--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন এজনকৈ সাংসদসকলে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। দেওবাৰে শপতগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱন সজ্জিত কৰা হয়। নিৰাপত্তা কটকটীয়া আছিল। এনে পৰিস্থিতিত দৰ্শকৰ মোবাইল ফোনত ধৰা পৰিল এটা ‘বিৰল’ দৃশ্য। শপত গ্ৰহণ অনুষ্ঠানৰ মূল মঞ্চৰ আঁৰত এটা ‘ৰহস্যময়’ জন্তুৰ গতিবিধি বহুতে কেমেৰাত ধৰিলে।

দেওবাৰে নিশাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোডীৰ শপতগ্ৰহণৰ কেইবাটাও ভিডিঅ’। সেই ভিডিঅ’বোৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ‘ৰহস্যময়’ জন্তুটোৱে! নাহৰফুটুকী নে মেকুৰী সেই লৈ তীব্ৰ আলোচনা চলি আছে। মাত্ৰ কেইছেকেণ্ডমানৰ ভিডিঅ'। সেই ভিডিঅ’টোত ধৰা পৰিল ‘অচিনাকি’ অতিথিজন!

উল্লেখ্য যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। হয়তো প্ৰকৃত অনুসন্ধানত মিছাও হ’ব পাৰে কিন্তু সম্প্ৰতি এই লৈ তীব্ৰ চৰ্চা চলিছে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত বিজেপিৰ সাংসদ দুৰ্গাদাস উইকে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ পিছত দুৰ্গাদাসে প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে শুভেচ্ছা বিনিময় কৰিবলৈ আগবাঢ়িল। সেই সময়ত মঞ্চৰ পিছফালে থকা কৰিড’ৰেৰে এটা জন্তু খোজ কাঢ়িছিল!

ভিডিঅ'টোত থকা জন্তুটো কি সেই সম্পৰ্কে বিভিন্ন মতামত প্ৰকাশ কৰিছে। নেটিজেনৰ এটা অংশৰ মতে, জন্তুটোৰ খোজ কঢ়াৰ শৈলী আৰু ঠেংৰ এটা অংশই ইয়াক নাহৰফুটুকী বুলি প্ৰকাশ কৰে। কিন্তু নেটিজেনৰ আন এটা অংশই ইয়াক মানি ল’বলৈ অনিচ্ছুক। তেওঁলোকৰ মতে মেকুৰীৰ দৰে যিকোনো প্ৰাণী। ‘বৃহৎ মেকুৰী পৰিয়াল’ৰ এটা জন্তু ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে।

কিন্তু এই সকলোবোৰৰ মাজত একাংশই ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। লগতে মোডীৰ শপত গ্ৰহণ অনুষ্ঠান। তাত থকা সকলোৰে চকুত ধূলা দি কেনেকৈ এটা জন্তু ৰাষ্ট্ৰপতি ভৱনত সোমাল? এই অনুষ্ঠানত জন্তুটোৱে আক্ৰমণ কৰিলে কি হ’লহেঁতেন বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ