--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰিয় তাৰকাৰ জীৱনক লৈ  অনুৰাগীসকল সদায়  আগ্ৰহী। প্ৰিয় নায়ক - নায়িকাৰ ব্যক্তিগত জীৱনৰ খবৰ  কোনে জানিব নিবিচাৰে? আৰু যদি সেই তাৰকাজন  অমিতাভ বচ্চন হয়, তেন্তে আৰু কোনো কথাই নাই।বলিউডৰ চুপাৰষ্টাৰ বিগ বিৰ অফস্ক্ৰীণ জীৱনৰ প্ৰতি অনুৰাগীৰ আগ্ৰহ এতিয়াও আগৰ দৰেই আছে।

অমিতাভে বৰ্তমান 'কৌন বনেগা কৰোড়পতি'ত অনুষ্ঠানটি পৰিচালনা কৰি আছে৷  শেহতীয়াকৈ,এই অনুষ্ঠানত অংশ লোৱা এজন  প্ৰতিযোগীৰ প্ৰশ্ন আৰু অমিতাভ বচ্চনৰ উত্তৰে অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তুলিছিল৷ 

 হট চিটত বহাৰ লগে-লগে আৱেগতে চকুলো ওলাইছিল প্ৰতিযোগী গৰাকীৰ৷আৰু অমিতাভ বচ্চনেও মৰমৰে চকুপানী মচিবলৈ  যাঁচি দিছিল এখন টিচ্যু পেপাৰ৷ চকুপানী মচিয়েই  অমিতাভ বচ্চনক ওলোটাই প্ৰশ্ন কৰিলে প্ৰতিযোগী গৰাকীয়ে৷ 
  
প্ৰতিযোগী গৰাকীয়ে সুধিছিল যে , দৰ্শক হিচাপে, তেওঁলোকে বিগ বিক প্ৰতিদিনে নতুন কাপোৰ পিন্ধা দেখিছো। আপুনি আপোনাৰ ঘৰত  কাপোৰ ধুইছেনে? এই প্ৰশ্নত আচৰিত হৈ অমিতাভ বচ্চনে উত্তৰ দিয়ে যে, মই মোৰ নিজৰ কাপোৰ নিজেই ধোওঁ৷ "

ইয়াতেই প্ৰতিযোগী গৰাকীৰ প্ৰশ্ন শেষ  হোৱা নাছিল। তেওঁ অমিতাভে  ঘৰত ৰন্ধা-বঢ়া কৰে  নেকি বুলিও প্ৰশ্ন কৰে৷ হাঁহি মুখেৰে কিয় নকৰিম বুলি  অভিনেতাজনে উত্তৰ দিছিল৷  

উল্লেখযোগ্য যে,  অমিতাভ বচ্চনে  একেৰাহে দুখন চলচ্চিত্ৰৰ লগত জড়িত হৈ আছে । ব্ৰহ্মাস্ত্ৰৰ পিছত, শেহতীয়াকৈ  অমিতাভ বচ্চন অভিনীত “গুডবাই” ছবিখন  মুকলি কৰা হৈছে। ছবিখন বিকাশ বহেলে পৰিচালনা কৰিছে। আকৌ এই ছবিখনৰ জৰিয়তেই ৰশ্মিকাই  বলীউডত ভৰি দিছে। ছবিখনত অমিতাভে তেওঁৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে।আনহাতে,  নীনা গুপ্তাই এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?