--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি অভিনেতা অনিল কাপুৰৰ অনুমতি নোলোৱাকৈ তেওঁৰ নাম, ফটো আদি ক’তো ব্যৱহাৰ কৰিব নোৱাৰিব৷  বুধবাৰে, দিল্লী উচ্চ ন্যায়ালয়ে অনিল কাপুৰৰ সৈতে সম্পৰ্কিত উপনাম যেনে মিষ্টাৰ ইণ্ডিয়া, এ কে আৰু মজনু ভাইৰ ব্যৱহাৰ নিষিদ্ধ কৰে।অভিনেতাগৰাকীয়ে  অলপতে তেওঁৰ ব্যক্তিগত  অধিকাৰ  সুৰক্ষাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। 

আবেদনখনত, অভিনেতাজনে তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, কণ্ঠস্বৰ, ছবি আৰু উপ-নাম  ব্যৱহাৰ কৰাৰ বিষয়ত  বিভিন্ন সংগঠনৰ বিৰুদ্ধে নিষেধাজ্ঞা বিচাৰিছিল।

এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ ব্যক্তিগত  অধিকাৰ সুৰক্ষিত কৰিছে আৰু তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ছবি বা কণ্ঠস্বৰৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

 অভিনেতাজনে তেওঁৰ  সৈতে সম্পৰ্কিত অশ্লীল ভিডিঅ' ইণ্টাৰনেটত আপলোড কৰা আন সকলো লিংক অৱৰোধ কৰিবলৈও নিৰ্দেশ জাৰি কৰিবলৈ আদালতত আবেদন জনাইছিল৷


আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ প্ৰতীবা এম সিঙে কয় যে এজন ব্যক্তিৰ নাম, কণ্ঠস্বৰ, ছবি  বা সংলাপ অনুমতি অবিহনে ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি।

লগতে আদালতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বহুলোকে আনৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিছে। চেলিব্ৰিটিসকলৰো তেওঁলোকৰ গোপনীয়তা বজাই ৰখাৰ অধিকাৰ আছে।

ন্যায়ালয়ে দূৰসংযোগ বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰক অনিল কাপুৰৰ মুখ সংলগ্ন কৰি আপলোড কৰা অশ্লীল  ভিডিঅ'ৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰি এনে ভিডিঅ’ৰ  সকলো লিংক তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিছে।


ইয়াৰ আগতে, অমিতাভ  বচ্চনকো আদালতে  সকাহ দিছিল৷  আদালতে অমিতাভৰ সৈতে সম্পৰ্কিত অশ্লীল ভিডিঅ' আপলোড কৰা সকলো লিংক অৱৰোধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। 
অনিল কাপুৰে তেওঁৰ আবেদনত কৈছিল যে লাখন, মিষ্টাৰ ইণ্ডিয়া, মজনু ভাই আৰু ঝাকাছৰ দৰে শব্দৰ অপব্যৱহাৰ হৈ আছে৷ সেয়ে তেওঁৰ নামৰ সৈতে এনেবোৰ শব্দৰ ব্যৱহাৰ বন্ধ হ’ব লাগে৷

উল্লেখ্য অনিল কাপুৰক শীঘ্ৰেই ভূমি পেডনেকাৰ আৰু শ্বেহনাজ গিলৰ সৈতে 'থ্যাংক ইউ ফৰ কামিং' ছবিখনত দেখা যাব। ছবিখনৰ ট্ৰেইলাৰ শেহতীয়াকৈ মুকলি কৰা হৈছে, য'ত অনিল কাপুৰকো দেখা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক