--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ আগে আগে মেক-আপ কৰিবলৈ মেক আপ আৰ্টিষ্টৰ ওচৰলৈ গ’ল কইনা। কিন্তু মেক আপ আৰ্টিষ্টে দিয়া প্ৰসাধন সামগ্ৰী মুখত লগোৱাৰ পাছতে দুৰ্যোগ হয়। কইনাৰ মুখখন ফুলি উঠিল। বিয়া ভাঙিল। কইনাও স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

কৰ্ণাটকৰ হাছান জিলাৰ আৰাচিকেৰে গাঁৱৰ ঘটনা। কইনাৰ মুখখন ফুলি ক’লা হৈ পৰা দেখি দৰাজনে তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। কইনাৰ পৰিয়ালৰ হৈ মেক আপ আর্টিষ্টৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে।

গংগা নামৰ মেক-আপ আৰ্টিষ্টজনে কইনাক অভিনৱ ৰূপেৰে সজোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। কইনাৰ মুখ সজাবলৈ গৈ তাইৰ মুখত প্ৰসাধন সামগ্ৰী প্ৰয়োগ কৰি গৰম ভাপ দিবলৈ আৰম্ভ কৰে। গৰম ভাপৰ বাবে মুখখন জ্বলি যোৱাৰ অভিযোগ কৰিছে কইনাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীৰ পৰিয়ালে গংগাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তেওঁক ফোন কৰি জেৰা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক