--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰ বয়সৰ পৰা সংগীতৰ লগত জড়িত। ১১ বছৰ বয়সৰ পৰাই সংগীতক পেছা হিচাপে বাছি লৈ বলীউডত আত্মপ্ৰকাশ কৰিছিল সুনিধি চৌহানে। সুনিধিয়ে নিজৰ কেৰিয়াৰত হাজাৰৰো অধিক গীত গাইছে। সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো তেওঁ প্ৰথম বিবাহ, বিচ্ছেদক ​​জীৱনৰ এক ডাঙৰ ভুল বুলি ভাবে। পুৰণি সাক্ষাৎকাৰত কণ্ঠশিল্পীগৰাকীয়ে নিজৰ অতীতৰ কথা কৈছিল।

২০০২ চনত ১৮ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল সুনিধি। কোৰিঅ’গ্ৰাফাৰ-পৰিচালক আহমেদ খানৰ ভাতৃ ববি খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় গায়িকই৷ ফুচফুচানি শুনা যায়, ‘পাহেলা নাছা’ মিউজিক ভিডিঅ’ৰ কাম কৰি থাকোঁতে সুনিধিয়ে ববীৰ সৈতে কথা পাতিছিল। প্ৰথম কথা-বতৰাৰ পৰা বন্ধুত্ব, বন্ধুত্বৰ পৰা প্ৰেম।

সুনিধি আৰু ববি দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত লয়। ২০০২ চনত তেওঁলোকৰ বিবাহ হয়। কিন্তু বিয়াৰ অনুষ্ঠানত কোনো ধুমধাম নাছিল। নিমন্ত্ৰণী তালিকাত আছিল কেৱল ঘনিষ্ঠ লোক। সূত্ৰ অনুসৰি সুনিধিৰ পিতৃ-মাতৃয়ে এই বিবাহক লৈ আপত্তি কৰে। আনকি ববীক বিয়া কৰালে সুনিধিৰ লগত সম্পৰ্ক নাথাকিব বুলিও কৈছিল। কিন্তু পৰিয়ালৰ নিষেধাজ্ঞাৰ পিছতো সুনিধিয়ে ববীক বিয়া কৰাইছিল।

ববীক বিয়া কৰাইও সিহঁতৰ পৰিয়ালটো সুখী নাছিল। সূত্ৰ অনুসৰি সুনিধি আৰু ববীৰৰ মাজত মত বিৰোধৰ বাবে কেতিয়াবা বিপদত পৰিছিল। বিয়াৰ এবছৰৰ পিছত সুনিধি আৰু ববীয়ে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লয়। সেই সময়ত সুনিধি বলীউডৰ অভিনেতা অনু কাপুৰ আৰু তেওঁৰ পত্নী অৰুনিতা মুখাৰ্জীৰ সৈতে বাস কৰিছিল।

২০০৩ চনত সুনিধিয়ে ববীক বিবাহ বিচ্ছেদ কৰে। গায়িকাগৰাকীয়ে তেওঁৰ প্ৰথম বিবাহক জীৱনৰ ‘ডাঙৰ ভুল’ বুলি ভাবে। এটা পুৰণি সাক্ষাৎকাৰত এই কথা দাবী কৰিছিল সুনিধিয়ে।

ববীৰ সৈতে বিচ্ছেদ ঘটাৰ পিছত সুনিধিয়ে সংগীত প্ৰযোজক হিতেশ শোনিকৰ সৈতে সম্পৰ্ক স্থাপন কৰে। সুনিধি হিতেশৰ লগত বহু বছৰ ধৰি বন্ধুত্ব কৰিছিল। সেই বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। দুবছৰৰো অধিক সময় সম্পৰ্কত থকাৰ পিছত হিতেশ আৰু সুনিধিয়ে বিয়া হোৱাৰ সিদ্ধান্ত লয়। ২০১২ চনৰ ২৪ এপ্ৰিলত গোৱাৰ সাতপাত দুয়োৰে বিবাহপাশত আবদ্ধ হয়।

গোৱাত বিয়াৰ পিছত সুনিধি আৰু হিতেশে মুম্বাইত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত  বহু তাৰকা উপস্থিত আছিল। হিতেশক বিয়া কৰাই ছবছৰৰ পাছত সুনিধিয়ে পুত্ৰ সন্তান জন্ম দিয়ে। বৰ্তমান সুনিধিৰ জীৱন কেৰিয়াৰ আৰু পৰিয়ালত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক