--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সাংবিধানিক সংস্থাত বিতৰ্কিত আগমনৰ পাছত শেহতীয়াভাৱে ৰহস্যজনক পদত্যাগ কৰিছে এগৰাকী শীৰ্ষ আমোলাই। শনিবাৰে অতি আকস্মিকভাৱে পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে। গোৱেলৰ পদত্যাগৰ পাছতে এতিয়া ৰহস্যৰ সৃষ্টিৰ লগতে সুত্ৰপাত ঘটিছে বিতৰ্কৰ। কি পৰিস্থিতিত পৰি এনেদৰে আকস্মিকভাৱে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পদত্যাগ কৰিবলগীয়া হ’ল নিৰ্বাচন আয়ুক্তগৰাকীয়ে? যাক লৈ এতিয়া প্ৰশ্ন উঠিছে সৰ্বত্ৰ। 

নিৰ্বাচন আয়ুক্ত হিচাপে অৰুণ গোৱেলৰ নিযুক্তিক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এছ’চিয়েচন ফ’ৰ ডেমক্ৰেটিক ৰিফ’ৰ্ম চমুকৈ ADR নামৰ সামাজিক সংস্থাটো। ADRৰ অভিযোগ অৰুণ গোৱেলৰ নিযুক্তি অসাংবিধানিক। তাৰ মাজতে নিৰ্বাচন আয়ুক্তগৰাকীৰ পদত্যাগৰ পাছত এতিয়া বিৰোধীয়ে আঙুলি তুলিছে মোদী চৰকাৰৰ বিৰুদ্ধে। অৱশ্যে ব্যক্তিগত কাৰণতে পদত্যাগ কৰাৰ কথা সদৰী কৰি এই বিতৰ্কৰ শাম কটোৱাৰ চেষ্টা চলাইছে অৰুণ গোৱেলে। 

পদত্যাগৰ আগমুহূৰ্তলৈকে এইগৰাকী আয়ুক্তই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভ্ৰমণ কৰিছিল দেশৰ ইখনৰ পাছত সিখন ৰাজ্য। কিন্তু পশ্চিমবংগৰ ভ্ৰমণ আধাতে সামৰি এনেদৰে নিৰ্বাচন আয়ুক্তগৰাকীৰ পদত্যাগৰ পাছত সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। কিয়নো ২০২৭লৈ কাৰ্যকাল থকা নিৰ্বাচন আয়ুক্ত গোৱেলৰ বাবে দেশৰ নিৰ্বাচন মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰো পথ হৈ আছিল প্ৰশস্ত। চৰ্চালৈ অহা মতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰে মতবিৰোধৰ পাছত এনেদৰে পদত্যাগ কৰিলে নিৰ্বাচন আয়ুক্ত গোৱেলে। যাৰ ফলত এতিয়া মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ অকলশৰীয়া হৈ পৰিল ৩ জনীয়া নিৰ্বাচন আয়োগত। যাক লৈ এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ব্যাপক অচলাৱস্থা কেন্দ্ৰীয় নিৰ্বাচন আয়োগত।  এজনীয়া নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন পৰিচালনাক লৈ উঠিছে প্ৰশ্ন। 

আনহাতে নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে মোদী চৰকাৰৰ সমুখত পথ মুকলি হৈছে যদিও নিৰ্বাচনৰ পূৰ্বে অতি কম সময়ত নতুন আয়ুক্ত নিযুক্তিক লৈ সৃষ্টি হৈছে অনিশ্চয়তা। তাৰ বিপৰীতে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ আকস্মিক পদত্যাগক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু