--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেতাৰ ভিতৰত অন্যতম পংকজ ত্ৰিপাঠী। বিগত দুটা দশক ধৰি অভিনয় জগতত অক্লান্তভাৱে কাম কৰি আহিছে পংকজ ত্ৰিপাঠীয়ে। 

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ আগন্তুক ছবি ‘মে অটল হুঁ’ত বৰ্তমান ব্যস্ত আছে অভিনেতাগৰাকী। এই ছবিখনৰ মুক্তিৰ পাছতেই অভিনয় এৰাৰ সিদ্ধান্ত লৈছে ৪৭ বছৰীয়া পংকজ ত্ৰিপাঠীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আধাৰিত এই ছবিখন ১৯ জানুৱাৰীত মুক্তি পাব। 

এক সাক্ষাৎকাৰত পংকজে কয় যে তেওঁ নিজৰ ব্যস্ত কামৰ বাবে পৰ্যাপ্ত জিৰণি পোৱা নাই। কেনেকৈ তেওঁৰ সংগ্ৰামৰ দিনবোৰতো তেওঁ আঠ ঘণ্টাৰ টোপনি নিশ্চিত কৰিছিল সেয়াও তেওঁ ব্যক্ত কৰে।  তেওঁ স্বীকাৰ কৰে যে আজিকালি তেনে কৰিবলৈ অক্ষম।

পংকজ ত্ৰিপাঠীয়ে কয় যে ‘৮ ঘণ্টা শুলে আমাৰ শৰীৰ ১৬ ঘণ্টাৰ বাবে সাজু হৈ থাকে। মোৰ সংগ্ৰামৰ বছৰবোৰত মই আগতে আঠ ঘণ্টা শুইছিলো, কিন্তু এতিয়া এই সফলতাৰ বছৰবোৰত মই তেনে কৰিবলৈ অক্ষম। আঠ ঘণ্টাৰ টোপনি লোৱাটো প্ৰয়োজনীয়। এতিয়া সেই আঠ ঘণ্টাৰ টোপনিৰ মূল্য উপলব্ধি কৰিছো। ‘মে অটল হুঁ’ ছবিখন মুক্তি পালেই সকলো প্ৰচাৰমূলক কাম-কাজ শেষ হ’লে মই কাম বাদ দিম। এজন ব্যক্তি হিচাপে মই অতি দৃঢ়প্ৰতিজ্ঞ। আঠ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন বুলি যদি মই মগজুত সোমোৱাই লব পাৰো তেন্তে সেই কাম মই কৰিব পাৰিম। আঠ ঘণ্টা জিৰণি লোৱাৰ মূল্য উপলব্ধি কৰি তেওঁ ছবিখনৰ প্ৰচাৰ শেষ হোৱাৰ পিছত জিৰণি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাতে তেওঁ অতি প্ৰয়োজনীয় জিৰণি ল’ব পাৰে।


উল্লেখ্য যে ‘মে অটল হু’ৰ পৰিচালনা কৰিছে ৰবি যাদৱে আৰু চিত্ৰনাট্য ৰচনা কৰিছে ঋষি ভাৰ্মানুৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক