ডিজিটেল ডেস্কঃ এতিয়া শৰতৰ বতৰ; সমাগত ৰাস মহোৎসৱ। সকলোতে চলিছে এতিয়া ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি।কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি। জনতাৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কুজীডাঁহতো বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে ৰাস মহোৎসৱৰ।১৯২৬ চনতে আৰম্ভ হোৱা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজীডাঁহ যুৰীয়া নামঘৰৰ ৰাসোৎসৱে এইবাৰ ১০০ বছৰ গৰকিছে।
তদুপলক্ষে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা এশবছৰীয়া জয়ন্তী।
অহা ৫ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ সকলো কাৰ্যসূচী সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই উছৰ্গা কৰা হৈছে। ইতিমধ্যে অঞ্চলটোৰ জীয়ৰী,বোৱাৰী সকল সমবেত হৈ ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে। খোল-তাল-বাঁহীৰ সুৰে সুৰে নাচি প্ৰস্তুতি চলাইছে অঞ্চলটোৰ যুৱতী-মহিলাই ৰাস মহোৎসৱৰ বাবে।