--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে  পদত্যাগ কৰিলে।  ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ লিখা পদত্যাগ পত্ৰত পুৰোহিতে কয় যে ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক কাৰণত  তেওঁ পদত্যাগ কৰিবলৈ ইচ্ছুক। বনৱাৰীলাল পুৰোহিতে তেওঁৰ আবেদন মঞ্জুৰ কৰিবলৈ ৰাষ্ট্ৰপতিক  অনুৰোধ জনাইছে। বিশেষ  সূত্ৰই দাবী  কৰা অনুসৰি পুৰোহিতৰ সৈতে   পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিভিন্ন বিষয়ত সংঘাত চলি আছে। 

পঞ্জাৱৰ চৰকাৰে  দাবী কৰি আহিছে  যে ৰাজ্যপালে বহু প্ৰয়োজনীয়  বিধেয়ক গৃহীত কৰাত পলম কৰিছে । বিষয়টো আনকি  উচ্চতম ন্যায়ালয়লৈ গৈছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাৱ চৰকাৰে  দাখিল কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। 

উচ্চতম ন্যায়ালয়ে  কৈছিল যে ৰাজ্যখনৰ মুৰব্বী হিচাপে এজন ৰাজ্যপালে কোনো কাৰণতে  এখন বিধেয়কত স্বাক্ষৰ  কৰাত পলম কৰিব নোৱাৰে। এইবুলিও  কোৱা হৈছিল যে তেওঁ বিধেয়কখন ৰখাই থোৱাৰ  বাবে  সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।কেইদিনমান পূৰ্বে  বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। বিজেপিৰ এনে বিজয়ৰ পিছত বনৱাৰীলালে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। তাৰ পিছতে পুৰোহিতে  তেওঁৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক