--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰবাহিত গংগাত হাত ধোৱাৰ বাবে উঠি-পৰি লাগিছে এচাম নেতা, আমোলা-বিষয়াই। হাতলৈ অহা সুযোগ এৰি দিব খোজা নাই এওঁলোকে। অৱশ্যে, সমুখত সুযোগে অপেক্ষা কৰি থাকিলে সেই সুযোগ নোলোৱাকৈ থকাৰ প্ৰশ্নই নুঠে। সুযোগৰ সদব্যৱহাৰ কৰাটোৱেই হৈ পৰে মুখ্য কাৰণ। অযোধ্যাত গংগা নাই যদিও হাত ধুবলৈ উঠি-পৰি লাগিছে একাংশই। উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰকাশিত প্ৰতিবেদন অনুসৰি, দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমোদন পোৱাৰ পাছৰে পৰা নিকটৱৰ্তী মাটি ক্ৰয় কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে খুদ অযোধ্যাৰ বিধায়ক, মেয়ৰ, এমএছডিএম, ডিআইজি আৰু আন আন বিষয়া-আমোলা।

তেওঁলোকৰে কেইবাজনো নিকট আত্মীয় জড়িত থকাৰো পোৱা গৈছে সম্ভেদ। প্ৰতিবেদন অনুসৰি, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি ক্ৰয় কৰা আৰম্ভ কৰিছিল। ৭০ একৰ মাটি অধিগ্ৰহণ কৰাৰ পাছত অতি ক্ষিপ্ৰতাৰে গতি লাভ কৰিছিল প্ৰকল্পটোৰ প্ৰাথমিক কাম-কাজে। সময়ৰ বহমান সুঁতিত ব্যক্তিগত নিৰ্মাতা আৰু ব্যৱসায়ীসকলে এই কথাৰ উমান পোৱাৰ পাছতে অয্যোধাত ধুম উঠিছিল মাটি ক্ৰয়ৰ। ইয়াৰ পাছতে চৰকাৰী বিষয়া, নেতা, আমোলা আৰু তেওঁলোকৰ আত্মীয়সকলৰ প্ৰৱেশে এতিয়া গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।

জানিবলৈ পোৱা মতে, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছতো এই বিষয়া, নেতাসকলৰ পৰিয়ালে ৰাম মন্দিৰৰ সমীপৱৰ্তী ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বুজন সংখ্যক ভূমি ক্ৰয় কৰিছে। কিন্তু কোনে এই ভূমি ক্ৰয় কৰিছে? সেই তালিকাও প্ৰকাশ পাইছে শেহতীয়া প্ৰতিবেদনত। বিগত দুবছৰত মাটি ক্ৰয় কৰাসকলৰ ভিতৰত আছে-অযোধ্যাৰ বিভাগীয় আয়ুক্ত এম পি আগৰৱালাৰ শহুৰেক কেশৱ প্ৰসাদ আগৰৱালা। অযোধ্যা বিধানসভাৰ বিধায়ক বেদ প্ৰকাশ গুপ্তাৰ ভতিজা তৰুণ মিত্তাল। অযোধ্যা জিলাৰ গোসাইগঞ্জৰ বিধায়ক ইন্দ্ৰ প্ৰতাপ তিৱাৰী। মুখ্য ৰাজহ বিষয়া পুৰুষোত্তম দাস গুপ্তাৰ ভায়েক অতুল গুপ্তাৰ পত্নী ত্ৰিপতি গুপ্তা। ডিআইজিৰ উপ-আৰক্ষী মহাপৰিদৰ্শক দীপক কুমাৰৰ পত্নীৰ ভগ্নী মহিমা ঠাকুৰ। অযোধ্যাত এছ.ডি.এম. আয়ুস চৌধুৰীৰ সম্পৰ্কীয় ভগ্নী শোভিতা ৰাণী। ৰাজ্যিক অবিচি আয়োগৰ সদস্য বলৰাম মৌৰ্য। ৰাজ্যিক তথ্য আয়ুক্ত হৰ্ষ বৰ্ধন শ্বাহীৰ পত্নী সংগীতা আৰু পুত্ৰ সহৰ্ষ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ