--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেতাৰ ভিতৰত অন্যতম পংকজ ত্ৰিপাঠী। বিগত দুটা দশক ধৰি অভিনয় জগতত অক্লান্তভাৱে কাম কৰি আহিছে পংকজ ত্ৰিপাঠীয়ে। 

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ আগন্তুক ছবি ‘মে অটল হুঁ’ত বৰ্তমান ব্যস্ত আছে অভিনেতাগৰাকী। এই ছবিখনৰ মুক্তিৰ পাছতেই অভিনয় এৰাৰ সিদ্ধান্ত লৈছে ৪৭ বছৰীয়া পংকজ ত্ৰিপাঠীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আধাৰিত এই ছবিখন ১৯ জানুৱাৰীত মুক্তি পাব। 

এক সাক্ষাৎকাৰত পংকজে কয় যে তেওঁ নিজৰ ব্যস্ত কামৰ বাবে পৰ্যাপ্ত জিৰণি পোৱা নাই। কেনেকৈ তেওঁৰ সংগ্ৰামৰ দিনবোৰতো তেওঁ আঠ ঘণ্টাৰ টোপনি নিশ্চিত কৰিছিল সেয়াও তেওঁ ব্যক্ত কৰে।  তেওঁ স্বীকাৰ কৰে যে আজিকালি তেনে কৰিবলৈ অক্ষম।

পংকজ ত্ৰিপাঠীয়ে কয় যে ‘৮ ঘণ্টা শুলে আমাৰ শৰীৰ ১৬ ঘণ্টাৰ বাবে সাজু হৈ থাকে। মোৰ সংগ্ৰামৰ বছৰবোৰত মই আগতে আঠ ঘণ্টা শুইছিলো, কিন্তু এতিয়া এই সফলতাৰ বছৰবোৰত মই তেনে কৰিবলৈ অক্ষম। আঠ ঘণ্টাৰ টোপনি লোৱাটো প্ৰয়োজনীয়। এতিয়া সেই আঠ ঘণ্টাৰ টোপনিৰ মূল্য উপলব্ধি কৰিছো। ‘মে অটল হুঁ’ ছবিখন মুক্তি পালেই সকলো প্ৰচাৰমূলক কাম-কাজ শেষ হ’লে মই কাম বাদ দিম। এজন ব্যক্তি হিচাপে মই অতি দৃঢ়প্ৰতিজ্ঞ। আঠ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন বুলি যদি মই মগজুত সোমোৱাই লব পাৰো তেন্তে সেই কাম মই কৰিব পাৰিম। আঠ ঘণ্টা জিৰণি লোৱাৰ মূল্য উপলব্ধি কৰি তেওঁ ছবিখনৰ প্ৰচাৰ শেষ হোৱাৰ পিছত জিৰণি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাতে তেওঁ অতি প্ৰয়োজনীয় জিৰণি ল’ব পাৰে।


উল্লেখ্য যে ‘মে অটল হু’ৰ পৰিচালনা কৰিছে ৰবি যাদৱে আৰু চিত্ৰনাট্য ৰচনা কৰিছে ঋষি ভাৰ্মানুৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু