--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোৱাটছএপ কোম্পানীয়ে প্ৰায়ে গ্ৰাহকৰ সুবিধাৰ্থে নতুন নতুন ফিচাৰ আনে। এই মেছেজিং এপটো অতি সহজে ব্যৱহাৰৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই অগ্ৰাধিকাৰ দি আহিছে। এইবাৰ হোৱাটছএপে এটা ফিচাৰ মুকলি কৰিবলৈ ওলাইছে যাৰ সহায়ত গ্ৰাহকে প্ৰেৰণ কৰা বাৰ্তাসমূহ সম্পাদনা বা এডিট কৰাৰ সুযোগ পাব।

বৰ্তমান এই নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে হোৱাটছএপ কোম্পানীয়ে। শীঘ্ৰে হোৱাটছএপ এপৰ নতুন আপডেটত এই বৈশিষ্ট্য সংযোজন কৰা হ’ব। বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পাদনা কৰিবলৈ ১৫ মিনিট পৰ্যন্ত সময় পাব।

বহু সময়ত খৰখেদাকৈ কাৰোবালৈ মেছেজ পঠিয়াওঁতে ভুল হয়। তেতিয়া বাৰ্তাটো মচি পেলোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। নতুন বৈশিষ্ট্য অহাৰ পিছত সকলোৱে বাৰ্তাটো সম্পাদনা কৰাৰ সুযোগ পাব। কিন্তু কেৱল টাইপ ভুলটোৱেই নহয়, লগতে, যদি আপুনি আগৰ বাৰ্তাটোত নতুন কিবা এটা যোগ কৰিব বিচাৰে, তেন্তে সেইটোও লিখিব পাৰি। অৰ্থাৎ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পূৰ্ণৰূপে সম্পাদনা কৰাৰ সুবিধা পাব।

এই নতুন বৈশিষ্ট্যৰ জৰিয়তে অৱশ্যে হোৱাটছএপলৈ প্ৰেৰণ কৰা যিকোনো মিডিয়া (ফটো, ভিডিঅ’)ৰ কেপচন সম্পাদনা কৰিব নোৱাৰিব। বৰ্তমান iOS সংস্কৰণৰ বাবে পৰীক্ষা চলি আছে। অতি সোনকালে আৰম্ভ হ’ব বিটা টেষ্টিং। আশা কৰা হৈছে যে হোৱাটছএপৰ এই নতুন ফিচাৰ ৱেব সংস্কৰণৰ লগতে এণ্ড্ৰইডতো মুকলি কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে