--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই সলনি হ’বলৈ ধৰিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ অচিৰেই ৰাজ্যৰ ৰাজনীতিত আহিব পাৰে বৰভূইকঁপ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বাবে সুসংবাদ কঢ়িয়াই অগপ, গণশক্তি, বিপিএফৰ কেইবাগৰাকীও শীৰ্ষনেতাই যোগদান কৰিব কংগ্ৰেছত৷ এই খবৰে স্বাভাৱিকতে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্ৰ ধুমুহাৰ৷

আঞ্চলিক ৰাজনীতিৰ লগত জড়িত বহুনেতাই কংগ্ৰেছত যোগদান কৰিব বুলি সদৰী কৰিছে স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অক্টোবৰৰ প্ৰথম সপ্তাহতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলে কংগ্ৰেছত যোগদান কৰিব বুলি বাতৰি প্ৰকাশ পাইছে৷ 

কিন্তু, কিয় এই অসন্তুষ্টি? শেহতীয়াকৈ দেখা গৈছে ৰাজ্যিক বিজেপিৰ ভিতৰে-বাহিৰে গঢ় লৈ উঠিছে বিদ্ৰোহ-বিসম্বাদ৷ দল আৰু চৰকাৰৰ সকলো ক্ষমতা কুক্ষিগত কৰিছে মুষ্টিমেয় কেইগৰাকীমান নেতা-মন্ত্ৰীয়ে৷ 

বিজেপিলৈ আগমন ঘটা প্ৰাক্তন কংগ্ৰেছী নেতাসকলৰ আগ্ৰাসী ৰাজনীতিয়ে সংকট নমাই আনিছে দলটোৰ জ্যেষ্ঠ তথা পুৰণি নেতাসকললৈ৷ আৰু তাৰ বাবেই বিজেপিত বিসম্বাদৰ ৰেহৰূপ দেখা গৈছে সৰ্বত্ৰ৷ 

অগপ, গণশক্তি ইত্যাদি মিত্ৰশক্তিকো বিজেপিৰ ৰাজনীতিয়ে অচল মুদ্ৰাত পৰিণত কৰি পেলাইছে৷ তেনেসময়ত একাংশ নেতা ৰাজনৈতিকভাবেই সংকটত পৰিছে৷ আৰু সেয়ে হয়তো কংগ্ৰেছত যোগদান কৰিবলৈ এনে একাংশ নেতাই৷ আৰু যদি এয়াই হয়, তেন্তে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ বাবে এয়া হ’ব বৃহৎ ক্ষতি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু