--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোৱাৰীয়েকৰ স’তে বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিল শহুৰেক। পুত্ৰৰ বাইকত বোৱাৰীক বহুৱাই পলাইও গ'ল। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল অসহায় পুত্ৰ।

ৰাজস্থানৰ বুণ্ডী জিলাৰ চিলোৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। তাৰ বাসিন্দা পৱন বৈৰাগী। তেওঁ পিতৃ ৰমেশ বৈৰাগীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

অভিযোগ অনুসৰি, পৱনৰ পত্নীৰ সৈতে শহুৰেক ৰমেশ পলাই গৈছিল। অভিযোগকাৰীয়ে দাবী কৰে যে শহুৱেক ৰমেশেই বোৱাৰীয়েকক নিজৰ লগত পলায়ন কৰিবলৈ উচটনি দিছিল। আনকি পলায়ন কৰাৰ সময়ত পিতৃয়ে পুত্ৰৰ বাইকখনো চুৰি কৰি লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে।

পৱনে দাবী কৰে যে তেওঁৰ পত্নীৰ স’তে পিতৃয়ে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰাখিছিল। পত্নীক পিতৃয়ে তেওঁৰ বিৰুদ্ধে উচটনি দিয়ে। ঘৰৰ পৰা পলাই যাবলৈ উচটনি দিয়ে। ইয়াৰ পিছতে পৱনৰ বাইকখন লৈ দুয়োজন পলায়ন কৰে।

পৱনৰ ৬ মহীয়া সন্তান আছে। কামৰ কাৰণে পৱন গাঁৱৰ বাহিৰত থাকিব লগা হয়। লগতে পৱনে আৰক্ষীক জনোৱা মতে, মাতৃয়ে ককাকৰ স’তে পলাই যোৱাৰ বাবে শিশুটিৰ যত্ন লোৱাত সমস্যা হৈছে। 

আৰক্ষীৰ ওচৰত পৱনৰ মূল অভিযোগ পিতৃৰ বিৰুদ্ধে। তেওঁৰ পত্নী নিৰ্দোষী বুলি দাবী কৰে। বৰঞ্চ পত্নীয়ে তেওঁৰ অভিযোগ, পিতৃৰ প্ৰৰোচনা আৰু প্ৰলোভনৰ জালত ভৰি দিছে বুলি কয়। ইয়াৰ পূৰ্বেও পিতৃগৰাকী কেইবাটাও অবৈধ লেনদেনত জড়িত আছিল বুলি অভিযোগ পৱনে।

এই সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে কয় যে সমগ্ৰ ঘটনাটো যথাযথ গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে পৱনক আশ্বাস দিয়া হৈছে যে বাইকখনৰ সৈতে পলায়ন কৰা দম্পতীক শীঘ্ৰে সন্ধান উলিওৱা হ’ব। অৱশ্যে এই পৰ্যন্ত তেওঁলোকৰ কোনো লেখ-জোখ পোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত