--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   মালাৱিৰ উপ-ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰা বিমান খন সন্ধানহান হৈ পৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে।  টৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমাক কঢ়িয়াই অনা সামৰিক বিমান খনৰ কোনো সন্ধান পোৱা হোৱা নাই।"বিমান খনত চিলিমাৰ লগতে আন ৯ জন লোক থকা বুলি জানিব পৰা গৈছে।   বেয়া বতৰৰ বাবেই বিমান খন সন্ধানহীন হৈ পৰা বুলি ধাৰণা কৰা হৈছে।  বিমান খনত মালাউইৰ প্ৰাক্তন প্ৰথম মহিলা শ্বানিল জিম্বিৰিও আছিল। ৰাজধানী লিলংৱেৰ পৰা পুৱা ৯ বজাত উৰা মৰা বিমান খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ হেৰাই যায়। 

তেওঁলোকে এজন প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে  যাত্ৰা কৰিছিল। বেয়া বতৰৰ বাবে  বিমানৰ পাইলটক  লিলংৱেলৈ উভতি আহিবলৈ পৰামৰ্শ দিছিল, কিন্তু  ইয়াৰ পিছতেই কৰ্তৃপক্ষই বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। বিমানখন সন্ধানহীন হোৱাৰ পিছতে সহায় বিচাৰি  আমেৰিকা, ব্ৰিটেইন, নৰ’ৱে আৰু ইজৰাইলকে ধৰি বিভিন্ন দেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। 

ইপিনে একাংশ লোকে দাবী কৰা অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে গভীৰ বনাঞ্চলত তেওঁলোকে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা পাইছিল।  উল্লেখ্য উপ-ৰাষ্ট্ৰপতি  চিলিমা মালাৱি যুৱক-যুৱতীসকলৰ বিশেষভাবে জনপ্ৰিয়।২০২২ উৎকোচ কেলেংকাৰিৰ  অভিযোগত চিলিমাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ পদ হেৰুৱাইছিল।  যোৱা মাহত মালাৱিৰ আদালতে চিলিমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাতিল কৰি তেওঁ পুনৰ পদত অধিষ্ঠিত কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ