--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সাংবিধানিক সংস্থাত বিতৰ্কিত আগমনৰ পাছত শেহতীয়াভাৱে ৰহস্যজনক পদত্যাগ কৰিছে এগৰাকী শীৰ্ষ আমোলাই। শনিবাৰে অতি আকস্মিকভাৱে পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে। গোৱেলৰ পদত্যাগৰ পাছতে এতিয়া ৰহস্যৰ সৃষ্টিৰ লগতে সুত্ৰপাত ঘটিছে বিতৰ্কৰ। কি পৰিস্থিতিত পৰি এনেদৰে আকস্মিকভাৱে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পদত্যাগ কৰিবলগীয়া হ’ল নিৰ্বাচন আয়ুক্তগৰাকীয়ে? যাক লৈ এতিয়া প্ৰশ্ন উঠিছে সৰ্বত্ৰ। 

নিৰ্বাচন আয়ুক্ত হিচাপে অৰুণ গোৱেলৰ নিযুক্তিক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এছ’চিয়েচন ফ’ৰ ডেমক্ৰেটিক ৰিফ’ৰ্ম চমুকৈ ADR নামৰ সামাজিক সংস্থাটো। ADRৰ অভিযোগ অৰুণ গোৱেলৰ নিযুক্তি অসাংবিধানিক। তাৰ মাজতে নিৰ্বাচন আয়ুক্তগৰাকীৰ পদত্যাগৰ পাছত এতিয়া বিৰোধীয়ে আঙুলি তুলিছে মোদী চৰকাৰৰ বিৰুদ্ধে। অৱশ্যে ব্যক্তিগত কাৰণতে পদত্যাগ কৰাৰ কথা সদৰী কৰি এই বিতৰ্কৰ শাম কটোৱাৰ চেষ্টা চলাইছে অৰুণ গোৱেলে। 

পদত্যাগৰ আগমুহূৰ্তলৈকে এইগৰাকী আয়ুক্তই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভ্ৰমণ কৰিছিল দেশৰ ইখনৰ পাছত সিখন ৰাজ্য। কিন্তু পশ্চিমবংগৰ ভ্ৰমণ আধাতে সামৰি এনেদৰে নিৰ্বাচন আয়ুক্তগৰাকীৰ পদত্যাগৰ পাছত সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। কিয়নো ২০২৭লৈ কাৰ্যকাল থকা নিৰ্বাচন আয়ুক্ত গোৱেলৰ বাবে দেশৰ নিৰ্বাচন মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰো পথ হৈ আছিল প্ৰশস্ত। চৰ্চালৈ অহা মতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰে মতবিৰোধৰ পাছত এনেদৰে পদত্যাগ কৰিলে নিৰ্বাচন আয়ুক্ত গোৱেলে। যাৰ ফলত এতিয়া মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ অকলশৰীয়া হৈ পৰিল ৩ জনীয়া নিৰ্বাচন আয়োগত। যাক লৈ এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ব্যাপক অচলাৱস্থা কেন্দ্ৰীয় নিৰ্বাচন আয়োগত।  এজনীয়া নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন পৰিচালনাক লৈ উঠিছে প্ৰশ্ন। 

আনহাতে নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে মোদী চৰকাৰৰ সমুখত পথ মুকলি হৈছে যদিও নিৰ্বাচনৰ পূৰ্বে অতি কম সময়ত নতুন আয়ুক্ত নিযুক্তিক লৈ সৃষ্টি হৈছে অনিশ্চয়তা। তাৰ বিপৰীতে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ আকস্মিক পদত্যাগক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ