--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনক  'কৌন বনেগা কৰোড়পতি ১৪'ৰ আগন্তুক খণ্ডত দেখা যাব। খণ্ডটোত, বিগ বি-ক কন্দাও দেখা পাব দৰ্শকে। দৰাচলতে শ্বুটিঙৰ সময়তে অমিতাভ বচ্চনক  পত্নী জয়া বচ্চনে কিবা এটা কথা  কৈছিল যাৰ বাবে তেওঁ বিচলিত হৈ পৰিছিল। ৮০ বছৰত ভৰি দিব বিগ বিয়ে। সেই উপলক্ষ্যেই কৌন বনেগা কৰোড়পতি ১৪ৰ বিশেষ খণ্ডটো নিৰ্মাণ কৰা হৈছে। 

কৌন বনেগা কৰোড়পতি হৈছে প্ৰায় প্ৰতিজন ভাৰতীয়ৰ  প্ৰিয় অনুষ্ঠান। অনুষ্ঠানটোত প্ৰতিদিনে অমিতাভ বচ্চন আহি হট চিটত বহে আৰু প্ৰায়  ১৩০ কোটি মানুহে তেওঁক চাবলৈ ৰৈ থাকে । অনুষ্ঠানটোৰ আঁতধৰোতা  অমিতাভ বচ্চনৰ জন্মদিনৰ বিশেষ খণ্ডত  তেওঁৰ পৰিয়ালৰ দুজন সদস্য হট চিটত থাকিব।

১১ অক্টোবৰত অমিতাভৰ জন্মদিনত প্ৰিমিয়াৰ হ'বলগীয়া খণ্ডটোৰ এটা প্ৰমোত  জয়া বচ্চনে বিগ-বিৰ  বিষয়ে কিছু হৃদয়বিদাৰক কথা কৈছে। ফলত বিগ-বি আৱেগিক হৈ পৰে। অৱশ্যে, জয়া বচ্চনে কি কথা কৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।হট চিটত দেখা পোৱা অভিষেক বচ্চনেও তেওঁৰ এটা বিখ্যাত সংলাপৰে অনুশ্ঠানটো অধিক মধুৰ কৰি তুলিছে। ইয়াৰ পিছতে জয়া বচ্চন ছেটলৈ আহে, তেওঁ বগা এম্ব্ৰইডাৰী কৰা চুট পিন্ধি অনুষ্ঠানটোত ভাগ লয়। তেওঁলোক দুয়োৱে অমিতাভক  আলিঙ্গন কৰে আৰু অমিতাভ আৱেগিক হৈ পৰে।

কিন্তু অমিতাভে কিহৰ বাবে  কান্দিছিল? অনুষ্ঠানটোত জয়াই তেওঁৰ অনুৰাগীসকলক কিবা গোপন  কথা কৈছিল, যাৰ ফলত অমিতাভৰ চকু পানীৰে ভৰি পৰিছিল।  

চোনিয়ে ছ'চিয়েল মিডিয়াত প্ৰ'ম'টো শ্বেয়াৰ কৰি শিৰোনাম দিছে '@Amitabh বচ্চনজী কেবিচিৰ মঞ্চত বিশেষ অতিথিসকলক দেখি আৱেগিক হৈ পৰিছিল!' ১১ অক্টোবৰৰ খণ্ডটো সম্প্ৰচাৰিত হ’ব।  । '

অমিতাভ বচ্চনে ১১ অক্টোবৰত তেওঁৰ ৮০ সংখ্যক  জন্মদিন উদযাপন কৰিব। দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত   তেওঁ অনুষ্ঠানটোৰ পৰা বহুদিন ধৰি আঁতৰি আছিল।। অভিনেতাজনৰ ছবি 'গুডবাই' শুক্ৰবাৰে মুক্তি লাভ কৰিছে। ছবিখনত তেওঁক নীনা গুপ্তাৰ বিপৰীতে দেখা গৈছে, য'ত ৰশ্মিকা মান্দন্না আৰু অন্যান্যসকলেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?