--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন এজনকৈ সাংসদসকলে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। দেওবাৰে শপতগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱন সজ্জিত কৰা হয়। নিৰাপত্তা কটকটীয়া আছিল। এনে পৰিস্থিতিত দৰ্শকৰ মোবাইল ফোনত ধৰা পৰিল এটা ‘বিৰল’ দৃশ্য। শপত গ্ৰহণ অনুষ্ঠানৰ মূল মঞ্চৰ আঁৰত এটা ‘ৰহস্যময়’ জন্তুৰ গতিবিধি বহুতে কেমেৰাত ধৰিলে।

দেওবাৰে নিশাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোডীৰ শপতগ্ৰহণৰ কেইবাটাও ভিডিঅ’। সেই ভিডিঅ’বোৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ‘ৰহস্যময়’ জন্তুটোৱে! নাহৰফুটুকী নে মেকুৰী সেই লৈ তীব্ৰ আলোচনা চলি আছে। মাত্ৰ কেইছেকেণ্ডমানৰ ভিডিঅ'। সেই ভিডিঅ’টোত ধৰা পৰিল ‘অচিনাকি’ অতিথিজন!

উল্লেখ্য যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। হয়তো প্ৰকৃত অনুসন্ধানত মিছাও হ’ব পাৰে কিন্তু সম্প্ৰতি এই লৈ তীব্ৰ চৰ্চা চলিছে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত বিজেপিৰ সাংসদ দুৰ্গাদাস উইকে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ পিছত দুৰ্গাদাসে প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে শুভেচ্ছা বিনিময় কৰিবলৈ আগবাঢ়িল। সেই সময়ত মঞ্চৰ পিছফালে থকা কৰিড’ৰেৰে এটা জন্তু খোজ কাঢ়িছিল!

ভিডিঅ'টোত থকা জন্তুটো কি সেই সম্পৰ্কে বিভিন্ন মতামত প্ৰকাশ কৰিছে। নেটিজেনৰ এটা অংশৰ মতে, জন্তুটোৰ খোজ কঢ়াৰ শৈলী আৰু ঠেংৰ এটা অংশই ইয়াক নাহৰফুটুকী বুলি প্ৰকাশ কৰে। কিন্তু নেটিজেনৰ আন এটা অংশই ইয়াক মানি ল’বলৈ অনিচ্ছুক। তেওঁলোকৰ মতে মেকুৰীৰ দৰে যিকোনো প্ৰাণী। ‘বৃহৎ মেকুৰী পৰিয়াল’ৰ এটা জন্তু ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে।

কিন্তু এই সকলোবোৰৰ মাজত একাংশই ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। লগতে মোডীৰ শপত গ্ৰহণ অনুষ্ঠান। তাত থকা সকলোৰে চকুত ধূলা দি কেনেকৈ এটা জন্তু ৰাষ্ট্ৰপতি ভৱনত সোমাল? এই অনুষ্ঠানত জন্তুটোৱে আক্ৰমণ কৰিলে কি হ’লহেঁতেন বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু