--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোৱাৰীয়েকৰ স’তে বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিল শহুৰেক। পুত্ৰৰ বাইকত বোৱাৰীক বহুৱাই পলাইও গ'ল। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল অসহায় পুত্ৰ।

ৰাজস্থানৰ বুণ্ডী জিলাৰ চিলোৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। তাৰ বাসিন্দা পৱন বৈৰাগী। তেওঁ পিতৃ ৰমেশ বৈৰাগীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

অভিযোগ অনুসৰি, পৱনৰ পত্নীৰ সৈতে শহুৰেক ৰমেশ পলাই গৈছিল। অভিযোগকাৰীয়ে দাবী কৰে যে শহুৱেক ৰমেশেই বোৱাৰীয়েকক নিজৰ লগত পলায়ন কৰিবলৈ উচটনি দিছিল। আনকি পলায়ন কৰাৰ সময়ত পিতৃয়ে পুত্ৰৰ বাইকখনো চুৰি কৰি লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে।

পৱনে দাবী কৰে যে তেওঁৰ পত্নীৰ স’তে পিতৃয়ে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰাখিছিল। পত্নীক পিতৃয়ে তেওঁৰ বিৰুদ্ধে উচটনি দিয়ে। ঘৰৰ পৰা পলাই যাবলৈ উচটনি দিয়ে। ইয়াৰ পিছতে পৱনৰ বাইকখন লৈ দুয়োজন পলায়ন কৰে।

পৱনৰ ৬ মহীয়া সন্তান আছে। কামৰ কাৰণে পৱন গাঁৱৰ বাহিৰত থাকিব লগা হয়। লগতে পৱনে আৰক্ষীক জনোৱা মতে, মাতৃয়ে ককাকৰ স’তে পলাই যোৱাৰ বাবে শিশুটিৰ যত্ন লোৱাত সমস্যা হৈছে। 

আৰক্ষীৰ ওচৰত পৱনৰ মূল অভিযোগ পিতৃৰ বিৰুদ্ধে। তেওঁৰ পত্নী নিৰ্দোষী বুলি দাবী কৰে। বৰঞ্চ পত্নীয়ে তেওঁৰ অভিযোগ, পিতৃৰ প্ৰৰোচনা আৰু প্ৰলোভনৰ জালত ভৰি দিছে বুলি কয়। ইয়াৰ পূৰ্বেও পিতৃগৰাকী কেইবাটাও অবৈধ লেনদেনত জড়িত আছিল বুলি অভিযোগ পৱনে।

এই সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে কয় যে সমগ্ৰ ঘটনাটো যথাযথ গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে পৱনক আশ্বাস দিয়া হৈছে যে বাইকখনৰ সৈতে পলায়ন কৰা দম্পতীক শীঘ্ৰে সন্ধান উলিওৱা হ’ব। অৱশ্যে এই পৰ্যন্ত তেওঁলোকৰ কোনো লেখ-জোখ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement