--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম চলি আছে। মুম্বাইত চলি থকা এই নিলামত আজি দেশৰ লগতে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰক কোটি টকাতকৈ অধিক দৰত চুক্তিবদ্ধ কৰিছে ফ্ৰেন্সাইজি সমূহে। নিলামত সৰ্বাধিক দৰ লাভ কৰিছে ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মান্ধনাই।

নিলামত প্ৰথমগৰাকী খেলুৱৈ হিচাপে মান্ধনাক ৩.৪ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে ক্ৰয় কৰে। মান্ধানাৰ পাছতে দ্বিতীয় সৰ্বাধিক দৰ লাভ কৰা অষ্ট্ৰেলিয়ান তাৰকা এছলি গাৰ্ডনাৰক গুজৰাট জায়েন্টছে আৰু ইংলেণ্ডৰ নাটালি চাইভাৰক মুম্বাই ইণ্ডিয়ানচে ৩.২ কোটি টকাত নিজ নিজ দলত চুক্তিবদ্ধ কৰে।

ভাৰতীয় অলৰাউণ্ডাৰ দিপ্তী শৰ্মাক ইউপি ৱাৰিৱৰ্জে ২.৬ টকাত ক্ৰয় কৰে। ইফালে কালি পাকিস্তানৰ বিপক্ষে ভাৰতৰ জয়ত মুখ্য ভূমিকা লোৱা জেমিমা ৰড্ৰিগুৱেজক দিল্লী কেপিটেলছে ২.২ কোটি টকাত চুক্তিবদ্ধ কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক ১.৮ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে ক্ৰয় কৰে।

ভাৰতৰ তাৰকা পেচাৰ ৰেণুকা সিঙক ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে ১.৫ কোটি টকাত, শেহতীয়াকৈ ১৯ অনুৰ্ধ বিশ্বকাপত ভাৰতক নেতৃত্ব দি খিতাপ জয় কৰা ভাৰতীয় দলৰ অপেনাৰ শ্বেফালী বাৰ্মাক ২ কোটি টকাত দিল্লী কেপিটেলছে ২ কোটি টকাত, পেচাৰ পূজা ভাষ্ট্ৰেকাৰক ১.৯ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে ক্ৰয় কৰিছে।

আনহাতে ৰিচা ঘোষক বাংগালুৰুৱে ১.৯ কোটি টকাত, য়ষ্টিকা ভাটিয়াক ১.৫ কোটি টকাত মুম্বাই ইণ্ডিয়ানচে, অষ্ট্ৰেলিয়ান তাৰকা এলিছ পেৰীক বাংগালুৰুৱে ১.৭ কোটি টকাত, ইংলেণ্ডৰ ছফী এক্লেষ্টনক ১.৮ কোটি টকাত ইউপি ৱাৰিৱৰ্জ, বেথ মুনীক গুজৰাট জায়েন্টছে ২ কোটি টকাত ক্ৰয় কৰিছে।

এইসকলৰ উপৰিও দেশ তথা বহি:দেশৰ কেইবাগৰাকীও ক্ৰিকেটাৰ এইপৰ্যন্ত নিলামত বিক্ৰী হৈছে। উল্লেখ্য যে, উদ্বোধনী বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামৰ বাবে মুঠ ১৫২৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল যদিও চূড়ান্ত তালিকাত ৪৪৯ গৰাকী খেলুৱৈক স্থান দিয়া হয়।

মূল তালিকাত থকা ৪৪৯ গৰাকী খেলুৱৈৰ ভিতৰত ২৪৬ গৰাকী ভাৰতীয় আৰু ১৬৩ গৰাকী বহিঃদেশৰ খেলুৱৈ। মুঠ পাঁচটা ফ্ৰেন্সাইজি ক্ৰমে ইউ পি ৱাৰিৱৰ্জ, দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে খেলুৱৈ ক্ৰয়ৰ বাবে সৰ্বোচ্চ ১২ কোটি টকাকৈ বিনিয়োগ কৰিব পাৰিব।

নিলামত মুঠ ৯০ জন খেলুৱৈক নিলাম কৰা হ’ব। প্ৰতিটো ফ্ৰেঞ্চাইজিত নূন্যতম ১৫ গৰাকী আৰু সৰ্বাধিক ১৮ গৰাকী খেলুৱৈ থাকিব। নিলাম হ’বলগীয়া ৯০ গৰাকী খেলুৱৈৰ ভিতৰত ৩০ গৰাকী সহযোগী ৰাষ্ট্ৰকে ধৰি বহিঃদেশৰ খেলুৱৈৰ বাবে সংৰক্ষণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু