--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনক  'কৌন বনেগা কৰোড়পতি ১৪'ৰ আগন্তুক খণ্ডত দেখা যাব। খণ্ডটোত, বিগ বি-ক কন্দাও দেখা পাব দৰ্শকে। দৰাচলতে শ্বুটিঙৰ সময়তে অমিতাভ বচ্চনক  পত্নী জয়া বচ্চনে কিবা এটা কথা  কৈছিল যাৰ বাবে তেওঁ বিচলিত হৈ পৰিছিল। ৮০ বছৰত ভৰি দিব বিগ বিয়ে। সেই উপলক্ষ্যেই কৌন বনেগা কৰোড়পতি ১৪ৰ বিশেষ খণ্ডটো নিৰ্মাণ কৰা হৈছে। 

কৌন বনেগা কৰোড়পতি হৈছে প্ৰায় প্ৰতিজন ভাৰতীয়ৰ  প্ৰিয় অনুষ্ঠান। অনুষ্ঠানটোত প্ৰতিদিনে অমিতাভ বচ্চন আহি হট চিটত বহে আৰু প্ৰায়  ১৩০ কোটি মানুহে তেওঁক চাবলৈ ৰৈ থাকে । অনুষ্ঠানটোৰ আঁতধৰোতা  অমিতাভ বচ্চনৰ জন্মদিনৰ বিশেষ খণ্ডত  তেওঁৰ পৰিয়ালৰ দুজন সদস্য হট চিটত থাকিব।

১১ অক্টোবৰত অমিতাভৰ জন্মদিনত প্ৰিমিয়াৰ হ'বলগীয়া খণ্ডটোৰ এটা প্ৰমোত  জয়া বচ্চনে বিগ-বিৰ  বিষয়ে কিছু হৃদয়বিদাৰক কথা কৈছে। ফলত বিগ-বি আৱেগিক হৈ পৰে। অৱশ্যে, জয়া বচ্চনে কি কথা কৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।হট চিটত দেখা পোৱা অভিষেক বচ্চনেও তেওঁৰ এটা বিখ্যাত সংলাপৰে অনুশ্ঠানটো অধিক মধুৰ কৰি তুলিছে। ইয়াৰ পিছতে জয়া বচ্চন ছেটলৈ আহে, তেওঁ বগা এম্ব্ৰইডাৰী কৰা চুট পিন্ধি অনুষ্ঠানটোত ভাগ লয়। তেওঁলোক দুয়োৱে অমিতাভক  আলিঙ্গন কৰে আৰু অমিতাভ আৱেগিক হৈ পৰে।

কিন্তু অমিতাভে কিহৰ বাবে  কান্দিছিল? অনুষ্ঠানটোত জয়াই তেওঁৰ অনুৰাগীসকলক কিবা গোপন  কথা কৈছিল, যাৰ ফলত অমিতাভৰ চকু পানীৰে ভৰি পৰিছিল।  

চোনিয়ে ছ'চিয়েল মিডিয়াত প্ৰ'ম'টো শ্বেয়াৰ কৰি শিৰোনাম দিছে '@Amitabh বচ্চনজী কেবিচিৰ মঞ্চত বিশেষ অতিথিসকলক দেখি আৱেগিক হৈ পৰিছিল!' ১১ অক্টোবৰৰ খণ্ডটো সম্প্ৰচাৰিত হ’ব।  । '

অমিতাভ বচ্চনে ১১ অক্টোবৰত তেওঁৰ ৮০ সংখ্যক  জন্মদিন উদযাপন কৰিব। দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত   তেওঁ অনুষ্ঠানটোৰ পৰা বহুদিন ধৰি আঁতৰি আছিল।। অভিনেতাজনৰ ছবি 'গুডবাই' শুক্ৰবাৰে মুক্তি লাভ কৰিছে। ছবিখনত তেওঁক নীনা গুপ্তাৰ বিপৰীতে দেখা গৈছে, য'ত ৰশ্মিকা মান্দন্না আৰু অন্যান্যসকলেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র