--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ক্ষেত্ৰ খনত অসমৰ কেইবাগৰাকীও প্ৰতিভা সম্পন্ন খেলুৱৈৱে দেশ তথা বিদেশত অসমৰ নাম জিলিকাই তুলিছে৷  এইবাৰ মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আন এগৰাকী অসম কন্যাই অসমক ধন্য কৰিলে৷ নাম তেওঁৰ জিণ্টিমণি কলিতা৷


সুদক্ষ বলাৰ হিচাবে জনাজাত  জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত নিয়মীয়াকৈ  ক্ৰিকেট অনুশীলন কৰি গৈছিল৷ জিণ্টিমণিয়ে এটা সময়ত  অসম দলত স্থান লাভ কৰিছিল৷  কেৱল সেয়াই নহয়, পিছলৈ তেওঁ  ভাৰতীয় মহিলা  বি টীমত স্থান লাভ কৰে৷ ইপিনে মুম্বাই ইণ্ডিয়ানছ দলে অসম কন্যা  জিণ্টিমণি কলিতাক উষ্ম আদৰণি জনাইছে৷ 


উল্লেখ্য মহিলাৰ আই পি এলৰ বাবে  সোমবাৰে ভাৰতীয় তাৰকাসকলৰ বাবে  মুম্বাইত নিলাম অনুষ্ঠিত হয়৷  নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় বেটছমেন স্মৃতি মান্ধানাক ৩ কোটি ৪০  লাখ টকাত ক্ৰয় কৰে। মান্ধানাই নিলামত  সৰ্বাধিক মূল্যৰ তাৰকা হিচাবে পৰিগণিত হয়। হৰমনপ্ৰীত কৌৰক মুম্বাই ইণ্ডিয়ানছে ১.৮ কোটি টকাত ক্ৰয় কৰিছে৷ অলৰাউণ্ডাৰ পূজা ভষ্ট্ৰাকাৰ  দৰ উঠে ১.৯ কোটি টকা।ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক   ইউপি ৱাৰিয়ৰ্ছে ২.৬ কোটি টকাত ক্ৰয় কৰে। 

 ১.৯০  কোটি টকাত উইকেট-ৰক্ষক আৰু বেংগলৰ কন্যা ৰিচা ঘোষ নিলাম হয়।  শ্বেফালী বাৰ্মাক   দিল্লীয়ে তেওঁক ২ কোটি টকাত ক্ৰয় কৰে।উল্লেখ্য এই বছৰ মুঠ ৪৪৮ গৰাকী ক্ৰিকেটাৰ নিলাম তালিকাত আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement