--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মোদীৰ সপোনোৰ নিউ ইণ্ডিয়া ৷ কি পৰ্যায়লৈ গতি কৰিছে ভাৰতৰ অৰ্থনীতি৷ কৰ’না কৰাল গ্ৰাসত পৰি ভাঙি পৰা ভাৰতৰ অৰ্থনীতিয়ে ৰাজহাড় পুনাবলৈ লওঁতেই আকৌ এবাৰ অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিছে৷ দেশত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ প্ৰতিদিনে সংবাদ মাধ্যমত স্থান পাই কেৱল সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰে৷

ভাৰতীয় মূলধনী বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে একেকোবে ৪.২ বিলিয়ন ডলাৰ প্ৰত্যাহাৰ কৰাৰ পাছত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ নামি আহিছে কাল অমানিশা৷ প্ৰতিষ্ঠানসমূহে বৈদেশিক মূলধন প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰতীয় টকাৰ মূল্যও হ্ৰাস পাইছে৷ ভাৰতীয় টকাৰ মূল্য ১.৯ শতাংশহ্ৰাস পাইছে৷ উল্লেখ্য যে, বিদেশৰ বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ নকৰাৰ মূল কাৰণ হ’ল যে, ভাৰতীয় অৰ্থনীতি ভৱিষ্যৎ সন্দৰ্ভত গল্ডমেন চেছ গ্ৰুপ আৰু নমোৰো হোল্ডিংছ কোম্পানীয়ে কৰা নেতিবাচক ভৱিষ্যৎবাণীৰ বাবে৷

পশ্চিমৰ দেশবিলাকত অ’মিক্ৰনে কালৰূপ ধাৰণ কৰাৰ পাছত কোম্পানীটোৱে কৰা ভৱিষ্যৎবাণীয়ে ভাৰতীয় বজাৰখনলৈ গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে৷ বিদেশী মুদ্ৰাৰ বিনিয়োগ নকৰাৰ এই ধাৰা অব্যাহত থাকিলে আগন্তুক দিনত ডলাৰৰ বিপৰীতে টকাৰ মূল্যও হ্ৰাস পাব৷ অৰ্থনীতিৰ দুৰাৱস্থাই এতিয়া মোদী চৰকাৰকো একপ্ৰকাৰৰ দিশহাৰা কৰি তুলিছে৷


ইফালে লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপনৰ বাট৷ ইফালে ভাৰতৰ জিডিপি গ্ৰাফডালো যেন এপৰলৈ উঠাৰ নামে নোলোৱা হ’ল৷ অৰ্থনীতিৰ এনে দুৰৱস্থাৰ ধাৰা অব্যাহত থাকিলে আগন্তুক এটা দশকৰ ভিতৰত ভাৰতৰ স্থান আফগানিস্তান, পাকিস্তানতকৈ অৱনমিত হ’ব বুলি ভাৰতৰ অৰ্থনীতিবিদসকলে আশংকা কৰিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক এতিয়া সকলোৱে আহ্বান জনাইছে যে, ক্ষন্তেকৰ বাবে ধৰ্মৰ ৰাজনীতি পৰিহাৰ কৰি ভাৰতৰ অৰ্থনৈতিক পুনঃউদ্ধাৰ কামত অকণমান কাণসাৰ দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ