--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেঘালয় আৰক্ষীয়ে বাংলাদেশৰ সীমান্তৱৰ্তী জয়ন্তীয়া পাহাৰ জিলাৰ এখন তামোলৰ বাগিচাৰ পৰা আৱামী লীগৰ নেতা ইছহাক আলী খান পান্নাৰ অংগচ্ছেদ মৃতদেহ উদ্ধাৰ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

তথ্য অনুসৰি, বাংলাদেশ ছাত্ৰ লীগৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা চুবুৰীয়া বাংলাদেশৰ পিৰোজপুৰ জিলাৰ আৱামী লীগৰ বিশিষ্ট সদস্য পান্নাই যোৱা ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা পলায়ন কৰি আছিল ৷

২৬ আগষ্টৰ সন্ধিয়া ভাৰত-বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক গিৰি প্ৰসাদে কয় যে পাছপ’ৰ্টৰ জৰিয়তে পান্নাক চিনাক্ত কৰা হৈছে।

অৱশ্যে সীমান্তৰক্ষী বাংলাদেশ (বিজিবি)ৰ সৈতে গুলীচালনাৰ কাণ্ডৰ সৈতে তেওঁ জড়িত হ’ব পাৰে বুলি আৰক্ষীয়ে জনায় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে, মৃতদেহটো অধিক চিনাক্তকৰণৰ বাবে ক্লেইহ্ৰিয়াট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সীমান্ত বাহিনীয়ে কয় যে ‘ভাৰত-বাংলাদেশ সীমান্তৰ বিএছএফ, মেঘালয় সীমান্তৰ দায়িত্বত থকা অঞ্চলত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ/অবৈধ প্ৰৱেশৰ শেহতীয়া কোনো খবৰ পোৱা নাই।’

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ভাৰতৰ অংশ মেঘালয়ত কেনেকৈ উদ্ধাৰ হ’ল ইছহাক আলী খান পান্নাৰ পচি যোৱা মৃতদেহ ! কোনে কৰিলে তেওঁৰ হত্যা 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ