--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেঘালয় আৰক্ষীয়ে বাংলাদেশৰ সীমান্তৱৰ্তী জয়ন্তীয়া পাহাৰ জিলাৰ এখন তামোলৰ বাগিচাৰ পৰা আৱামী লীগৰ নেতা ইছহাক আলী খান পান্নাৰ অংগচ্ছেদ মৃতদেহ উদ্ধাৰ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

তথ্য অনুসৰি, বাংলাদেশ ছাত্ৰ লীগৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা চুবুৰীয়া বাংলাদেশৰ পিৰোজপুৰ জিলাৰ আৱামী লীগৰ বিশিষ্ট সদস্য পান্নাই যোৱা ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা পলায়ন কৰি আছিল ৷

২৬ আগষ্টৰ সন্ধিয়া ভাৰত-বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক গিৰি প্ৰসাদে কয় যে পাছপ’ৰ্টৰ জৰিয়তে পান্নাক চিনাক্ত কৰা হৈছে।

অৱশ্যে সীমান্তৰক্ষী বাংলাদেশ (বিজিবি)ৰ সৈতে গুলীচালনাৰ কাণ্ডৰ সৈতে তেওঁ জড়িত হ’ব পাৰে বুলি আৰক্ষীয়ে জনায় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে, মৃতদেহটো অধিক চিনাক্তকৰণৰ বাবে ক্লেইহ্ৰিয়াট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সীমান্ত বাহিনীয়ে কয় যে ‘ভাৰত-বাংলাদেশ সীমান্তৰ বিএছএফ, মেঘালয় সীমান্তৰ দায়িত্বত থকা অঞ্চলত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ/অবৈধ প্ৰৱেশৰ শেহতীয়া কোনো খবৰ পোৱা নাই।’

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ভাৰতৰ অংশ মেঘালয়ত কেনেকৈ উদ্ধাৰ হ’ল ইছহাক আলী খান পান্নাৰ পচি যোৱা মৃতদেহ ! কোনে কৰিলে তেওঁৰ হত্যা 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু