--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই সলনি হ’বলৈ ধৰিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ অচিৰেই ৰাজ্যৰ ৰাজনীতিত আহিব পাৰে বৰভূইকঁপ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বাবে সুসংবাদ কঢ়িয়াই অগপ, গণশক্তি, বিপিএফৰ কেইবাগৰাকীও শীৰ্ষনেতাই যোগদান কৰিব কংগ্ৰেছত৷ এই খবৰে স্বাভাৱিকতে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্ৰ ধুমুহাৰ৷

আঞ্চলিক ৰাজনীতিৰ লগত জড়িত বহুনেতাই কংগ্ৰেছত যোগদান কৰিব বুলি সদৰী কৰিছে স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অক্টোবৰৰ প্ৰথম সপ্তাহতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলে কংগ্ৰেছত যোগদান কৰিব বুলি বাতৰি প্ৰকাশ পাইছে৷ 

কিন্তু, কিয় এই অসন্তুষ্টি? শেহতীয়াকৈ দেখা গৈছে ৰাজ্যিক বিজেপিৰ ভিতৰে-বাহিৰে গঢ় লৈ উঠিছে বিদ্ৰোহ-বিসম্বাদ৷ দল আৰু চৰকাৰৰ সকলো ক্ষমতা কুক্ষিগত কৰিছে মুষ্টিমেয় কেইগৰাকীমান নেতা-মন্ত্ৰীয়ে৷ 

বিজেপিলৈ আগমন ঘটা প্ৰাক্তন কংগ্ৰেছী নেতাসকলৰ আগ্ৰাসী ৰাজনীতিয়ে সংকট নমাই আনিছে দলটোৰ জ্যেষ্ঠ তথা পুৰণি নেতাসকললৈ৷ আৰু তাৰ বাবেই বিজেপিত বিসম্বাদৰ ৰেহৰূপ দেখা গৈছে সৰ্বত্ৰ৷ 

অগপ, গণশক্তি ইত্যাদি মিত্ৰশক্তিকো বিজেপিৰ ৰাজনীতিয়ে অচল মুদ্ৰাত পৰিণত কৰি পেলাইছে৷ তেনেসময়ত একাংশ নেতা ৰাজনৈতিকভাবেই সংকটত পৰিছে৷ আৰু সেয়ে হয়তো কংগ্ৰেছত যোগদান কৰিবলৈ এনে একাংশ নেতাই৷ আৰু যদি এয়াই হয়, তেন্তে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ বাবে এয়া হ’ব বৃহৎ ক্ষতি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ