--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰবাহিত গংগাত হাত ধোৱাৰ বাবে উঠি-পৰি লাগিছে এচাম নেতা, আমোলা-বিষয়াই। হাতলৈ অহা সুযোগ এৰি দিব খোজা নাই এওঁলোকে। অৱশ্যে, সমুখত সুযোগে অপেক্ষা কৰি থাকিলে সেই সুযোগ নোলোৱাকৈ থকাৰ প্ৰশ্নই নুঠে। সুযোগৰ সদব্যৱহাৰ কৰাটোৱেই হৈ পৰে মুখ্য কাৰণ। অযোধ্যাত গংগা নাই যদিও হাত ধুবলৈ উঠি-পৰি লাগিছে একাংশই। উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰকাশিত প্ৰতিবেদন অনুসৰি, দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমোদন পোৱাৰ পাছৰে পৰা নিকটৱৰ্তী মাটি ক্ৰয় কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে খুদ অযোধ্যাৰ বিধায়ক, মেয়ৰ, এমএছডিএম, ডিআইজি আৰু আন আন বিষয়া-আমোলা।

তেওঁলোকৰে কেইবাজনো নিকট আত্মীয় জড়িত থকাৰো পোৱা গৈছে সম্ভেদ। প্ৰতিবেদন অনুসৰি, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি ক্ৰয় কৰা আৰম্ভ কৰিছিল। ৭০ একৰ মাটি অধিগ্ৰহণ কৰাৰ পাছত অতি ক্ষিপ্ৰতাৰে গতি লাভ কৰিছিল প্ৰকল্পটোৰ প্ৰাথমিক কাম-কাজে। সময়ৰ বহমান সুঁতিত ব্যক্তিগত নিৰ্মাতা আৰু ব্যৱসায়ীসকলে এই কথাৰ উমান পোৱাৰ পাছতে অয্যোধাত ধুম উঠিছিল মাটি ক্ৰয়ৰ। ইয়াৰ পাছতে চৰকাৰী বিষয়া, নেতা, আমোলা আৰু তেওঁলোকৰ আত্মীয়সকলৰ প্ৰৱেশে এতিয়া গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।

জানিবলৈ পোৱা মতে, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছতো এই বিষয়া, নেতাসকলৰ পৰিয়ালে ৰাম মন্দিৰৰ সমীপৱৰ্তী ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বুজন সংখ্যক ভূমি ক্ৰয় কৰিছে। কিন্তু কোনে এই ভূমি ক্ৰয় কৰিছে? সেই তালিকাও প্ৰকাশ পাইছে শেহতীয়া প্ৰতিবেদনত। বিগত দুবছৰত মাটি ক্ৰয় কৰাসকলৰ ভিতৰত আছে-অযোধ্যাৰ বিভাগীয় আয়ুক্ত এম পি আগৰৱালাৰ শহুৰেক কেশৱ প্ৰসাদ আগৰৱালা। অযোধ্যা বিধানসভাৰ বিধায়ক বেদ প্ৰকাশ গুপ্তাৰ ভতিজা তৰুণ মিত্তাল। অযোধ্যা জিলাৰ গোসাইগঞ্জৰ বিধায়ক ইন্দ্ৰ প্ৰতাপ তিৱাৰী। মুখ্য ৰাজহ বিষয়া পুৰুষোত্তম দাস গুপ্তাৰ ভায়েক অতুল গুপ্তাৰ পত্নী ত্ৰিপতি গুপ্তা। ডিআইজিৰ উপ-আৰক্ষী মহাপৰিদৰ্শক দীপক কুমাৰৰ পত্নীৰ ভগ্নী মহিমা ঠাকুৰ। অযোধ্যাত এছ.ডি.এম. আয়ুস চৌধুৰীৰ সম্পৰ্কীয় ভগ্নী শোভিতা ৰাণী। ৰাজ্যিক অবিচি আয়োগৰ সদস্য বলৰাম মৌৰ্য। ৰাজ্যিক তথ্য আয়ুক্ত হৰ্ষ বৰ্ধন শ্বাহীৰ পত্নী সংগীতা আৰু পুত্ৰ সহৰ্ষ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক