--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেচেজিং এপ হোৱাটছএপে ২০২২ চনৰ জুলাই মাহত ২৩.৮৭ লাখতকৈও অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছে। ব্যৱহাৰকাৰীৰ পৰা কোনো অভিযোগ নোপোৱাকৈয়ে ১৪  লাখতকৈও অধিক একাউণ্ট বন্ধ কৰি দিয়া  হৈছে। শেহতীয়াকৈ  এই তথ্য প্ৰদান কৰিছে হোৱাটছএপে।  হোৱাটছএপে কয় যে চলিত বিত্তীয় বৰ্ষৰ  জুলাই মাহতে সৰ্বাধিক সংখ্যক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। 

কোম্পানীটোৱে মে’ মাহত ১৯  লাখ, এপ্ৰিলত ১৬ লাখ আৰু মাৰ্চত ১৮.০৫  লাখ একাউণ্ট বন্ধ কৰিছিল। হোৱাটছএপে ১ জুলাইৰ পৰা ৩১ জুলাইলৈ ২৩,৮৭,০০০ একাউণ্ট নিষিদ্ধ কৰিছে। এই একাউণ্টবোৰৰ ভিতৰত ব্যৱহাৰকাৰীৰ পৰা কোনো অভিযোগ নোপোৱাকৈয়ে  ১,৪১৬,০০০ টা একাউণ্ট নিষিদ্ধ কৰা হৈছে। হোৱাটছএপৰ অভিযোগ প্ৰণালীৰ জৰিয়তে ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ পৰা প্ৰাপ্ত অভিযোগবোৰৰ ভিত্তিতে  এই পদক্ষেপ লোৱা হৈছে। তাৎক্ষণিক মেচেজিং এপ্লিকেশ্বনে ভাৰতৰ আইন বা হোৱাটছএপৰ সেৱাৰ চৰ্তাৱলী উলংঘা কৰা একাউণ্টবোৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে।

শেহতীয়া হোৱাটছএপৰ প্ৰতিবেদনত কোৱা হৈছে, "হোৱাটছএপ ব্যক্তিগত মেচেজিঙৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু মানুহে প্ৰায়ে তেওঁলোকে ইতিমধ্যে জনা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ হোৱাটছএপ ব্যৱহাৰ কৰে। ই এনে এক প্লেটফৰ্ম য'ত মানুহে তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সৈতে কথা পাতে, আৰু লগতে এনে এক স্থান য'ত মানুহে ব্যৱসায়ৰ বাবে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে বা চিকিৎসকৰ সৈতে গোপনীয়ভাৱে কথা পাতিব পাৰে। আমাৰ ব্যৱহাৰকাৰীসকলৰ কিছুমান আটাইতকৈ ব্যক্তিগত মুহূৰ্ত হোৱাটছএপত শ্বেয়াৰ কৰা হৈছে, যাৰ বাবে আমি এণ্ড-টু-এণ্ড এনক্ৰিপশ্বন ব্যৱহাৰ কৰোঁ, সেয়েহে কেৱল প্ৰেৰক আৰু প্ৰাপ্তকৰ্তাই হে বাৰ্তা  চাব পাৰে।" 

যিকোনো প্ৰৱঞ্চনামূলক কাৰ্যকলাপ চিনাক্ত কৰিবলৈ হোৱাটছএপে বিভিন্ন সুৰক্ষা সুবিধা আৰু নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰে। মেটা-মালিকানাধীন কোম্পানীটোৱে এই প্ৰচেষ্টাবোৰ তদাৰক কৰিবলৈ অভিযন্তা, তথ্য বিজ্ঞানী, বিশ্লেষক, গৱেষক আৰু আইন প্ৰৱৰ্তন, অনলাইন সুৰক্ষা আৰু প্ৰযুক্তি বিকাশৰ বিশেষজ্ঞৰ এটা দল নিয়োগ কৰাৰ দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ