--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণতে পুৰুষ-মহিলা উভয়ে বিবাহ বান্ধোনত আবদ্ধ হৈ জীৱন-যাপন কৰে। কোনো কোনো দেশত এজনতকৈ অধিক স্বামী থকাটো অবৈধ বুলি গণ্য কৰা হয় যদিও পৃথিৱীত এনে পাঁচখন দেশ আছে, য’ত নাৰীয়ে এজনতকৈ অধিক স্বামী ৰাখিব পাৰে। আজি আমি এনে কেইখনমান দেশৰ কথা জানিম, য’ত দ্বিতীয় বিবাহৰ বাবে মহিলাৰ ওপৰত কোনো বাধা আৰোপ নাই।

 ১. নেপালত আজিও বহুবিবাহৰ প্ৰচলন চলি আছে-

যদিও নেপালত বহুবিবাহ নিষিদ্ধ কৰা হৈছে, কিন্তু হুমলা, দোলপা, কোছিৰ দৰে অঞ্চলত বহুবিবাহৰ প্ৰথা এতিয়াও প্ৰচলিত আছে। ইয়াৰ মহিলাসকলে নিজৰ ইচ্ছা অনুসৰি এখনতকৈ অধিক বিবাহ কৰাব পাৰে। কোনো আইনে এই বিষয়ত নাৰীক বাধা দিব নোৱাৰে।

২. নাইজেৰিয়াঃ-নাইজেৰিয়াত বহুবিবাহৰ অনুমতি দিয়া জনজাতিও আছে। উত্তৰ নাইজেৰিয়াৰ ইৰিগৱেত পলিয়াণ্ড্ৰি অতি জনপ্ৰিয়। আজিও মহিলাসকলে এজনতকৈ অধিক স্বামীক বিয়া কৰায়।

৩. কেনিয়াঃ-কেনিয়াত বৃহৎসংখ্যক মাছাই জনগোষ্ঠী বাস কৰে। ইয়াত বহুবিবাহৰ ক্ষেত্ৰ বৃহৎসংখ্যক লোক পোৱা যায়। ইয়াত মহিলাসকলে এজনতকৈ অধিক স্বামীক বিয়া কৰায়। এই ধাৰাটো অতীতৰ পৰা প্ৰচলিত।

৪. চীনঃ-চীনৰ তিব্বত অঞ্চলত এগৰাকী মহিলাই কেইবাজনো ভাতৃক বিয়া কৰাব পাৰে। কিন্তু কোনটো সন্তান কোনটো স্বামীৰ সেই কথা নাৰীয়ে কাকো নকয়। লগতে তেওঁৰ সকলো সন্তানৰ যতন সমানে লয়।

৫. ভাৰতঃ-নীলগিৰিছৰ টোডা, ট্ৰাভাংকুৰৰ নাইৰ, উত্তৰাখণ্ডৰ জৌনছাৰ বাৱাৰ, অৰুণাচল প্ৰদেশৰ গাইলং, কেৰেলাৰ মালা মালেছাৰ আদিত বহু বিবাহৰ প্ৰথা আজিও প্ৰচলিত। ইয়াৰ মহিলাসকলৰ এজনতকৈ অধিক পুৰুষক বিয়া কৰোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ