--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰিয় তাৰকাৰ জীৱনক লৈ  অনুৰাগীসকল সদায়  আগ্ৰহী। প্ৰিয় নায়ক - নায়িকাৰ ব্যক্তিগত জীৱনৰ খবৰ  কোনে জানিব নিবিচাৰে? আৰু যদি সেই তাৰকাজন  অমিতাভ বচ্চন হয়, তেন্তে আৰু কোনো কথাই নাই।বলিউডৰ চুপাৰষ্টাৰ বিগ বিৰ অফস্ক্ৰীণ জীৱনৰ প্ৰতি অনুৰাগীৰ আগ্ৰহ এতিয়াও আগৰ দৰেই আছে।

অমিতাভে বৰ্তমান 'কৌন বনেগা কৰোড়পতি'ত অনুষ্ঠানটি পৰিচালনা কৰি আছে৷  শেহতীয়াকৈ,এই অনুষ্ঠানত অংশ লোৱা এজন  প্ৰতিযোগীৰ প্ৰশ্ন আৰু অমিতাভ বচ্চনৰ উত্তৰে অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তুলিছিল৷ 

 হট চিটত বহাৰ লগে-লগে আৱেগতে চকুলো ওলাইছিল প্ৰতিযোগী গৰাকীৰ৷আৰু অমিতাভ বচ্চনেও মৰমৰে চকুপানী মচিবলৈ  যাঁচি দিছিল এখন টিচ্যু পেপাৰ৷ চকুপানী মচিয়েই  অমিতাভ বচ্চনক ওলোটাই প্ৰশ্ন কৰিলে প্ৰতিযোগী গৰাকীয়ে৷ 
  
প্ৰতিযোগী গৰাকীয়ে সুধিছিল যে , দৰ্শক হিচাপে, তেওঁলোকে বিগ বিক প্ৰতিদিনে নতুন কাপোৰ পিন্ধা দেখিছো। আপুনি আপোনাৰ ঘৰত  কাপোৰ ধুইছেনে? এই প্ৰশ্নত আচৰিত হৈ অমিতাভ বচ্চনে উত্তৰ দিয়ে যে, মই মোৰ নিজৰ কাপোৰ নিজেই ধোওঁ৷ "

ইয়াতেই প্ৰতিযোগী গৰাকীৰ প্ৰশ্ন শেষ  হোৱা নাছিল। তেওঁ অমিতাভে  ঘৰত ৰন্ধা-বঢ়া কৰে  নেকি বুলিও প্ৰশ্ন কৰে৷ হাঁহি মুখেৰে কিয় নকৰিম বুলি  অভিনেতাজনে উত্তৰ দিছিল৷  

উল্লেখযোগ্য যে,  অমিতাভ বচ্চনে  একেৰাহে দুখন চলচ্চিত্ৰৰ লগত জড়িত হৈ আছে । ব্ৰহ্মাস্ত্ৰৰ পিছত, শেহতীয়াকৈ  অমিতাভ বচ্চন অভিনীত “গুডবাই” ছবিখন  মুকলি কৰা হৈছে। ছবিখন বিকাশ বহেলে পৰিচালনা কৰিছে। আকৌ এই ছবিখনৰ জৰিয়তেই ৰশ্মিকাই  বলীউডত ভৰি দিছে। ছবিখনত অমিতাভে তেওঁৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে।আনহাতে,  নীনা গুপ্তাই এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’