--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ক্ষেত্ৰ খনত অসমৰ কেইবাগৰাকীও প্ৰতিভা সম্পন্ন খেলুৱৈৱে দেশ তথা বিদেশত অসমৰ নাম জিলিকাই তুলিছে৷  এইবাৰ মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আন এগৰাকী অসম কন্যাই অসমক ধন্য কৰিলে৷ নাম তেওঁৰ জিণ্টিমণি কলিতা৷


সুদক্ষ বলাৰ হিচাবে জনাজাত  জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত নিয়মীয়াকৈ  ক্ৰিকেট অনুশীলন কৰি গৈছিল৷ জিণ্টিমণিয়ে এটা সময়ত  অসম দলত স্থান লাভ কৰিছিল৷  কেৱল সেয়াই নহয়, পিছলৈ তেওঁ  ভাৰতীয় মহিলা  বি টীমত স্থান লাভ কৰে৷ ইপিনে মুম্বাই ইণ্ডিয়ানছ দলে অসম কন্যা  জিণ্টিমণি কলিতাক উষ্ম আদৰণি জনাইছে৷ 


উল্লেখ্য মহিলাৰ আই পি এলৰ বাবে  সোমবাৰে ভাৰতীয় তাৰকাসকলৰ বাবে  মুম্বাইত নিলাম অনুষ্ঠিত হয়৷  নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় বেটছমেন স্মৃতি মান্ধানাক ৩ কোটি ৪০  লাখ টকাত ক্ৰয় কৰে। মান্ধানাই নিলামত  সৰ্বাধিক মূল্যৰ তাৰকা হিচাবে পৰিগণিত হয়। হৰমনপ্ৰীত কৌৰক মুম্বাই ইণ্ডিয়ানছে ১.৮ কোটি টকাত ক্ৰয় কৰিছে৷ অলৰাউণ্ডাৰ পূজা ভষ্ট্ৰাকাৰ  দৰ উঠে ১.৯ কোটি টকা।ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক   ইউপি ৱাৰিয়ৰ্ছে ২.৬ কোটি টকাত ক্ৰয় কৰে। 

 ১.৯০  কোটি টকাত উইকেট-ৰক্ষক আৰু বেংগলৰ কন্যা ৰিচা ঘোষ নিলাম হয়।  শ্বেফালী বাৰ্মাক   দিল্লীয়ে তেওঁক ২ কোটি টকাত ক্ৰয় কৰে।উল্লেখ্য এই বছৰ মুঠ ৪৪৮ গৰাকী ক্ৰিকেটাৰ নিলাম তালিকাত আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু