--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মোদীৰ সপোনোৰ নিউ ইণ্ডিয়া ৷ কি পৰ্যায়লৈ গতি কৰিছে ভাৰতৰ অৰ্থনীতি৷ কৰ’না কৰাল গ্ৰাসত পৰি ভাঙি পৰা ভাৰতৰ অৰ্থনীতিয়ে ৰাজহাড় পুনাবলৈ লওঁতেই আকৌ এবাৰ অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিছে৷ দেশত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ প্ৰতিদিনে সংবাদ মাধ্যমত স্থান পাই কেৱল সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰে৷

ভাৰতীয় মূলধনী বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে একেকোবে ৪.২ বিলিয়ন ডলাৰ প্ৰত্যাহাৰ কৰাৰ পাছত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ নামি আহিছে কাল অমানিশা৷ প্ৰতিষ্ঠানসমূহে বৈদেশিক মূলধন প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰতীয় টকাৰ মূল্যও হ্ৰাস পাইছে৷ ভাৰতীয় টকাৰ মূল্য ১.৯ শতাংশহ্ৰাস পাইছে৷ উল্লেখ্য যে, বিদেশৰ বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ নকৰাৰ মূল কাৰণ হ’ল যে, ভাৰতীয় অৰ্থনীতি ভৱিষ্যৎ সন্দৰ্ভত গল্ডমেন চেছ গ্ৰুপ আৰু নমোৰো হোল্ডিংছ কোম্পানীয়ে কৰা নেতিবাচক ভৱিষ্যৎবাণীৰ বাবে৷

পশ্চিমৰ দেশবিলাকত অ’মিক্ৰনে কালৰূপ ধাৰণ কৰাৰ পাছত কোম্পানীটোৱে কৰা ভৱিষ্যৎবাণীয়ে ভাৰতীয় বজাৰখনলৈ গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে৷ বিদেশী মুদ্ৰাৰ বিনিয়োগ নকৰাৰ এই ধাৰা অব্যাহত থাকিলে আগন্তুক দিনত ডলাৰৰ বিপৰীতে টকাৰ মূল্যও হ্ৰাস পাব৷ অৰ্থনীতিৰ দুৰাৱস্থাই এতিয়া মোদী চৰকাৰকো একপ্ৰকাৰৰ দিশহাৰা কৰি তুলিছে৷


ইফালে লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপনৰ বাট৷ ইফালে ভাৰতৰ জিডিপি গ্ৰাফডালো যেন এপৰলৈ উঠাৰ নামে নোলোৱা হ’ল৷ অৰ্থনীতিৰ এনে দুৰৱস্থাৰ ধাৰা অব্যাহত থাকিলে আগন্তুক এটা দশকৰ ভিতৰত ভাৰতৰ স্থান আফগানিস্তান, পাকিস্তানতকৈ অৱনমিত হ’ব বুলি ভাৰতৰ অৰ্থনীতিবিদসকলে আশংকা কৰিছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক এতিয়া সকলোৱে আহ্বান জনাইছে যে, ক্ষন্তেকৰ বাবে ধৰ্মৰ ৰাজনীতি পৰিহাৰ কৰি ভাৰতৰ অৰ্থনৈতিক পুনঃউদ্ধাৰ কামত অকণমান কাণসাৰ দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক