--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে  পদত্যাগ কৰিলে।  ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ লিখা পদত্যাগ পত্ৰত পুৰোহিতে কয় যে ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক কাৰণত  তেওঁ পদত্যাগ কৰিবলৈ ইচ্ছুক। বনৱাৰীলাল পুৰোহিতে তেওঁৰ আবেদন মঞ্জুৰ কৰিবলৈ ৰাষ্ট্ৰপতিক  অনুৰোধ জনাইছে। বিশেষ  সূত্ৰই দাবী  কৰা অনুসৰি পুৰোহিতৰ সৈতে   পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিভিন্ন বিষয়ত সংঘাত চলি আছে। 

পঞ্জাৱৰ চৰকাৰে  দাবী কৰি আহিছে  যে ৰাজ্যপালে বহু প্ৰয়োজনীয়  বিধেয়ক গৃহীত কৰাত পলম কৰিছে । বিষয়টো আনকি  উচ্চতম ন্যায়ালয়লৈ গৈছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাৱ চৰকাৰে  দাখিল কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। 

উচ্চতম ন্যায়ালয়ে  কৈছিল যে ৰাজ্যখনৰ মুৰব্বী হিচাপে এজন ৰাজ্যপালে কোনো কাৰণতে  এখন বিধেয়কত স্বাক্ষৰ  কৰাত পলম কৰিব নোৱাৰে। এইবুলিও  কোৱা হৈছিল যে তেওঁ বিধেয়কখন ৰখাই থোৱাৰ  বাবে  সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।কেইদিনমান পূৰ্বে  বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। বিজেপিৰ এনে বিজয়ৰ পিছত বনৱাৰীলালে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। তাৰ পিছতে পুৰোহিতে  তেওঁৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু