৰীৰক শিথিল কৰাত সহায় কৰিব পাৰে। ধ্যান-ধাৰণাৰ বাবেও যাব পাৰে। মন আৰু শৰীৰৰ শান্তি লাভ কৰাত ই আপোনাক বহুখিনি সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ