--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি অভিনেতা অনিল কাপুৰৰ অনুমতি নোলোৱাকৈ তেওঁৰ নাম, ফটো আদি ক’তো ব্যৱহাৰ কৰিব নোৱাৰিব৷  বুধবাৰে, দিল্লী উচ্চ ন্যায়ালয়ে অনিল কাপুৰৰ সৈতে সম্পৰ্কিত উপনাম যেনে মিষ্টাৰ ইণ্ডিয়া, এ কে আৰু মজনু ভাইৰ ব্যৱহাৰ নিষিদ্ধ কৰে।অভিনেতাগৰাকীয়ে  অলপতে তেওঁৰ ব্যক্তিগত  অধিকাৰ  সুৰক্ষাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। 

আবেদনখনত, অভিনেতাজনে তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, কণ্ঠস্বৰ, ছবি আৰু উপ-নাম  ব্যৱহাৰ কৰাৰ বিষয়ত  বিভিন্ন সংগঠনৰ বিৰুদ্ধে নিষেধাজ্ঞা বিচাৰিছিল।

এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ ব্যক্তিগত  অধিকাৰ সুৰক্ষিত কৰিছে আৰু তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ছবি বা কণ্ঠস্বৰৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

 অভিনেতাজনে তেওঁৰ  সৈতে সম্পৰ্কিত অশ্লীল ভিডিঅ' ইণ্টাৰনেটত আপলোড কৰা আন সকলো লিংক অৱৰোধ কৰিবলৈও নিৰ্দেশ জাৰি কৰিবলৈ আদালতত আবেদন জনাইছিল৷


আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ প্ৰতীবা এম সিঙে কয় যে এজন ব্যক্তিৰ নাম, কণ্ঠস্বৰ, ছবি  বা সংলাপ অনুমতি অবিহনে ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি।

লগতে আদালতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বহুলোকে আনৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিছে। চেলিব্ৰিটিসকলৰো তেওঁলোকৰ গোপনীয়তা বজাই ৰখাৰ অধিকাৰ আছে।

ন্যায়ালয়ে দূৰসংযোগ বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰক অনিল কাপুৰৰ মুখ সংলগ্ন কৰি আপলোড কৰা অশ্লীল  ভিডিঅ'ৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰি এনে ভিডিঅ’ৰ  সকলো লিংক তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিছে।


ইয়াৰ আগতে, অমিতাভ  বচ্চনকো আদালতে  সকাহ দিছিল৷  আদালতে অমিতাভৰ সৈতে সম্পৰ্কিত অশ্লীল ভিডিঅ' আপলোড কৰা সকলো লিংক অৱৰোধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। 
অনিল কাপুৰে তেওঁৰ আবেদনত কৈছিল যে লাখন, মিষ্টাৰ ইণ্ডিয়া, মজনু ভাই আৰু ঝাকাছৰ দৰে শব্দৰ অপব্যৱহাৰ হৈ আছে৷ সেয়ে তেওঁৰ নামৰ সৈতে এনেবোৰ শব্দৰ ব্যৱহাৰ বন্ধ হ’ব লাগে৷

উল্লেখ্য অনিল কাপুৰক শীঘ্ৰেই ভূমি পেডনেকাৰ আৰু শ্বেহনাজ গিলৰ সৈতে 'থ্যাংক ইউ ফৰ কামিং' ছবিখনত দেখা যাব। ছবিখনৰ ট্ৰেইলাৰ শেহতীয়াকৈ মুকলি কৰা হৈছে, য'ত অনিল কাপুৰকো দেখা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু