--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   মালাৱিৰ উপ-ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰা বিমান খন সন্ধানহান হৈ পৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে।  টৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমাক কঢ়িয়াই অনা সামৰিক বিমান খনৰ কোনো সন্ধান পোৱা হোৱা নাই।"বিমান খনত চিলিমাৰ লগতে আন ৯ জন লোক থকা বুলি জানিব পৰা গৈছে।   বেয়া বতৰৰ বাবেই বিমান খন সন্ধানহীন হৈ পৰা বুলি ধাৰণা কৰা হৈছে।  বিমান খনত মালাউইৰ প্ৰাক্তন প্ৰথম মহিলা শ্বানিল জিম্বিৰিও আছিল। ৰাজধানী লিলংৱেৰ পৰা পুৱা ৯ বজাত উৰা মৰা বিমান খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ হেৰাই যায়। 

তেওঁলোকে এজন প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে  যাত্ৰা কৰিছিল। বেয়া বতৰৰ বাবে  বিমানৰ পাইলটক  লিলংৱেলৈ উভতি আহিবলৈ পৰামৰ্শ দিছিল, কিন্তু  ইয়াৰ পিছতেই কৰ্তৃপক্ষই বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। বিমানখন সন্ধানহীন হোৱাৰ পিছতে সহায় বিচাৰি  আমেৰিকা, ব্ৰিটেইন, নৰ’ৱে আৰু ইজৰাইলকে ধৰি বিভিন্ন দেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। 

ইপিনে একাংশ লোকে দাবী কৰা অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে গভীৰ বনাঞ্চলত তেওঁলোকে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা পাইছিল।  উল্লেখ্য উপ-ৰাষ্ট্ৰপতি  চিলিমা মালাৱি যুৱক-যুৱতীসকলৰ বিশেষভাবে জনপ্ৰিয়।২০২২ উৎকোচ কেলেংকাৰিৰ  অভিযোগত চিলিমাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ পদ হেৰুৱাইছিল।  যোৱা মাহত মালাৱিৰ আদালতে চিলিমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাতিল কৰি তেওঁ পুনৰ পদত অধিষ্ঠিত কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু