--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোৱাটছএপ কোম্পানীয়ে প্ৰায়ে গ্ৰাহকৰ সুবিধাৰ্থে নতুন নতুন ফিচাৰ আনে। এই মেছেজিং এপটো অতি সহজে ব্যৱহাৰৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই অগ্ৰাধিকাৰ দি আহিছে। এইবাৰ হোৱাটছএপে এটা ফিচাৰ মুকলি কৰিবলৈ ওলাইছে যাৰ সহায়ত গ্ৰাহকে প্ৰেৰণ কৰা বাৰ্তাসমূহ সম্পাদনা বা এডিট কৰাৰ সুযোগ পাব।

বৰ্তমান এই নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে হোৱাটছএপ কোম্পানীয়ে। শীঘ্ৰে হোৱাটছএপ এপৰ নতুন আপডেটত এই বৈশিষ্ট্য সংযোজন কৰা হ’ব। বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পাদনা কৰিবলৈ ১৫ মিনিট পৰ্যন্ত সময় পাব।

বহু সময়ত খৰখেদাকৈ কাৰোবালৈ মেছেজ পঠিয়াওঁতে ভুল হয়। তেতিয়া বাৰ্তাটো মচি পেলোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। নতুন বৈশিষ্ট্য অহাৰ পিছত সকলোৱে বাৰ্তাটো সম্পাদনা কৰাৰ সুযোগ পাব। কিন্তু কেৱল টাইপ ভুলটোৱেই নহয়, লগতে, যদি আপুনি আগৰ বাৰ্তাটোত নতুন কিবা এটা যোগ কৰিব বিচাৰে, তেন্তে সেইটোও লিখিব পাৰি। অৰ্থাৎ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পূৰ্ণৰূপে সম্পাদনা কৰাৰ সুবিধা পাব।

এই নতুন বৈশিষ্ট্যৰ জৰিয়তে অৱশ্যে হোৱাটছএপলৈ প্ৰেৰণ কৰা যিকোনো মিডিয়া (ফটো, ভিডিঅ’)ৰ কেপচন সম্পাদনা কৰিব নোৱাৰিব। বৰ্তমান iOS সংস্কৰণৰ বাবে পৰীক্ষা চলি আছে। অতি সোনকালে আৰম্ভ হ’ব বিটা টেষ্টিং। আশা কৰা হৈছে যে হোৱাটছএপৰ এই নতুন ফিচাৰ ৱেব সংস্কৰণৰ লগতে এণ্ড্ৰইডতো মুকলি কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন